মহানগৰীৰ মছজিদত স্বাস্থ্য পৰীক্ষা–ছেনিটাইজাৰ ব্যৱহাৰ

ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ প্রয়াস

নিয়মীয়া বার্তা, ২১ মার্চঃ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত ক’ৰোনা ভাইৰাছৰ আতংক বিৰাজ কৰিছে ৷ মাৰাত্মক ভাইৰাছৰ সংক্রমণ ৰোধ কৰিবলৈ চৰকাৰ–প্রশাসনে বিভিন্ন পদক্ষেপ গ্রহণ কৰি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ৷ চৰকাৰ–প্রশাসনৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ইতিমধ্যে মহানগৰীৰ চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানসমূহত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে মাস্ক পৰিধান আৰু অন্যান্য স্বাস্থ্যসন্মত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হৈছে ৷ একেদৰে ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠান ধর্মপ্রাণ ৰাইজে এই মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা নিজৰ লগতে সমাজখনক ৰক্ষা কৰিবলৈ বিহিত ব্যৱস্থা গ্রহণ কৰা দেখা গৈছে ৷ শুকুৰবাৰে মহানগৰীৰ বিভিন্ন প্রান্তৰ মছজিদসমূহতো পৰম্পৰাগত শুকুৰবাৰৰ নামাজৰ পূর্বে ইছলাম ধর্মাৱলম্বী লোকসকলে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ প্রতি লক্ষ্য ৰাখি মাস্ক পৰিধান কৰাৰ লগতে ছেনিটাইজাৰৰ জৰিয়তে হাত পৰিষ্কাৰ কৰা পৰিলক্ষিত হয় ৷ পৱিত্র শুকুৰবাৰৰ নামাজৰ পূর্বে পৰম্পৰা অনুসৰি ইছলাম ধর্মাৱলম্বী লোকসকলে হাত–মুখ পৰিষ্কাৰ (অজু) কৰি নামাজ আৰম্ভ কৰাৰ পূর্বে সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা প্রতিজন লোকক হেণ্ড ছেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰিবলৈ আহ্বান জনায় ৷ বিশেষকৈ কাহিলিপাৰাৰ দক্ষিণগাঁও শ্বাহী জামে মছজিদৰ ইমামে এই মাৰাত্মক ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ প্রতি লক্ষ্য ৰাখি মছজিদত ছেনিটাইজাৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ অৱশ্যে মহানগৰীৰ আন একাংশ মছজিদতো শুকুৰবাৰৰ সমূহীয়া নামাজৰ পূর্বে সকলোৱে মাস্ক পৰিধান কৰি প্রৱেশ কৰাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰে ৷

Comments (0)
Add Comment