লকডাউনৰ সুযোগ লৈছে মুনাফাখোৰ বণিয়াই

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ হোৰাহোৰে মূল্যবৃদ্ধিঃ যোগান বিভাগ-প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা

নিয়মীয়া বাৰ্তা ৪ এপ্ৰিলঃ বিশ্বজুৰি আতংক সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিনৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে গৃহবন্দী হৈ পৰিছে
জনতা। লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় আৰু জৰুৰী কালীন সেৱাসমূহ খোলা ৰখাৰ নিৰ্দেশে জাৰি কৰিছিল কেন্দ্ৰীয় চৰকাৰে। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী দাম হোৰাহোৰে বৃদ্ধি কৰি
মুনাফা লুটিছে একাংশ অসাধু ব্য়ৱসায়ীয়ে। মুনাফাখোৰ ব্য়ৱসায়ীয়ে চাউল দাইল আলু, পিঁয়াজৰ লগতে অত্য়াশ্য়কীয় খাদ্য সামগ্ৰীৰ কৃত্ৰিম নাটনিৰে মূল্য়বৃদ্ধি ঘটাই গ্ৰাহকক মাধমাৰ
শোধাইছে। লকডাউনৰ পিছতে মহানগৰীৰ বজাৰত ২০ টকীয়া আলু ৩০-৪০ টকা, ২৫ টকীয়া পিঁয়াজ ৪০-৫০টকা, ৬৫ টকাৰ দাইল ৮০-৯০ টকাত বিক্ৰী কৰিছে। আনহাতে শাক-পাচলিৰ
বজাৰত প্ৰতি কিলোগ্ৰামত ২০ টকাৰ ফুলকবি ৬০ৰ পৰা ৮০ টকা, ২০ টকাৰ বিলাহী ৬০ৰ টকা ৮০ টকা. ৩০-৪০ টকাৰ তিয়ঁহ ৮০ টকা, ২০ টকীয়া স্কোৱাচ ৬০ টকা, ৬০ টকাৰ জলকীয়া ২০০
টকাকৈ বিক্ৰী কৰি মুনাফা লুটিছে পাচলিৰ ব্য়ৱসায়ীয়ে। জিলা প্ৰশাসনে শাক-পাচলি যোগানৰ ব্য়ৱস্থা কৰিছিল যদিও লকডাউন উলংঘা কৰি সামাজিক দূৰত্ব বজাই নাৰাখি একাংশ গ্ৰাহকে
বজাৰত ভিৰ কৰাত মুখ্য়মন্ত্ৰীয়ে শাক-পাচলিৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে। ইয়াৰ পিছতে প্ৰশাসনে ঘৰে ঘৰে গৈ শাক-পাচলি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ক’ৰোনা
ভাইৰাছৰ বন্ধ ৰাখিবলগীয়া হয়। শাক-পাচলিৰ যোগান প্ৰশাসনে বন্ধ কৰি দিয়াত একাংশ ব্য়ৱসায়ীয়ে বিগত তিনিটা দিনত শাক-পাচলিৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি কৰিছে। খাদ্য আৰু
অসামৰিক যোদান বিভাগ আৰু জিলা প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে   অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে শাক পাচলিৰ দাম তিনি-চাৰিগুণ বৃদ্ধি কৰি আহিছে। এনে
অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিলক্ষিত হোৱা নাই। আনহাতে, গোলামালৰ দোকান খোলা ৰখাৰ সুযোগ লৈ নিশাৰ ভিতৰতে একাংশ গেলামালৰ
দোকান খোলাৰ সুযোগ লৈ নিশাৰ ভিতৰতে একাংশ ব্যৱসায়ীয়ে গুমটিৰ দোকানকে গেলামালৰ দোকানলৈ ৰূপান্তৰিত কৰি চৰকাৰী নীতি-নিৰ্দেশনা উলংঘাৰে খোলা ৰাখিছে। এনে গুমটিৰ
দোকানত তিনি চাৰিগুণ দামত চিগাৰেট, গুটখা, পাণমচলা আদি গ্ৰাহকক বিক্ৰী কৰি অহা পৰিলক্ষিত হৈছে। অসাধু ব্যৱসায়ীয়ে প্ৰতি পেকেট ছিগাৰেটত ৫০ পৰা ১০০ টকালৈকে মূল্যবৃদ্ধি কৰি বিক্ৰী কৰি আহিছে। ২৫ টকীয়া ৰজনীগন্ধাৰ পেকেট ৪০-৫০ টকাত, ১০ টকীয়া কমলা পচন্দ, শিখৰ, ছিগনেছাৰ ২০-২৫ টকাত বিক্ৰী কৰি আহিছে।

Comments (0)
Add Comment