সান্ধ্য আইনৰ সুযোগ লৈ গুৱাহাটীত মুনাফা লুটিছে ব্যৱসায়ীয়ে

কেববিৰোধী প্রতিবাদত স্তব্ধ জনজীৱন

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পাছৰে পৰা ক্রমাৎ তীব্রতৰ হৈ পৰিছে জনতাৰ প্রতিবাদ ৷ কেব বাতিলৰ দাবীত সান্ধ্য আইন উলংঘা কৰি ৰাজপথলৈ ওলাই আহিছে প্রতিবাদী জনতা ৷

যুদ্ধসদৃশ পৰিৱেশত পণবন্দী হৈ পৰিছে গুৱাহাটী মহানগৰবাসী ৷ বিগত তিনি দিন ধৰি গুৱাহাটীৰ দোকান–পোহাৰ, বজাৰ–সমাৰ বন্ধ হৈ পৰাত খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিশেষকৈ একাংশ লোকে শিশু খাদ্যকে ধৰি অত্যাৱশ্যকীয় খাদ্যসামগ্রী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৷

ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে শাক–পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্যসামগ্রী চৰা দামত বিক্রী কৰি মুনাফা লুটিছে ৷ গ্রাহকসকলেও বিগত তিনি দিন ধৰি খাদ্যসামগ্রী ক্রয় কৰিব নোৱাৰি ব্যৱসায়ীৰ পৰা তিনি–চাৰি গুণ অধিক দামত শাক–পাচলি আৰু অন্যান্য অত্যাৱশ্যকীয় খাদ্যসামগ্রী ক্রয় কৰিবলৈ বাধ্য হৈছে ৷

Featured
Comments (0)
Add Comment