সীজুবাৰীত ৪৫৭ বটল কফ ছীৰাপ উদ্ধাৰঃ ধৃত এক

নিয়মীয়া বার্তা, ১৮ মার্চঃ হাতীগাঁৱৰ সীজুবাৰীত আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই মঙলবাৰে হেল্থ মেডিকোজ নামৰ ফার্মাচীৰ পৰা ৪৫৭ বটল নিষিদ্ধ কফ ছীৰাপ জব্দ কৰাৰ লগতে ফার্মাচীৰ গৰাকী আবুবক্কৰ ছিদ্দিকি নামৰ লোকজনক আটক কৰে ৷ আৰক্ষী সূত্রে জানিব পৰা মতে ধৃত ব্যৱসায়ীজনে দীর্ঘদিন ধৰি অনুজ্ঞাপত্র অবিহনে ফার্মাচী চলাই আছিল ৷ এই ফার্মাচীখনত নিষিদ্ধ কফ ছীৰাপকে ধৰি ড্রাগছৰ অবৈধ বেহা চলাই আছিল ৷ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পম খেদি মঙলবাৰে উক্ত ফার্মাচীৰ পৰা ৪৫৭ বটল নিষিদ্ধ ক’ডেইন কফ ছীৰাপ জব্দ কৰে ৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে অপৰাধ অনুসন্ধান শাখাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱর্তী সময়ত এই সন্দর্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্রে জানিবলৈ দিছে ৷

Comments (0)
Add Comment