হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহত ছিণ্ডিকেটঃ পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজি

গুৱাহাটী পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰে গোপন বুজাবুজিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত বছৰৰ পিছত বছৰ ধৰি হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহৰ নামত এটা অসাধু চক্রই ছিণ্ডিকেট চলাই থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে ৷ গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা মাংসৰ ব্যৱসায়ীৰ পৰা পেলনীয়া আৱর্জনা সংগ্রহৰ নামত এই চক্রটোৱে কোটি কোটি টকাৰ ব্যৱসায় চলাই আহিছে ৷ মাংসৰ ব্যৱসায়ীৰ পৰা আৱর্জনা সংগ্রহৰ নামত এটকাও ৰাজহ পোৱা নাছিল গুৱাহাটী পৌৰ নিগমে ৷ প্রথমবাৰৰ বাবে হাঁহ–কুকুৰাৰ পেলনীয়া অংশসমূহ সংগ্রহৰ বাবে মুকলি নিবিদা প্রকাশ কৰাৰ পিছতে ছিণ্ডিকেট চক্রটোৰ তথ্য পোহৰলৈ আহে ৷

এই ছিণ্ডিকেট চক্রটোৱে হাঁহ–কুকুৰাৰ পেলনীয়া অংশ গাহৰিৰ ফার্ম আৰু মৎস্য পালনত ব্যৱহাৰ কৰাৰ বাবে প্রতিদিনে ৫০ৰ পৰা ৬০খন গাড়ীৰে আৱর্জনা সংগ্রহ কৰি আহিছিল ৷ জিএমচি কর্তৃপক্ষই ১ৰ পৰা ১৫নং ৱার্ড আৰু ১৬ৰ ৩১নং ৱার্ডলৈ দুটা ভাগত ভাগ কৰি নিবিদা প্রকাশ কৰাৰ পিছতে ছিণ্ডিকেট চক্রটোৰ সদস্যকে ধৰি মুঠ ১২গৰাকীয়ে নিবিদা দাখিল কৰে ৷ জি এম চি কর্তৃপক্ষই সাত মাহৰ বাবে ৫০ হাজাৰ টকা ধার্য কৰি নিবিদাৰ বিজ্ঞাপন প্রকাশ কৰে ৷ ইয়াৰ পিছতে এই ছিণ্ডিকেট চক্রটো চলাই থকা প্রভাস পাটোৱাৰীয়ে সাত মাহৰ বাবে ১৬ৰ পৰা ৩১নং ৱার্ডত হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহৰ নামত ১৯ লাখ ৮৫ হাজাৰ ২০০ টকাৰ সর্বাধিক নিবিদা দাখিল কৰে ৷ আনহাতে, ১ৰ পৰা ১৫নং ৱার্ডত হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহৰ বাবে নৱজ্যোতি কলিতাই ৫ লাখ ৮৫ হাজাৰ ২০০ টকাৰ সর্বাধিক নিবিদা দাখিল কৰে ৷

জি এম চি কর্তৃপক্ষই নীতি–নিয়ম অনুসৰি প্রভাস পাটোৱাৰী আৰু নৱজ্যোতি কলিতাক মহানগৰীত হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহৰ অনুমতি দিয়ে ৷ ১৫ ছেপ্টেম্বৰৰ পৰা চলিত বর্ষৰ ৩১ মার্চলৈ হাঁহ–কুকুৰা পেলনীয়া অংশ সংগ্রহৰ দায়িত্ব লাভ কৰিয়ে প্রভাস আৰু নৱজ্যোতিয়ে প্রতিখন গাড়ীৰ পৰা মাহে ৫০ হাজাৰকৈ টকা গুণ্ডাকৰ তোলাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি গুণ্ডাকৰ আদায় নিদিয়া বাহনসমূহক আৱর্জনা সংগ্রহ কৰিবলৈ গুৱাহাটীলৈ সোমাবলৈ দিয়া নাই ছিণ্ডিকেট চক্রটোৱে ৷ হাঁহ–কুকুৰাৰ পেলনীয়া আৱর্জনা সংগ্রহ কৰিবলৈ অহা বাহনসমূহ যোৰাবাটত আৰক্ষীৰ সহযোগত আবদ্ধ কৰি ৰাখি ৫০ হাজাৰ টকা আদায় দিবলৈ বাধ্য কৰিছে ৷ জিএমচি কর্তৃপক্ষই হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহৰ বাবে কেতবোৰ নীতি–নির্দেশনাও জাৰি কৰিছিল ৷ কিন্তু জিএমচিৰ একাংশ অসাধু বিষয়া–কর্মচাৰীক মেনেজ কৰি নীতি–নির্দেশনা উলংঘা কৰি পেলনীয়া অংশসমূহ সংগ্রহ কৰি আহিছে ৷

নিয়ম অনুসৰি হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহৰ সময়ত ডাষ্টবিন, জেকেট, হাতমোজা পৰিধান কৰাটো বাধ্যতামূলক ৷ ইয়াৰ উপৰি আৱর্জনা সংগ্রহৰ বাবে নিয়োগ কৰা কর্মচাৰীয়ে সকলোৱে দেখাকৈ আইকার্ড পৰিধান কৰিব লাগিব ৷ সংগ্রহ কৰা আৱর্জনাসমূহ নীতি–নিয়ম অনুসৰি গুৱাহাটীৰ বাহিৰলৈ নি পেলোৱাৰ লগতে বহুকেইটা নীতি–নির্দেশনা জাৰি কৰিছিল ৷ কিন্তু জিএমচিৰ নীতি–নির্দেশনা উলংঘা কৰি ছিণ্ডিকেট চক্রটোৱে মহানগৰীৰ পৰা হাঁহ–কুকুৰাৰ পেলনীয়া অংশ সংগ্রহ কৰি আহিছে ৷ এই ছিণ্ডিকেট চক্রটোৰ বিৰুদ্ধে জিএমচি কর্তৃপক্ষ আৰু জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

Featured
Comments (0)
Add Comment