১৮ বছৰৰ মূৰত গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন

মার্চত নির্বাচন, এপ্রিলত নতুন কমিটীয়ে ল’ব দায়িত্ব

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ সুদীর্ঘ ১৮ বছৰ পাছত গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত হ’ব ৷ অহা মার্চ মাহৰ মাজভাগত এই নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ শনিবাৰে গুৱাহাটী প্রেছ ক্লাবৰ ৭৬গৰাকী সদস্যৰ স্বাক্ষৰসম্বলিত এখন স্মাৰক–পত্র জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ নাথ, গালিবুৰ ৰহমান, সঞ্জয় ৰায়, গৌৰৱজ্যোতি নেওগ, উৎপল বৰুৱা, প্রশান্ত প্রতিম দত্তৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে সভাপতি সঞ্জীৱ কুমাৰ ফুকন আৰু সম্পাদক নৱ ঠাকুৰীয়াক প্রদান কৰে ৷ স্মাৰক–পত্র গ্রহণ কৰি সম্পাদক নৱ ঠাকুৰীয়াই চলিত বর্ষৰ মার্চ মাহত নির্বাচন অনুষ্ঠিত কৰাৰ প্রতিশ্রুতি দিয়ে ৷ লগতে তেওঁ ২০ ফেব্রুৱাৰীৰ ভিতৰত নতুন সদস্যভর্তি আৰু নৱীকৰণ প্রক্রিয়া সম্পূর্ণ কৰাৰো আশ্বাস দিয়ে ৷ নতুন কমিটীয়ে অহা এপ্রিলৰ আৰম্ভণিতে কার্যভাৰ গ্রহণ কৰিব বুলিও সঁজাতী দলটোক নৱ ঠাকুৰীয়াই অৱগত কৰে ৷ স্মাৰক–পত্রখনৰ প্রতিলিপি উপ–সভাপতি ৰবি শংকৰ ৰবি, কোষাধ্যক্ষ সবিতা লহকৰ, সহকাৰী সাধাৰণ সম্পাদক সৌৰভ কুমাৰবৰালৈও প্রেৰণ কৰা হয় ৷

উল্লেখ্য যে ২০০৩ চনতেই অন্তিমবাৰৰ বাবে গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত হৈছিল ৷ উক্ত বর্ষত সম্পাদক ৰূপে নৱ ঠাকুৰীয়াই কার্যভাৰ গ্রহণ কৰাৰ পাছত বিগত ১৭ বছৰে গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত কৰা নাছিল ৷ এই ১৭টা বছৰত কার্যনির্বাহক সভা, হিচাপ–নিকাচো আজিলৈকে দাখিল নকৰিলে ৷ গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত কৰাৰ বাবে বিগত কেইবাবছৰ ধৰি সম্পাদক ঠাকুৰীয়াক প্রেছ ক্লাবৰ সদস্যই মৌখিকভাৱে দাবী জনাই আহিছিল ৷ সম্পাদক ঠাকুৰীয়াই নির্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস প্রদান কৰাৰ পাছতো গোটেই বিষয়টো উপেক্ষা কৰি আহিছিল ৷ যাৰ বাবে সাংবাদিক সমাজৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল ৷ ডেৰ দশকতকৈও অধিক কাল পাছত গুৱাহাটী প্রেছ ক্লাবত গণতান্ত্রিক প্রক্রিয়াৰে নির্বাচন অনুষ্ঠিত হ’বলৈ ওলোৱাত গুৱাহাটীৰ লগতে ৰাজ্যৰ সাংবাদিক আৰু সংবাদ কর্মীসকলে সন্তোষ প্রকাশ কৰিছে । ইপিনে, নতুন সদস্য ভর্তি আৰু সদস্যৰ নবীকৰণৰ বাবে ইতিমধ্যে প্রক্রিয়া আৰম্ভ কৰা হৈছে ৷

Comments (0)
Add Comment