৬ ডিচেম্বৰৰ পৰা চতুৰ্থ গুৱাহাটী থিয়েটাৰ মহোৎসৱ

মঞ্চস্থ হ'ব ৰাকেশ বেদীৰ বহুল চৰ্চিত "নাট পট্টে খুল গয়ে"

গুৱাহাটী ১৫ নৱেম্বৰঃ তিনিটাকৈ সফল সংস্কৰণৰ পিছত অহা ৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেল, ২০১৯। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলযোগে এই কথা সদৰি কৰে থিয়েটাৰ ফেষ্টিভেলৰ উদ্যোক্তা তথা গুৱাহাটীৰ আগশাৰীৰ ইংৰাজী সাপ্তাহিক জিপ্লাছ ৰ সম্পাদক স্বপ্নীল ভৰালীয়ে। গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত এইবাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ সামৰণি পৰিব ৮ ডিচেম্বৰত। এই তিনিদিনীয়া থিয়েটাৰ ফেষ্টিভেলত মঞ্চস্থ হ’ব ৩খন ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অতি উচ্চ প্ৰশংসিত মঞ্চনাট। থিয়েটাৰ ফেষ্টিভেলৰ প্ৰথমটো দিনতে মঞ্চস্থ হব জনপ্ৰিয় ৰাকেশ বেদীৰ বহুল চৰ্চিত “নাট পট্টে খুল গয়ে”। হিন্দী ভাষাৰ এই নাটক খনত অভিনয় কৰিছে ৰাকেশ বেদীৰ লগতে প্ৰবীণ নাট্যশিল্পী অভিজিৎ দত্ত, অনন্ত মহাদেৱন আদিয়ে। থিয়েটাৰ ফেষ্টিভেলৰ দ্বিতীয় দিনা মঞ্চস্থ হ’ব দ্বিভাষিক নাট দ্য ডেভিল ৱেৰচ বাটা। এই নাটত অভিনয় কৰিব ডানিছ ইৰাণী, ছাজিল পৰখ, দিলনাজ ইৰাণী, ডৰিয়াছ শ্ৰুফ আদিয়ে। নাটৰ পৰিচালনা মেহেৰজাদ পেটেলৰ। চতুৰ্থ গুৱাহাটী থিয়েটাৰ ফেষ্টিভেলৰ অন্তিম দিনা মঞ্চস্থ হ’ব ইতিমধ্যেই দেশজুৰি সমাদৃত তথা প্ৰায় ১৬ বছৰৰ পিছত মঞ্চ অভিনয়ৰ মাজলৈ উভতি অহা বিশিষ্ট অভিনেতা আমোল পালেকাৰ পৰিচালিত, অভিনীত নাট “কছুৰ-দ্য-মিছটেক”। হিন্দী ভাষাৰ এই থ্ৰিলাৰ নাটেৰে সামৰণি পৰিব থিয়েটাৰ ফেষ্টিভেলৰ। বৃহস্পতিবাৰৰ সংবাদমেলত থিয়েটাৰ ফেষ্টিভেলৰ অধ্যক্ষ সুনীত জৈন, অবিনাশ শৰ্মা উপস্থিত থাকে।

6 DECEMBERGUWAHATIথিয়েটাৰ ফেষ্টিভেল