ৰঙা পিক ৰোধিবলৈ ডিভাইদাৰত পলিথিন

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰক আদৰিবলৈ আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰীক । যুদ্ধকালীন তৎপৰতাৰে জি এম চি, জি এম ডি এ আৰু জিলা প্ৰশাসনকে ধৰি বিভিন্ন বিভাগে দিনে-নিশাই পথ-উপপথসমূহত চূণ-তেল সানি সজাই-পৰাই তুলিছে । কিন্তু একাংশ কাণ্ডজ্ঞানহীন মহানগৰবাসীয়ে পথৰ ডিভাইদাৰ, পথ-উপপথত লগোৱা এই চূণ-তেলৰ ওপৰতে মুখৰ ৰঙা পিকেৰে নিজৰ প্ৰতিভা দেখুৱাই আহিছে । যাৰ বাবে বুধবাৰে উপায়ন্তৰ হৈ বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা ডিভাইদাৰ সমূহত লগোৱা হ’ল পলিথিন । কিন্তু ৰঙে-ৰূপে সজোৱা মহানগৰখনিক কিমান দিনলৈ এনেদৰে আৱৰি ৰাখিব মহানগৰ প্ৰশাসনে সেয়া হ’ব লক্ষণীয় ।

Featured