৪ দিনৰ অন্তত হত্যাকাণ্ডৰ কথা স্বীকাৰ কেয়াৰটেকাৰ আকাশৰ

মাটি–সম্পত্তি নহয়, পাৰিবাৰিক সংঘাত

নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ  বেলতলাৰ চন্দন নগৰত ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ হত্যাকাণ্ড সম্পত্তিকেন্দ্রিক বুলি চর্চিত হৈ থকাৰ সময়তে কেয়াৰটেকাৰ আকাশে আৰক্ষীৰ জেৰাত হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে৷ আৰক্ষীৰ মাৰাথন জেৰাত চাৰি দিনৰ অন্তত বৰুৱা দম্পতীক হত্যা কৰা বুলি আকাশে স্বীকাৰ কৰি মাটি–সম্পত্তিৰ বাবে নহয়, আন কাৰণতহে হত্যা কৰা বুলি স্বীকাৰোক্তি দিছে৷ শুকুৰবাৰে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই সংবাদ মাধ্যমৰ আগত অভিযুক্ত হত্যাকাৰী আকাশে অকলেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সদৰী কৰে৷ যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে কি কাৰণত কেয়াৰটেকাৰ আকাশে বৰুৱা দম্পতীক হত্যা কৰিলে, সেই কথা ৰাজহুৱা কৰা নাই৷ লগতে আকাশৰ পত্নী পুতু দাস এই হত্যাকাণ্ডৰ লগত জড়িত নহয় বুলিও যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ মহানগৰ আৰক্ষীয়ে বৈজ্ঞানিক পদ্ধতিৰে হত্যাকাণ্ডৰ তদন্ত কৰি আকাশৰ বিৰুদ্ধে বহু তথ্য লাভ কৰিছে৷ পটাগুটিৰে মৰিয়াই বৰুৱা দম্পতীক আকাশে শোৱাপাটীতে হত্যা কৰিছিল৷ এই লোমহর্ষক হত্যাকাণ্ডৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে৷

ইফালে আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি পাৰিবাৰিক সংঘাতৰ বাবেই কেয়াৰটেকাৰ আকাশে বৰুৱা দম্পতীক হত্যা কৰিছিল৷ আকাশৰ স্বীকাৰোক্তিত পোহৰলৈ আহিছে ভোগবাদী সমাজ ব্যৱস্থাৰ বহু অবাঞ্ছিত সত্য৷ অৱশ্যে ন্যায় ব্যৱস্থাই এই তথ্যসমূহৰ সত্যতা নিৰূপণ কৰিব৷ এইপর্যন্ত আৰক্ষীয়ে ৰাজহুৱাভাৱে হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য ৰাজহুৱা নকৰিলেও পাৰিবাৰিক সংঘাতৰ বাবেই যে আকাশে এই লোমহর্ষক হত্যাকাণ্ড সংঘটিত কৰিছিল, সেয়া ক্রমান্বয়ে পোহৰলৈ আহিছে৷ লক্ষণীয় যে সৰুৰে পৰা বৰুৱা দম্পতীৰ ঘৰত নিজৰ জীয়ৰীৰ দৰেই আছিল আকাশৰ পত্নী পুতু দাস৷ পিছলৈ পুতুৰ সৈতে আকাশৰ প্রেমৰ সম্পর্ক গঢ় লৈ উঠাত বৰুৱা দম্পতীয়ে দুয়োকে বিয়া পাতি দি নিজৰ চৌহদতে আশ্রয় দিছিল৷ ইয়াৰ উপৰি আকাশ আৰু পুতুৰ দুই জীয়ৰীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুওৱাৰ খৰচ বহন কৰিছিল বৰুৱা দম্পতীয়ে৷

কেৱল সিমানেই নহয়, কেয়াৰটেকাৰ আকাশ আৰু পুতুক মাটিও কিনি দিছিল৷ ১৮–২০ বছৰ ধৰি বৰুৱা দম্পতীৰ ঘৰত কেয়াৰটেকাৰ হিচাপে থকা আকাশে এই লোমহর্ষক হত্যাকাণ্ড সংঘটিত কৰা বুলি স্বীকাৰোক্তি দিয়াৰ পাছতেই সমগ্র ঘটনাটোৱে নতুন মোৰ লৈছে৷ কেয়াৰটেকাৰ আকাশৰ নৃশংসতাৰ বলি হোৱা বৰুৱা দম্পতীৰ ঘটনাটোক লৈ মহানগৰীত অকলশৰে বসবাস কৰা লোকসকলৰ মাজলৈও ভয় আৰু শংকা নামি আহিছে৷ আনহাতে, আকাশৰ পত্নী পুতু দাসকো আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ফৰেনছিক, মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন লাভ কৰিলেই এই হত্যাকাণ্ডৰ অন্তৰালৰ সকলো তথ্য ৰাজহুৱা কৰিব৷