আজাৰাত পথ দুর্ঘটনাত বাইক চালকৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ  আজাৰা থানাৰ অন্তর্গত ৰাজধৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত যোৱানিশা এটা ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়৷ ফলত এজন লোকৰ থিতাতে মৃত্যু হয়৷ আৰক্ষী সূত্রে জানিব পৰা মতে, যোৱানিশা ১২.১০ বজাত জালুকবাৰীৰ পৰা মির্জা অভিমুখে আহি থকা এছ–০১–এমচি–৫৮৪৪ নম্বৰৰ মিনি টিপ্পাৰ (ডাম্পাৰ) এখনে একে দিশৰ পৰা গৈ থকা এছ–০১–ডিপি–৬০৭৫ নম্বৰৰ ৰয়েল এনফিল্ড বুলেটখনক পিছফালৰ পৰা খুন্দিয়াই বহুদূৰ চোঁচৰাই ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ বাঁওফালৰ পৰা ডিভাইডাৰ পাৰ হৈ সোঁফালে আনে৷ ফলত থিতাতে নিহত হয় বাইক চালকজন৷ লগে লগে আজাৰা যান–বাহন শাখাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত ব্যক্তিজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে আৰু দুর্ঘটনা সংঘটিত কৰা মিনি টিপ্পাৰ (ডাম্পাৰ)খন জব্দ কৰি থানালৈ নিয়ে৷ ইফালে, দুর্ঘটনা সংঘটিত কৰিয়ে চালক পলায়ন কৰে৷ আনহাতে, নিহত বাইক চালকজন পলাশবাৰী থানাৰ অন্তর্গত বৰকুছি গাঁৱৰ মহেশ্বৰ দাসৰ পুত্র হিতেশ দাস (৪২) বুলি আৰক্ষীয়ে চিনাক্ত কৰে৷ মৃত হিতেশ দাসে পত্নীৰ লগতে দুজনী কন্যা সন্তান আৰু বহু আত্মীয়–স্বজনক এৰি থৈ যায়৷ পথ দুর্ঘটনাত মৃত দাসৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহ বৰকুছি গাঁৱলৈ অনাৰ লগে লগে এক শোকাকুল পৰিৱেশ বিৰাজ কৰে৷