ৰাজ্যৰ দীৰ্ঘতম উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ আজি আধাৰশিলা স্থাপন কৰা হয় ৰাজ্যৰ আটাইতকৈ দীঘল উৰণীয়া সেঁতুৰ। মহানগৰীৰ মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈকে ২,৯৯২ মিটাৰ দৈঘ্যৰ এই উৰণীয়া সেতুখনৰ নিৰ্মাণত ব্যয় হ’ব৪২০.৭৫কোটি টকা ৷ ৩৬ মাহৰ ভিতৰত এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি উলিওৱা হ’ব।

ইয়াৰ লগতে তেজপুৰৰ মিছনচাৰিআলিটো নিৰ্মাণ কৰা হ’ব আনএখন উৰণীয়া সেতু। যানযঁটৰ সমস্যা সমাধানৰ বাবেই এই সিদ্ধানত গ্ৰহণ কৰা হৈছে।

আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ শ্ৰী বিশ্বজিৎ দৈমাৰী।