কটন বিশ্ববিদ্যালয়ত আত্মৰক্ষা কর্মশালাৰ সামৰণি

ছাত্রীৰ মাজত আদ্যাৰ ছেনিটাৰী নেপকিন বিতৰণ

নিয়মীয়া বাৰ্তা ৮ নৱেম্বৰঃ যোৱা এক নৱেম্বৰৰ পৰা পৰা কটন বিশ্ববিদ্যালয়ৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মহিলাৰ আত্মৰক্ষা কর্মশালাৰ দেওবাৰে সামৰণি পৰে৷ এই সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ ডীন দেৱজিত শর্মা, ছাত্র কল্যাণ সঞ্চালক প্রশান্ত শর্মা, অসমীয়া বিভাগৰ অধ্যাপিকা ড০ স্বপ্ণালী দাসৰ লগতে ‘আদ্যা’ৰ দুগৰাকী প্রতিনিধি৷ ‘সমৰকলা’ নামৰ মুখপত্রখন উন্মোচন কৰা হয়৷ অনুষ্ঠানত ছাত্রীসকলৰ মাজত ‘আদ্যা’ৰ তৰফৰ পৰা ছেনিটেৰী নেপকিন বিতৰণ কৰা হয়৷ শেষত সমৰকলা কর্মশালাত অংশগ্রহণ কৰা ছাত্রীসকলৰ মাজত মানপত্র বিতৰণ কৰা হয়৷