নুনমাটিত পুত্রৰ বাসগৃহত মাতৃৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৯ জুনঃ নুনমাটিৰ ভৱানীপুৰৰ গণেশপুৰস্থিত পুত্রৰ বাসগৃহৰ চোতালত উলংগ অৱস্থাত ৭৫ বছৰীয়া মাতৃৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কালি নিশা প্রায় ১২ বজাত উত্তম কলিতাৰ মাতৃ সাবিত্রী কলিতাৰ উলংগ মৃতদেহ স্থানীয় ৰাইজে প্রত্যক্ষ কৰাৰ পাছতে অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ ঘটনা সন্দর্ভত ৰাইজে নুনমাটি আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বৃদ্ধাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে৷ ইফালে মাতৃৰ মৃত্যুৰ সন্দর্ভত পুত্র উত্তম কলিতাই আনিছে গুৰুতৰ অভিযোগ৷ পত্নী জোনালী কলিতা আৰু পৰকীয়া প্রেমিক গুণজিৎ দাসে মাতৃ সাবিত্রী কলিতাক হত্যা কৰা বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷

ভৱানীপুৰৰ গণেশপুৰৰ বাসিন্দা উত্তম কলিতাই মাতৃ, পত্নী আৰু সন্তানৰ সৈতে সুখৰেই জীৱন–যাপন কৰি আহিছিল৷ বিগত কেইবাবছৰ ধৰি পত্নী জোনালী কলিতাই ওচৰৰে গুণজিৎ দাস নামৰ লোকজনৰ সৈতে অবৈধ সম্পর্ক গঢ়ি তোলে৷ ইয়াকে লৈ উত্তম আৰু জোনালীৰ মাজত প্রায়ে কাজিয়াৰ সৃষ্টি হৈছিল৷ দুই বছৰ পূর্বে জোনালী কলিতাই স্বামী উত্তম কলিতা আৰু মাতৃ সাবিত্রী কলিতাক অত্যাচাৰ চলাই ঘৰৰ পৰা উলিয়াই দিয়ে৷ স্বামীয়ে ঘৰৰ পৰা উলিয়াই দিয়াত মাতৃ, পুত্রই মহানগৰীৰ বিভিন্ন স্থানত আশ্রয় গ্রহণ কৰি গাঁৱৰ ঘৰলৈ যায়৷ যোৱা ৩১ মার্চত উত্তম কলিতা আৰু মাতৃ সাবিত্রী কলিতা নিজৰ ঘৰলৈ উভতি আহে৷ কিন্তু পত্নী জোনালী কলিতাই দুয়োকে ঘৰৰ ভিতৰত প্রৱেশ কৰিব দিয়া নাছিল৷

উপায়হীন হৈ উত্তম আৰু তেওঁৰ মাতৃ সম্বন্ধীয় ভাগিনীয়েকৰ ঘৰত আশ্রয় লয়৷ এই ঘটনা সন্দর্ভত উত্তম কলিতাই স্থানীয় উন্নয়ন সমিতিৰ সহায় বিচাৰে৷ উন্নয়ন সমিতিয়ে দিয়া সিদ্ধান্ত জোনালী কলিতাই মানি ল’বলৈ অস্বীকাৰ কৰে৷ লগতে জোনালীয়ে স্বামীৰ বিৰুদ্ধে নুনমাটি থানাত এটা ভুৱা গোচৰ ৰুজু কৰে৷ উক্ত গোচৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে কালি উত্তম কলিতাক আটক কৰে৷ ইফালে নিশা মাতৃৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এৰি দিবলৈ বাধ্য হয় নুনমাটি আৰক্ষী৷ এই সমগ্র ঘটনা সন্দর্ভত নুনমাটি থানাৰ আৰক্ষীয়ে মৌনতা অৱলম্বন কৰিছে৷ লগতে এয়া হত্যাকাণ্ড নহয় বুলি স্পষ্ট কৰি দিছে নুনমাটি থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীয়ে৷ অৱশ্যে মহানগৰ আৰক্ষীয়ে নিৰপেক্ষভাৱে তদন্ত কৰিলেই ওলাই কৰিব এয়া হত্যাকাণ্ড নে অন্য ঘটনা৷ বোৱাৰীৰ শাৰীৰিক মানসিক নির্যাতনৰ বলি হৈ বৃদ্ধাগৰাকীৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷