আৰক্ষীৰ ছত্রছায়াত হাতীগাঁৱত চলিছে অসামাজিক কার্যকলাপ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ  জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে নিয়োজিত আৰক্ষীৰ ছত্রছায়াতেই বিভিন্ন স্থানত অসামাজিক কার্যকলাপ চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ একাংশ অসাধু বিষয়াৰ ছত্রছায়াত হাতীগাঁৱত অসামাজিক কার্যকলাপ চলি অহাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে৷ অভিযোগ অনুসৰি হাতীগাঁৱৰ গাৰো আৰু কাঞ্চা নামৰ দুজন লোকে হাতীগাঁও অঞ্চলত মুকলিকৈ অসামাজিক কার্যকলাপ চলাই আহিছে৷ হাতীগাঁৱৰ দোৱাত বজাৰত আৰক্ষী প্রশাসনৰ অনুমতি নোলোৱাকৈ বিগত প্রায় ৬ দিন ধৰি মীনা বজাৰ বহুৱাই জুৱাৰ মুকলি আড্ডা পাতিছে গাৰো আৰু কাঞ্চাই৷

হাতীগাঁও আৰক্ষীৰ একাংশ অসাধু বিষয়া আৰু উচ্চপদস্থ আৰক্ষী বিষয়াক মেনেজ কৰি মীনা বজাৰৰ নামত দিনে–নিশাই ঝাণ্ডি–মুণ্ডা আৰু ভাগ্য পৰীক্ষাৰ নামত মুকলিকৈ লাখ লাখ টকাৰ জুৱা খেল পাতি আহিছে৷ থানাৰ পৰা মাত্র কেইশমিটাৰ আঁতৰতে এনেদৰে মুকলি জুৱা চলাই অহাৰ পাছতো হাতীগাঁও আৰক্ষীয়ে ৰহস্যজনক কাৰণত মৌনতা অৱলম্বন কৰিছে৷ স্থানীয় ৰাইজে আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পাছতো হাতীগাঁও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ ক’ৰোনাকেন্দ্রিক এই জটিল পৰিস্থিতিৰ মাজতো হাতীগাঁৱৰ দোৱাত বজাৰত অনুমতি অবিহনে কেনেদৰে মীনা বজাৰ বহুৱাই মুকলিকৈ জুৱাৰ আড্ডা পাতিছে তাক লৈ সর্বত্র চর্চা চলিছে৷ দোৱাত বজাৰত চলি থকা মুকলি জুৱাৰ আড্ডা আৰু মীনা বজাৰ বন্ধ কৰাৰ বাবে আৰক্ষী প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷