যোৰাবাটত চোৰাং কাঠভর্তি বাহন জব্দ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ পূব কামৰূপ বন সংমণ্ডলৰ একাংশ অসাধু বন বিষয়াৰ পৃষ্ঠপোষকতাত মেঘালয়ৰ পৰা গুৱাহাটীলৈ কৰফাঁকিৰে শিল, বালি, মাটি, কাঠৰ চোৰাং সৰবৰাহ অব্যাহত আছে৷ যোৰাবাটৰ খণ্ড বন বিষয়া পুলিন মহন্তকে ধৰি একাংশ বন বিষয়াৰ পৃষ্ঠপোষকতাত চলি থকা চোৰাং কাঠৰ সৰবৰাহৰ বাতৰি ‘নিয়মীয়া বার্তা’ত প্রকাশ পোৱাৰ পিছতে গা লৰিছে অসাধু বন বিষয়াগৰাকীৰ৷ কমিছনৰ বুজাবুজিৰে চোৰাং কাঠ বেপাৰীৰে মিতিৰালি কৰি অহা বাতৰি প্রকাশৰ পিছতে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ  পুৱা যোৰাবাটত এখন চোৰাং কাঠভর্তি বাহন জব্দ কৰে৷ আজি পুৱা ৮.১৫ বজাত যোৰাবাটত এএছ–০১–বিচি–৭৫২২ নম্বৰৰ চোৰাং কাঠভর্তি টাটা ডিআই বাহনখন জব্দ কৰে৷

বাহনখনত ৫০ ঘনফুট পৰিমাণৰ মাকৰি শাল কাঠ আছিল৷ জব্দকৃত কাঠখিনিৰ বজাৰমূল্য প্রায় ৭০ হাজাৰ টকা৷ উল্লেখ্য যে মেঘালয়ৰ পৰা গুৱাহাটীলৈ বন মাফিয়াই প্রতিদিনে ৫০–৬০খন চোৰাং কাঠভর্তি বাহন সৰবৰাহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ অনুসৰি প্রতিখন চোৰাং কাঠভর্তি বাহনৰ পৰা ৫০০ টকাকৈ গুণ্ডাকৰ যোৰাবাট খণ্ড বন বিষয়াৰ কার্যালয়ে সংগ্রহ কৰি অহাৰ উপৰি বন মাফিয়াৰ পৰা মাহেকীয়া কিস্তিত মোটা অংকৰ ধন আদায় লৈ আহিছে৷ কেৱল চোৰাং কাঠেই নহয়, বন মাফিয়াৰে গোপন বুজাবুজি কৰি একাংশ অসাধু বন বিষয়াই কৰফাঁকিৰে শিল, বালি, মাটিকে ধৰি বনজ সম্পদৰ চোৰাং বেহা অব্যাহত ৰাখিছে৷ লক্ষণীয় যে অক্টোবৰ মাহৰ পৰা আজিৰ তাৰিখলৈ যোৰাবাট খণ্ড বন বিষয়াৰ কার্যালয়ে মাত্র ১৬খনহে চোৰাং কাঠভর্তি বাহন জব্দ কৰিবলৈ সক্ষম হৈছে৷