কেয়াৰটেকাৰ আকাশৰ পত্নীক মাৰাথন জেৰা

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ পঞ্চভূতত বিলীন হ’ল বেলতলাৰ চন্দন নগৰত সংঘটিত লোমহর্ষক হত্যাকাণ্ডৰ বলি হোৱা ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা নশ্বৰ দেহ৷ আজি নৱগ্রহ শ্মশানত এক শোকাকুল পৰিৱেশৰ মাজত গুণমুগ্ধৰ উপস্থিতিত পিতৃ–মাতৃৰ শেষকৃত্য সম্পন্ন কৰে দুই কন্যা মানসী বৰুৱা আৰু সোণালী বৰুৱাই৷ বৃহস্পতিবাৰে পুৱা প্রায় ১০.৪৫ বজাত জি এন আৰ চিৰ মর্গৰ পৰা বৰুৱা দম্পতীৰ মৃতদেহ নিজ বাসগৃহলৈ নিয়া হয়৷ বেলতলাৰ চন্দন নগৰৰ বাসগৃহত আত্মীয়–স্বজন আৰু পৰিয়ালৰ লোকে শেষ শ্রদ্ধা নিবেদন কৰে৷ ১১.১৫ বজাত বৰুৱা দম্পতীৰ মৃতদেহ বেলতলা বাসগৃহৰ পৰা নৱগ্রহ শ্মশানলৈ অনা হয়৷ নৱগ্রহ শ্মশানত শোকাকুল পৰিৱেশৰ মাজত দুই কন্যাই মুখাগ্ণি কৰি পিতৃ–মাতৃৰ শেষকৃত্য সম্পন্ন কৰে৷ বৰুৱাৰ এগৰাকী কন্যাই সংবাদ মাধ্যমক কয়– এই ঘটনাটোৰ বিষয়ে আৰু বেছি ক’বলৈ বিচৰা নাই৷

ইতিমধ্যে মুখ্যমন্ত্রী আৰু আৰক্ষী আয়ুক্তই সমগ্র ঘটনাটো সন্দর্ভত বক্তব্য দিছে৷ পিতৃ–মাতৃৰ আকস্মিক মৃত্যুৰ বাতৰি পাই মই আৰু মোৰ স্বামীয়ে গুৱাহাটীলৈ আহি পাবলৈ এক দীঘলীয়া সংগ্রাম কৰিবলগীয়া হৈছে৷ এই ঘটনাটোক লৈ আৰক্ষী, সংবাদ মাধ্যমে যি ধৰণে কাম কৰিছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷

উল্লেখ্য যে সোমবাৰে নিশা বেলতলাৰ চন্দন নগৰৰ বাসগৃহত দুর্বৃত্তই বৰুৱা দম্পতীক শোৱাপাটীতে হত্যা কৰি থৈ যোৱা ঘটনা মঙলবাৰে পুৱা পোহৰলৈ অহাত বিয়লি গুৱাহাটীত উপস্থিত হৈছিল মুম্বাইত থকা কন্যা সোণালী বৰুৱা৷ ইফালে বৰুৱা দম্পতীৰ জ্যেষ্ঠ কন্যা মানসী বৰুৱা ব্রিটেইনৰ পৰা আজি পুৱা ১০.১৫ বজাত বেলতলাৰ বাসগৃহত উপস্থিত হয়৷ জ্যেষ্ঠ কন্যা আহি পোৱাৰ পাছতেই বৰুৱা দম্পতীৰ মৃতদেহ বেলতলাৰ বাসগৃহলৈ নিয়া হয়৷ লক্ষণীয় যে কন্যা সোণালীয়ে দিছপুৰ থানাত হত্যাকাণ্ডৰ তদন্ত বিচাৰি এজাহাৰ দাখিল কৰিছিল৷ উক্ত এজাহাৰৰ ভিত্তিত দিছপুৰ থানাই ৩৯০০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্রেপ্তাৰ কৰাৰ লগতে আৰু চাৰিজনক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ এতিয়ালৈকে অভিযুক্ত হত্যাকাৰী আকাশে বৰুৱা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰা নাই৷

বৃহস্পতিবাৰে পুৱা কেয়াৰটেকাৰ আকাশৰ পত্নী পুতু দাসক আৰক্ষীয়ে আটক কৰি পাণবজাৰ থানালৈ আনে৷ পাণবজাৰ থানাত উচ্চপদস্থ আৰক্ষী বিষয়াই কেইবাঘণ্টা ধৰি পুতু দাসক জেৰা কৰে৷ আৰক্ষীৰ জেৰাত পুতু দাসে হত্যাকাণ্ড সংঘটিত হোৱাৰ কথা একো নাজানে বুলি স্বীকাৰোক্তি দিছে যদিও যদিহে স্বামী আকাশে এই হত্যাকাণ্ড সংঘটিত কৰিছে, তেন্তে সি অতি বেয়া কাম কৰিছে বুলি মন্তব্য কৰে৷ পাণবজাৰ থানাত বাতৰি লিখা পৰলৈকে পুতুক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷

আনহাতে, অভিযুক্ত হত্যাকাৰী আকাশ চৌধুৰীক আৰক্ষীয়ে বশিষ্ঠ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাৰ পাছতো এতিয়ালৈকে এই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা নাই অভিযুক্ত আকাশে৷ আজি বিয়লি স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়াৰ সময়ত অভিযুক্ত আকাশে সংবাদ মাধ্যমৰ আগত উক্ত দিনা সুৰাপান কৰাৰ কথা স্বীকাৰ কৰিছে৷ কিন্তু আকাশে এই হত্যাকাণ্ড সংঘটিত কৰা নাই বুলি মন্তব্য কৰে৷ মহানগৰ আৰক্ষীয়ে বৰুৱা দম্পতীৰ হত্যাকাণ্ডত কেয়াৰটেকাৰ আকাশ জড়িত থকাৰ বহুকেইটা ক্লু লাভ কৰিছে৷ ইতিমধ্যে কেয়াৰটেকাৰ আকাশক সাত দিনৰ জিম্মাত লৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ এই হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত পৰেশ চৌধুৰী, সত্যেন সিং, বুদ্ধদেৱ আৰু জোন শইকীয়াক আৰক্ষীয়ে আটক কৰি জেৰা কৰিছিল৷ কিন্তু কালি নিশা আটকাধীন আটাইকেইজনকে চর্তসাপেক্ষে এৰি দিয়ে৷ তদন্তকাৰী আৰক্ষী বিষয়াই বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ ৰহস্য উদ্ঘাটন কৰাৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷ হত্যাকাণ্ড সংঘটিত হোৱাৰ নিশা ২.২৬ বজাত বৰুৱাৰ বাসগৃহৰ কাষৰ ঘৰটোত মাস্ক পৰিহিত দুজন লোকে হাতত লাঠী লৈ প্রৱেশ কৰাৰ চি চি টিভিৰ ফুটেজ আৰক্ষীয়ে লাভ কৰিছে৷ এই চি চি টিভিৰ ফুটেজৰ ওপৰতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদন, ফৰেনছিকৰ প্রতিবেদন পোৱাৰ পাছতহে এই হত্যাকাণ্ডৰ সকলো তথ্য পোহৰলৈ আহিব৷
ৰাজ্যত অপৰাধ বৃদ্ধি হোৱা নাই বেলতলাৰ হত্যাকাণ্ডক দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রীৰ
ৰাজ্যত অপৰাধ বঢ়া নাই৷ অপৰাধ বঢ়াৰ কোনো পৰিসংখ্যা নাই৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ গুৱাহাটীৰ বেলতলাৰ ননীগোপাল বৰুৱা আৰু মীনা বৰুৱা নামৰ বৃদ্ধ দম্পতীটোৰ নৃশংস হত্যাৰ আঁত ধৰি সাংবাদিকে অপৰাধ বৃদ্ধি সম্পর্কত কৰা প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাজতে ডাঙৰকৈ পূজা হৈ গ’ল৷পূজাৰ বতৰত কোনো অপৰাধ হোৱা নাই৷ অৱশ্যে তিনি দিন পূর্বে বেলতলাত সংঘটিত ঘটনাটো দুর্ভাগ্যজনক৷