নুনমাটিত মাঘ বিহুৰ মেজি জ্বলালে দুর্বৃত্তই

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ভোগৰ উৎসৱ মাঘ বিহুক লৈ ৰাইজৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনা দেখা গৈছে৷ মাঘ বিহু উদ্যাপনৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত ভেলাঘৰ, মেজি সাজি ব্যাপক প্রস্তুতি চলাইছে ৰাইজে৷ ইয়াৰ মাজতে নুনমাটিৰ গোপাল নগৰত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা৷ কোনো দুর্বৃত্তই আজি পুৱা নুনমাটি সার্বজনীন দুর্গা পূজা সমিতিয়ে গোপাল নগৰৰ শক্তিপীঠ খেলপথাৰত নির্মাণ কৰা মাঘ বিহুৰ মেজি জ্বলাই দিয়ে৷ নুনমাটি দুর্গা পূজা সমিতিয়ে মাঘ বিহুৰ লগত সংগতি ৰাখি মেজিৰ লগতে এখন মাঘ বিহু মেলাৰ আয়োজন কৰিছিল৷

বিগত তিনি দিন ধৰি শ্রমিকসকলে মেজি, ভেলাঘৰ নির্মাণ কৰি আজি পুৱা সম্পূর্ণ কৰে৷ শ্রমিকসকলে কাম সম্পূর্ণ কৰি চাহ খাবলৈ যোৱাৰ সময়তে কোনো দুষৃকতিকাৰীয়ে মেজিটো জ্বলাই দিয়ে৷ ইয়াৰ পিছতে অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ স্থানীয় ৰাইজে জুই নুমুওৱাৰ চেষ্টা চলাই ঘটনা সন্দর্ভত অগ্ণিনির্বাপক বাহিনীক অৱগত কৰায়৷ ঘটনাস্থলীত চানমাৰি আৰু গুৱাহাটী শোধনাগাৰৰ দুখনকৈ অগ্ণিনির্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপিত কৰিবলৈ সক্ষম হয়৷ অগ্ণিনির্বাপক বাহিনীৰ তৎপৰতাত মেলাৰ দোকানৰ সামগ্রীসমূহ কথমপি ৰক্ষা পৰে৷

ইফালে, দুষৃকতিকাৰীয়ে মেজিৰ ওচৰতে থকা এএছ–০১–ইপি–৫২৩৪ নম্বৰৰ বাহনখনৰো গ্লাছ ভাঙি থৈ যায়৷ ঘটনা সন্দর্ভত নুনমাটি থানাৰ আৰক্ষীয়ে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে৷