মাছখোৱাত শতাধিক প্রতিবাদীৰ মানৱশৃংখল

শংকৰদেৱ উদ্যানৰ ভূমি অধিগ্রহণৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ মহানগৰীৰ মাছখোৱাস্থিত শংকৰদেৱ উদ্যানৰ ভূমি অধিগ্রহণ কৰা কার্যৰ বিৰুদ্ধে বৃহস্পতিবাৰে পুৱা শতাধিক লোকে মানৱ শৃংখলেৰে প্রতিবাদ সাব্যস্ত কৰে৷ নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ সহযোগত স্থানীয় লোকে গ্রহণ কৰা এই মানৱ শৃংখল কার্যসূচীত হাতে হাতে বেনাৰ–প্লেকার্ড লৈ শতাধিক ডেকা, গাভৰু, জ্যেষ্ঠ নাগৰিক আৰু প্রকৃতিপ্রেমীয়ে অংশগ্রহণ কৰি শংকৰদেৱ উদ্যান সুৰক্ষিত কৰাৰ দাবী জনায়৷ প্রতিবাদী ৰাইজে শংকৰদেৱ উদ্যানৰ ভূমি অধিগ্রহণ কৰা নচলিব, শংকৰদেৱ উদ্যান ধ্বংস কৰা কার্য বন্ধ কৰক, শংকৰদেৱ উদ্যানৰ গছ–গছনি কটা নচলিব, উদ্যানৰ ভূমিত প্রস্তাৱিত নির্মাণ কার্য বন্ধ কৰক, শংকৰদেৱ আৰু আজানপীৰ উদ্যান উন্নয়নৰ ব্যৱস্থা কৰক আদি শ্লোগান উল্লেখিত বেনাৰ–প্লেকার্ড লৈ প্রতিবাদ সাব্যস্ত কৰে৷

উল্লেখ্য যে গুৱাহাটী–উত্তৰ গুৱাহাটী দলং নির্মাণৰ বাবে প্রশাসনে শংকৰদেৱ উদ্যানৰ এটা অংশ অধিগ্রহণ কৰি ইতিমধ্যে নির্মাণ কার্য চলোৱাৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰিছ৷ ব্রহ্মপুত্রৰ বুকুত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং নির্মাণৰ ক্ষেত্রত কোনো আপত্তি নাই যদিও কংক্রিটৰ মহানগৰীত সমর্থনযোগ্য নহয় বুলি প্রতিবাদী ৰাইজে মতামত ব্যক্ত কৰে৷ নতুনকৈ দলং নির্মাণ কৰাৰ বাবে উদ্যানৰ অধিকাংশ ভূমি অধিগ্রহণ কৰি প্রস্তাৱিত নির্মাণ কার্য বাতিলৰ দাবীত স্থানীয় ৰাইজে ইতিমধ্যে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহল, স্থানীয় বিধায়ক, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ মুখ্য কার্যবাহী বিষয়া, লোকনির্মাণ (পথ) বিভাগৰ অভিযন্তা আৰু বন বিভাগক স্মাৰক–পত্র প্রেৰণ কৰিছে৷

ইয়াৰ পিছতো সংশ্লিষ্ট বিভাগ আৰু বিষয়া–কর্মচাৰীয়ে শংকৰদেৱ উদ্যানৰ ভূমিত প্রস্তাৱিত নির্মাণ কার্য বন্ধ কৰাৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰা নাই বুলি প্রতিবাদী ৰাইজে জানিবলৈ দিছে৷ সেয়েহে শংকৰদেৱ সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আজি স্থানীয় ৰাইজে মানৱ শৃংখল কার্যসূচী ৰূপায়ণ কৰে৷ তদুপৰি চৰকাৰে উদ্যানৰ ভূমিত প্রস্তাৱিত নির্মাণ বন্ধ নকৰিলে আগন্তুক দিনত ধাৰাবাহিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰা হ’ব বুলি সমিতিৰ সভাপতি খনীন্দ্র শর্মাই হুংকাৰ দিয়ে৷ উল্লেখ্য যে ব্রহ্মপুত্রৰ বুকুত গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলঙৰ কাম দ্রুতগতিত চলি আছে৷