ৱলফ’ৰ্ডত ব্যৱসায়ীক ছুৰী দেখুৱাই ধন লুট দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্রদানত ব্যর্থ হৈছে মহানগৰ আৰক্ষী৷ আৰক্ষীৰ ব্যর্থতাৰ বাবেই শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত চুৰি–ডকাইতিকে ধৰি নানা অপৰাধমূলক কার্যকলাপ সংঘটিত হৈ আহিছে৷ দিছপুৰ আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই যোৱা ৩ জানুৱাৰীত সদা ব্যস্ত জি এছ ৰোডত সংঘটিত হ’ল এক দিন ডকাইতি৷

১০–১২ জনীয়া এটা দুর্বৃত্তৰ দলে ৱলফ’ডৰ আৰ কে ষ্টোৰ নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনত প্রৱেশ কৰি ১০ হাজাৰ টকা দাবী কৰে৷ এই ধন আদায় দিবলৈ অমান্তি হোৱাত প্রদীপ বর্মন নামৰ এজন লোকে চুৰি দেখুৱাই ৰামচৰণ প্রসাদ নামৰ ব্যৱসায়ীজনক প্রাণনাশৰ ভাবুকি দিয়ে৷ তেনে সময়তে নয়ন দাস, বিপুল দাস, ভবেন দাস নামৰ লোককেইজনে দোকানৰ ভিতৰত প্রৱেশ কৰি মাৰপিট কৰি ৯ হাজাৰ টকা লুট কৰি নিয়ে৷ দুর্বৃত্তৰ দলটোৱে ওচৰতে থকা ৰূদ্র নাৰায়ণ ঝা নামৰ ব্যৱসায়ীজনকো ছুৰীৰে আঘাত কৰে৷ ভুক্তভোগী ৰামচৰণ প্রসাদে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু এজাহাৰ দাখিলৰ পাছতো আজিলৈকে দিছপুৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ব্যৱসায়ীজনে৷