আন্তঃৰাষ্ট্রীয় প্রতিক্রিয়া

নাগৰিকত্ব সংশোধনী বিধেয়ক–২০১৯ ক লৈ অসমৰ সাম্প্রতিক পৰিস্থিতিয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ লগতে আন্তঃৰাষ্ট্রীয় মিডিয়াতো গুৰুত্ব লাভ কৰিছে৷ কেন্দ্রৰ এনডিএ চৰকাৰে ভাৰতৰ ধর্মনিৰপেক্ষতাৰ চৰিত্র অলপো সলনি হোৱা নাই বুলি দাবী কৰিলেও শেহতীয়া কেতবোৰ ঘটনাই আন্তঃৰাষ্ট্রীয় মঞ্চত সন্দেহৰ সৃষ্টি কৰি আহিছে৷ কাশ্মীৰৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা সিদ্ধান্তৰ পিছত বিশ্বৰ বিভিন্ন দেশত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমে ভাৰতৰ গণতন্ত্র দুর্বল হৈ পৰা বুলিও সৰৱ আলোচনা কৰিছিল৷ অৱশ্যে বিজেপি আৰু কেন্দ্রীয় চৰকাৰে পোনপটীয়াকৈ এনে সংশয় আৰু অভিযোগ নস্যাৎ কৰি আহিছে৷ কিন্তু কেন্দ্রৰ এই দৃঢ় স্থিতিয়ে বিজেপিৰ সমর্থকসকলক আশ্বস্ত কৰিলেও বিদেশত বিশ্বাস জয়ৰ বাবে এয়া যথেষ্ট নহয় বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ ইয়াৰ ফলতে আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমত ভাৰতৰ আভ্যন্তৰীণ ঘটনাৱলীক লৈ নেতিবাচক প্রচাৰ মাজে–সময়ে চলি আছে৷ বহিঃৰাষ্ট্রৰ সৈতে কূটনৈতিক সম্পর্ক শক্তিশালী কৰাটো অতি জৰুৰী হৈ পৰা এই সময়খিনিত এনেধৰণৰ নেতিবাচক প্রচাৰ নিশ্চিতভাৱে নতুন দিল্লীৰ বাবে আদৰণীয় নহয়৷ এই যুক্তিও খণ্ডন কৰিব নোৱাৰি যে দেশৰ আভ্যন্তৰীণ সমস্যা সমাধান কৰাটো কেন্দ্রীয় চৰকাৰৰ নিজা বিষয় আৰু কেন্দ্রই এইক্ষেত্রত নিজা সিদ্ধান্ত ল’বই লাগিব৷ বহিঃৰাষ্ট্রৰ প্রতিক্রিয়া আৰু মতামতৰ ভিত্তিত এতিয়াও আভ্যন্তৰীণ বিষয়ত এখন দেশে সিদ্ধান্ত ল’ব বুলি ভবাটো উচিত নহয়৷ কিন্তু সাম্প্রতিক ভূ–ৰাজনৈতিক প্রেক্ষাপটত আন্তঃৰাষ্ট্রীয় মতামত ভাৰতৰ সপক্ষে থকাটো নতুন দিল্লীৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ৷ ইয়াৰ সৈতে শেহতীয়া অর্থনৈতিক জটিলতাৰ দিশটোও জড়িত হৈ আছে৷ এনে পৰিপ্রেক্ষিতত আভ্যন্তৰীণ বিষয়বোৰে বহিঃৰাষ্ট্রতো বিতর্কৰ সৃষ্টি কৰাটো কোনো চৰকাৰৰ বাবে কাম্য হ’ব নোৱাৰে৷ কিন্তু দেখিবলৈ পোৱা গৈছে কাশ্মীৰৰ ঘটনাৰ পিছত কেবক লৈ অসমৰ পৰিস্থিতিয়ে এনে বিতর্কৰ সূচনা কৰাৰে ইংগিত দিছে৷

ইতিমধ্যে আমেৰিকাই কেব গৃহীত কৰাক লৈ উদ্বেগ ব্যক্ত কৰিছে৷ আমেৰিকাৰ আন্তঃৰাষ্ট্রীয় ধর্মীয় স্বাধীনতা আয়োগে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাক লৈ প্রশ্ণ উত্থাপন কৰি ভাৰতক জবাবদিহি কৰাৰ ইংগিত দিছে৷ আনকি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেবৰ আঁৰত ভাৰতীয় নেতা–মন্ত্রীৰ আমেৰিকা ভ্রমণ নিষিদ্ধ কৰাৰো ভাবুকি দিছে৷ আনহাতে কেবৰ প্রসংগ লৈয়ে বাংলাদেশৰ বৈদেশিক মন্ত্রীয়ে বাতিল কৰিছে শেহতীয়া নতুন দিল্লী ভ্রমণ৷ আনকি এই বুলিও আলোচনা হৈছে যে কেব আৰু কেন্দ্রীয় চৰকাৰে নতুনকৈ প্রৱর্তন কৰিব বুলি ঘোষণা কৰা এনআৰচিক লৈ ভাৰত আৰু বাংলাদেশৰ মাজৰ কূটনৈতিক সম্পর্কৰ অৱনতি ঘটিব বুলি আশংকা কৰা হৈছে৷ এই দুয়োটা ঘটনাক কেন্দ্রীয় চৰকাৰে গুৰুত্ব নিদিয়াকৈ থাকিব নোৱাৰে৷ চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতে সু–সম্পর্ক ৰখাটো অত্যন্ত জৰুৰী কাৰণ চীনে বাণিজ্যিক সাম্রাজ্য সম্প্রসাৰণৰ সুযোগ ল’বলৈ অপেক্ষা কৰিয়েই আছে৷ এইক্ষেত্রত বাংলাদেশৰ সৈতে ভাৰতে নিবিড় সম্পর্ক অটুট ৰখাটো সর্বাধিক জৰুৰী কথা৷ সেইদৰে অর্থনৈতিক জটিলতাৰ সময়ত ভাৰতে আমেৰিকাৰ লগতে আন ইউৰোপীয় দেশতো এখন শক্তিশালী ধর্মনিৰপেক্ষ গণতন্ত্র হিচাপে নিজৰ ভাবমূর্তি উজ্জ্বল কৰি ৰাখিব লাগিব৷ অসমত সৃষ্টি হোৱা প্রবল প্রতিৰোধৰ লগতে নিশ্চিতভাৱে কেন্দ্রীয় চৰকাৰে কেবক লৈ আন্তঃৰাষ্ট্রীয় প্রতিক্রিয়াৰ ওপৰতো সতর্ক দৃষ্টি ৰাখিব লাগিব৷

Comments (0)
Add Comment