কি হ’ব এন আৰ চিৰ?

উচ্চতম ন্যায়ালয়ৰ তদাৰকত যোৱা ৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ চূড়ান্ত খচৰাখনক লৈ ৰাজ্যৰ দল-সংগঠনসমূহ দ্বি-বিভক্ত হৈ থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে  ৰাজ্যসভাৰ  মজিয়াত ২০ নবেম্ৱৰত  ঘোষণা কৰিছে যে দেশজুৰি এন আৰ চি প্ৰস্তুত হ’ব আৰু নতুন  এন আৰ চিত অসমকো অন্তভুৰ্ক্ত কৰা হ’ব। সমগ্ৰ দেশজুৰি এন আৰ চিখন উন্নীতকৰণক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উচ্চসদনত ব্য়ক্ত কৰা সিদ্ধান্তই বিশেষ তাৎপৰ্য বহন কৰিছে। অসমৰ শেহতীয়া এন আৰ চিখনক লৈ শাসকীয় বিজেপি দল আৰু চৰকাৰৰ নেতৃত্ব মুঠেই সন্তুষ্ট নহয়। এন আৰ চিখন লৈ ভৱিষ্যতৰ ৰক্ষাকৱচ হব বুলি আশা পালি থকা ৰাজ্য়খনৰ খিলঞ্জীয়া লোকসকলো হতাশ হৈছে। কিন্তু উচ্চতম  ন্যায়ালয়ৰ তদাৰকত প্ৰস্তুত কৰা এন আৰ চিখনৰ বিৰুদ্ধে ৰাজ্যৰ অধিকাংশ দল-সংগঠনে মুখ খোলা নাই। অৱশ্য়ে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াক লৈ জড়িত থকা অসম প্লাবিক ৱৰ্কছৰ অধ্য়ক্ষ অভিজিত শৰ্মা, অসম সন্মিলিত মহাসংঘৰ নেতা মতিউৰ ৰহমানকে ধৰি একাংশ সংগঠনে এন আৰ চিৰ চূড়ান্ত খচৰাখনক বিৰোধিতা কৰি আছে। আৰ এছ এছ আৰু শাসকীয় বিজেপি দলৰ নেতাসকলেও এন আৰ চিখনক সমৰ্থন কৰা নাই। শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘোষণাই এই কথাকেই  পুনৰ প্ৰমাণ কৰিছে যে সদ্য প্ৰকাশিত অসমৰ এন আৰ চিখন চৰকাৰে গ্ৰহণ কৰাৰ আশা নাই। অমিত শ্বাহৰ ঘোষণাৰ পাছতে বিত্ত আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো ঘোষণা কৰিছে যে এন আৰ চিখনে ৰাজ্যৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষিত কৰিব নোৱাৰে। আসোঁৱাহপূৰ্ণ এন আৰ চিখন গ্ৰহণ কৰা উচিত নহয় বুলি ড০ শৰ্মাই মন্তব্য কৰিছে। যদিহে সমগ্ৰ দেশজুৰি প্ৰস্তত হ’ব লগা এন আৰ চিত আকৌ অসমক অন্তভুৰ্ক্ত কৰা হয় তেন্তে শেহতীয়া এন আৰ চিৰ খচৰাখন ডাষ্টবিনত প্ৰক্ষেপ কৰাৰ বাহিৰে বিকল্প পথ নাই। কিন্তু উচ্চতম ন্যায়ালয়ৰ তদাৰকত প্ৰস্তুত হোৱা এন আৰ চিখন গুৰুত্বহীন কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বাবে সহজসাধ্য হ’বনে? এই কথা ঠিক যে প্ৰকাশিত এন আৰ চিখন যে শুদ্ধ এন আৰ চি নহয় সেয়া ইতিমধ্যে স্পষ্ট হৈছে। এন আৰ চিৰ পৰা বাদ পৰা ১৯লাখ লোকৰ সিংহভাগেই খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ লোক।এন আৰ চিত অন্তভুৰ্ক্তসকলৰ ভিতৰত বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থক লোকৰ নামো অন্তৰ্ভুক্ত হৈছে। এন আৰ চিখন ভোটাৰ তালিকা নহয় যে ইয়াক সঘনে সলনি কৰিব পাৰি। কিন্তু এই এন আৰ চিখন উন্নীতকৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত হৈ আছিল ৰাজ্যচৰকাৰৰ প্ৰায় ৬০হাজাৰ কৰ্মচাৰী। ৰাজ্যখনৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভৱিষ্যত ৰক্ষাকবচ স্ৱৰূপ এন আৰ চিখন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰাজ্যচৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলে দায়বদ্ধতা পালন কৰিছেনে?

                    

 

চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবাধ প্ৰব্ৰজনে মাথোঁ  অসমতে নহয়, সমগ্ৰ দেশতে ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে।অবৈধ বিদেশী লোকসকলক চিনাক্ত কৰা আৰু খেদি পঠিওৱাৰ  বাবে অসমবাসীয়ে চাৰি দশকজুৰি সংগ্ৰাম চলাই থকাৰ সময়তে  অসমৰ এন আৰ চিখন উন্নীতকৰণ কৰা হৈছে । ৰাজ্যখনৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ মাজত দেখা দিয়া ভৱিষ্যত  সুৰক্ষাৰ স্বাৰ্থতে এখন  শুদ্ধ এন আৰ চি প্ৰস্তুত হৱ লাগে। যিখন এন আৰ চিত কোনো এজন বিদেশীৰ নাম অন্তৰ্ভুক্ত হব নালাগে। বিদেশী চিনাক্তকৰণ আৰু বহিস্কৰণৰ ক্ষেত্ৰতো দেশজুৰি একে নিয়ম প্ৰৱৰ্তন হোৱা উচিত। অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ বাবে দুৰ্ভাগ্য এয়ে যে দেশজুৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৫১ ৰূপে মানি লোৱা হৈছে যদিও অসমত ভিত্তিবৰ্ষ হল ১৯৭১ৰ ২৪ মাৰ্চ। অৰ্থাত্ ৮৬০গৰাকী শ্বহীদৰ বিনিময়ত  অসমবাসীয়ে বিদেশী বহিস্কৰণৰ দাবীত ছবছৰ আন্দোলন কৰি ১৯৮৫ত স্বাক্ষৰিত চুক্তি অনুুসৰি ১৯৭১ৰ ২৪মাৰ্চ মানি লবলৈ বাধ্য হৈছে। কি যুক্তিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰমুখ্য়ে অসম আন্দোলনৰ নেতাসকলে ১৯৭১ক ভিত্তিবৰ্ষ ৰূপে লৈ স্বাক্ষৰ কৰিছিল সেয়া এতিয়াও সাঁথৰ। অৰ্থাৎ অসম আন্দোলনৰ শেষত চুক্তি  স্বাক্ষৰিত নোহোৱাহেঁতেন অসমৰ পৰা বিদেশী খেদি পঠিওবাৰ ক্ষেত্ৰত সমগ্ৰ দেশজুৰি চলি থকা ভিত্তিবৰ্ষই আজিও বাহাল থাকিলেহেঁতেন।  অসম চুক্তিৰ পাছত ৰাজ্যখনৰ বিদেশীসকলক সুৰক্ষিত কৰাৰ বাবে মাথোঁ  অসমৰ বাবে প্ৰণয়ন কৰা আই এম ডি টি আইনখন উচ্চতম ন্যায়ালয়ে ২০০৪চনত  বাতিল কৰিছিল। উক্ত বিতৰ্কিত আইনখন বাতিল কৰাৰ কাৰক আছিল এটাই যে দেশজুৰি এন আৰ চি প্ৰস্তুতৰ ক্ষেত্ৰত যি ভিত্তিবৰ্ষ গ্ৰহণ কৰা হয় সেয়া অসমতো প্ৰযোজ্য হোৱাটো প্ৰয়োজন। এইক্ষেত্ৰত নিশ্চতভাৱে বাধাৰ সৃষ্টি কৰিব অসম চুক্তি অনুসৰি গ্ৰহণ কৰা ১৯৭১ৰ ভিত্তিবৰ্ষ। কিয়নো দেশৰ সংবিধান সংশোধনীৰ জৰিয়তে এনে ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। যদিহে সমগ্ৰ দেশৰ লগতে অসমতো একে ভিত্তিবৰ্ষৰ আধাৰত এন আৰ চি  প্ৰস্তুত কৰা হয় তেন্তে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সলনি হ‘বই লাগিব। এই ক্ষেত্ৰত ঐতিহাসিক ভুল শুদ্ধৰণিৰ ক্ষেত্ৰতো প্ৰয়োজনীয় সংবিধান সংশোধনীৰ ব্য়ৱস্থা ল‘ব লাগিব। 

কি হ'ব এন আৰ চিৰ?