দিবা-নৈশ খেল আৰু পিংক বল

ক্ৰিকেট বিশ্ৱত ভাৰতেই হ’ল বৃহত্তম দেশ। সেয়ে দৰ্শক অনুগামীৰ সংখ্যাও বেছি। ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ড ঐশ্বৰ্যশালী আৰু প্ৰভাৱশালী হোৱাৰো এয়া হ’ল মূল কাৰণ। মূখ্য়ত: সীমিত অ’ভাৰৰ ক্ৰিকেটৰ জনপ্ৰিয়তাৰ সমান্তৰালভাৱে ভাৰতীয় ক্ৰিকেট ধনী হৈছে যদিও ষ্টেট ক্ৰিকেটৰ প্ৰতি অনাদৰো ইয়াৰ সমানে সমানে বৃদ্ধি পাইছে। স্বাভাৱিকতে টেষ্ট ক্ৰিকেট অবিহনে ক্ৰিকেটৰ সৌন্দৰ্য বহুখিনি হ্ৰাস পাব। কাৰণ টেষ্টকে ক্ৰিকেটৰ পৰম্পৰাগত ৰূপ বুলি কোৱা হয়। ৫দিন ধৰি এখন খেল চলি থকাটো আমনিদায়ক হ’লেও বা ব্যস্ততাৰ মাজত অধিকাংশ দৰ্শকে সময় দিব নোৱাৰিলেও টেষ্ট ক্ৰিকেটৰ যে সুকীয়া মাদকতা আছে সেয়া কোনেও অস্ৱীকাৰ কৰিব নোৱাৰে। সম্ভৱতঃ সেয়ে টেষ্ট ক্ৰিকেট এতিয়াও জীয়াই আছে বা ইয়াক জীয়াই ৰখা হৈছে। কিন্তু ঐশ্ৱৰ্যশালী বা প্ৰভাৱশালী হোৱা সত্ত্ৱেও ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডে টেষ্ট ক্ৰিকেটক দৰ্শকৰ বাবে অধিক আকৰ্ষণীয় কৰিছে বুলি ক’ব নোৱাৰি। যিটো আছিল তেঁওলোকৰ গুৰু দায়িত্ৱ। পলমকৈ হ’লেও এইক্ষেত্ৰত আগভাগ লোৱাৰ বাবে ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল ব’ৰ্ডৰ সদ্যনিৰ্বাচিত সভাপতি সৌৰভ গাংগুলী ধন্যবাদৰ পাত্ৰ। শুকুৰবাৰৰ পৰা ইডেন গাৰ্ডনত হ’ব লগা ভাৰত আৰু বাংলাদেশৰ দ্বিতীয়খন টেষ্ট দিবা-নৈশ হিচাপে খেলোৱাৰ ক্ষেত্ৰত তেওঁৱেই আগভাগ ল’লে। সভাপতি হোৱাৰ পিছতে গাংগুলীয়ে নিজাববীয়াকৈ উদ্যোগ লৈ  বাংলাদেশৰ ব’ৰ্ডক ইয়াৰ বাবে সন্মত কৰোৱাৰ লগতে আইচিচিৰো অনুমোদন ল’লে। কম সময়তে যুদ্ধকালীন ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰি তোলা হ’ল প্ৰস্তুতি। গাংগুলীৰ বাবে টেষ্ট ক্ৰিকেটৰ বাবে যদি দৰ্শকক পুনৰ আকৰ্ষিত কৰি তোলাৰ বাবে সঠিক পদক্ষেপ গ্ৰহণ কৰা নহয়, তেন্তে তাতকৈ আৰু দুৰ্ভাগ্যজনক খবৰ আৰু একো হ’ব নোৱাৰে। কাৰণ ক্ৰিকেটৰ ধ্ৰুপদী সৌন্দৰ্য টেষ্ট ক্ৰিকেটতে সংপৃক্ত হৈ আছে। তেঁও কয় যে বিশ্ব ক্ৰিকেটৰ সৰ্বাধিক জনসংখ্যাৰ দেশ হিচাপে ভাৰতত যদি টেষ্ট ক্ৰিকেটক আকৰ্ষণীয় কৰি তুলিব পৰা যায় তেন্তে ব্যবসায়িক দিশৰ পৰাও যথেষ্ঠ লাভান্ৱিত হ’ব পৰা যাব। ইয়াৰ সত্যতা প্ৰমাণ কৰাৰো প্ৰয়োজন নাই। সৌসিদিনা ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট শৃংখলা দৰ্শকবিহীনভাৱে অনুষ্ঠিত হৈ যায়। এটা দিনো দৰ্শকৰে পৰিপূৰ্ণ নহ’ল ষ্টেডিয়াম। কিন্তু ইডেনত শুকুৰবাৰৰ পৰা হ’ব লগা দিবা-নৈশ টেষ্টখনৰ প্ৰথম তিনিটা দিনৰ সকলো টিকট বিক্ৰী হৈ গৈছে। প্ৰতিদিনেই ৬৫হাজাৰ দৰ্শকে ইডেনত খেলখন উপভোগ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

দিবা-নৈশ টেষ্টত আকৰ্ষণৰ কেন্দ্ৰ বিন্দু গুলপীয়া বল

 

 

              দিবা-নৈশ টেষ্টত আকৰ্ষণৰ অন্যতম কেন্দ্ৰ বিন্দু হ’ব ইয়াত ব্যৱহাৰ হ’বলগীয়া বলটো। ৰঙা বা বগা নহয়, বলটোৰ ৰং হ’ব গুলপীয়া। এটা পিংক বলক লৈ কেইবছৰমানৰ পৰা সমগ্ৰ ক্ৰিকেট বিশ্বতে আলোচনা হৈছে পিংক বলৰ উজ্জ্বলতা বহু ৰঙা বা বগা বলতকৈ বেছি। ফলত বলটোৰ উজ্জ্বলতা বহু দেৰিলৈকে অটুট থাকে। ৰঙা বলৰ উজ্জ্বলতা ৬০-৭০ মিনিটৰ পৰাই হ্ৰাস পাবলৈ ধৰে। বগা বল তাতোকৈ আগতেই ধূসৰ হৈ পৰে। কিন্তু পিংক বল দুঘণ্টা পৰ্যন্ত নতুন হৈ থাকে। ইয়াৰ ফলত বলৰ ছুইঙো বেছি হয় যাৰ সুযোগ গ্ৰহণ কৰি আহিছে পেচ বলাৰসকলে। অৱশ্যে ৰিভাৰ্ছ ছুইঙিৰ ক্ষেত্ৰত পিংক বলত পেচাৰসকল সমস্য়াত পৰিব। আনহাতে পিংক বলত গ্ৰিপ তুলনামূলকভাৱে ডাঠ হোৱাৰ বাবে নিপুণ স্পিনাৰে ইয়াৰ সুযোগ ল’ব পাৰে। এক কথাত ক’ব গ’লে এদিনৰ বা টি-২০ ক্ৰিকেটৰ বিপৰীতে  দিবা-নৈশ টেষ্টত বেটছ মেনৰ তুলনাত পিংক বলে বলাকৰ অধিক সুবিধা প্ৰদান কৰিব। ক্ৰিকেটৰ প্ৰকৃত অনুৰাগী সকলে নিশ্চিতভাৱে  ইয়াৰ মজা লোৱাৰ অবকাশ বিচাৰি পাব। ভাৰতত এইখনেই  হ’ব প্ৰথম দিবা-নৈশ টেষ্ট আৰু বিশ্ৱৰ ভিতৰত দ্বাদশ। আৰম্ভণিতে পেচাৰৰ বিৰুদ্ধে পিংক বলত বেটছমেনসকল যথেষ্ঠ সমস্যাত পৰিছিল। উদাহৰণ স্বৰূপে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত ইতিহাসৰ প্ৰথমখন দিবা-নৈশ টেষ্টত এটা দলেও ২৫০ৰানৰ সীমা অতিক্ৰম কৰা নাছিল আৰু তিনিদিনতে খেলখন সমাপ্ত হৈছিল। অবশ্যে পৰবৰ্তী সময়ত  বেটছমেনসকলে নতুন পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই  লৈছে আৰু গুলপীয়া বলৰ ছুইঙৰ সৈতে যুঁজ দিবলৈ সক্ষম হৈছে। দিবা-নৈশ টেষ্টত বেট-বলৰ এই আকৰ্ষণীয় যুঁজে টেষ্ট ক্ৰিকেটক পুনৰ জনপ্ৰিয় কৰি তুলিব বুলি আশা কৰা হৈছে।

দিবা-নৈশ খেল আৰু পিংক বল