মহাপ্রলয়ৰ আগজাননী

মানৱ সভ্যতালৈ গভীৰ সংকট কঢ়িয়াই অনা গোলকীয় উষ্ণতা ৰোধৰ লক্ষ্যৰে ইতিমধ্যে বিশ্বসমুদায় ঐক্যবদ্ধ হৈছে৷ গঢ়ি তুলিছে ব্যাপক সজাগতা অভিযান৷ কিন্তু ইয়াৰ পাছতো মাত্রাধিক হাৰত গ্রীন হাউছ গেছৰ নির্গমনে বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে৷ অকল বায়ুমণ্ডল বিষাক্ত হোৱাই নহয়, গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিণতিত শেহতীয়াকৈ ঘটা কেতবোৰ প্রাকৃতিক পৰিঘটনা চিহ্ণিত হৈছে মহাপ্রলয়ৰ আগজাননী ৰূপে৷ এনে প্রাকৃতিক পৰিঘটনাসমূহৰ ভিতৰত এণ্টার্কটিকাৰ অভিলেখ সৃষ্টিকাৰী তাপমান আৰু আমাজন–ষ্ট্রেলিয়াৰ বিধ্বংসী দাবানল অন্যতম৷ ২০১৫ চনৰ ঐতিহাসিক পেৰিছ চুক্তিত অতি স্পষ্টভাৱে কোৱা হৈছিল যে গ্রীন হাউছ গেছ নির্গমনৰ পৰিমাণ উল্লেখযোগ্যভাৱে হ্রাস কৰিব নোৱাৰিলে ২১০০ চনত পৃথিৱী গ্রহৰ ভূ–পৃষ্ঠৰ তাপমান ২ ডিগ্রী চেলচিয়াছ বৃদ্ধি হ’ব৷ ফলত দুই মেৰুৰ বৰফ ভাণ্ডাৰ দ্রুতগতিত গলিবলৈ আৰম্ভ কৰিব আৰু বাঢ়ি আহিব সমুদ্রৰ জলস্তৰ৷ ইয়াৰ লগে লগে সমুদ্র উপকূলৱর্তী বহু দেশৰ অসংখ্য চহৰৰ অস্তিত্ব বিপন্ন হৈ পৰিব৷ এনে মহাপ্রলয়ৰেই ইংগিত দিছে এণ্টার্কটিকাৰ শেহতীয়া অভিলেখ সৃষ্টিকাৰী উষ্ণতাই৷ ২০১৫ চনত এণ্টার্কটিকাৰ এটা অংশৰ তাপমান ১৭.৫ ডিগ্রী চেলচিয়াছ বা ৬৩.৫০ ডিগ্রী ফাৰেনহাইটপর্যন্ত বৃদ্ধি হৈছিলগৈ৷ ইয়াক চেৰাই যোৱা বৃহস্পতিবাৰে এণ্টার্কটিকাৰ তাপমাত্রা আছিল সর্বকালৰ অভিলেখ সৃষ্টিকাৰী ১৮.৩ ডিগ্রী চেলচিয়াছ বা ৬৪.৯৪ ডিগ্রী ফাৰেনহাইট৷ বিশ্বৰ ১৯৩খন দেশ সদস্যভুক্ত সংস্থা ‘ৱর্ল্ড মেটে’ৰোল’জিকেল অর্গেনাইজেচন’ৰ (ডব্লিউ এম অ’) তথ্যৰ উদ্ধৃতিৰে সংবাদ মাধ্যমত এই উদ্বেগকজনক খবৰ প্রকাশ পাইছে৷ এণ্টার্কটিকাৰ এনে ঊর্ধ্বমুখী পাৰাস্তম্ভৰ বাবে তাত থকা বিশাল বিশাল হিমবাহসমূহ ভঙাৰ উপক্রম হৈছে৷ ফাট মেলিবলৈ ধৰিছে বৃহৎ বৃহৎ গ্লেছিয়াৰসমূহো৷ পৰিণতিত অহা ১০০ বছৰত সাগৰীয় জলপৃষ্ঠ কমেও ১০০ ফুট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ যদিহে এইদৰে সাগৰীয় জলপৃষ্ঠ বৃদ্ধি পায়, তেন্তে উপকূলৱর্তী বহুতো চহৰ সাগৰৰ তলত নিঃশেষ হৈ যোৱাৰ আশংকা কৰা হৈছে৷
বিশ্বৰ অক্সিজেনৰ ভাণ্ডাৰ আমাজনৰ বিধ্বংসী জুইকুৰা কিছুদিন পূর্বে নুমুওৱাৰ পাছতে এইবাৰ জ্বলি উঠিছে অষ্ট্রেলিয়া৷ যোৱা ১৪ জানুৱাৰীত সূত্রপাত ঘটা এই বিধ্বংসী দাবানলে অষ্ট্রেলিয়াৰ ১৮.৬ মিলিয়ন হেক্টৰ ভূমিত সংহাৰৰ বিভীষিকা নমাই আনিছে৷ প্রাৰম্ভিক তথ্য অনুসৰি বহুকেইজন লোক অগ্ণিদগ্ধ হৈ মৃত্যুক সাবটি লোৱাৰ উপৰি জুইত জাহ গৈছে ১০০ কোটি জীৱ–জন্তু৷ ইয়াৰ ভিতৰত কেতবোৰ এনেধৰণৰ প্রজাতিৰ জীৱ–জন্তুও আছে, যিবোৰ হয়তো পৃথিৱীৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ পৰিল৷ জুইত ইতিমধ্যে ৫,৯০০টা অট্টালিকা ধ্বংস হোৱাৰ লগতে প্রায় তিনি হাজাৰ পৰিয়াল সম্পূর্ণৰূপে গৃহহীন হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল আমাজন আৰু অষ্ট্রেলিয়াৰ এই বিধ্বংসী জুয়ে ব্রাজিল, কেলিফ’র্নিয়া, অষ্ট্রেলিয়াকে ধৰি একাংশ দেশৰ অর্থনীতিত বিৰূপ প্রভাৱ পেলোৱাটো ইতিমধ্যে নিশ্চিত হৈছে৷ তদুপৰি জুইৰ ধোঁৱাই ভয়ংকৰভাৱে প্রদূষিত কৰিছে বায়ুমণ্ডল৷ কল–কাৰখানাৰ পৰা নির্গত ধোঁৱা, সামুদ্রিক লৱণ, আগ্ণেয়গিৰিৰ ছাই–ধোঁৱা আদিয়ে বায়ুমণ্ডলত এৰ’চলছৰ উৎপত্তি ঘটায়৷ আমাজন–ষ্ট্রেলিয়াৰ বিধ্বংসী দাবানলৰ ধোঁৱাই মানৱ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক এৰ’চলছৰ মাত্রা বায়ুমণ্ডলত নিশ্চিতভাৱে বৃদ্ধি কৰিছে৷ বিশেষজ্ঞসকলে অতি স্পষ্টভাৱে কৈছে যে এই বিধ্বংসী জুইৰ ধোঁৱা বিশ্বৰ বায়ুমণ্ডলত ইতিমধ্যে বিয়পি পৰিছে৷ ইয়াৰ ফলত বায়ুমণ্ডলত এৰ’চলছ অস্বাভাৱিকভাৱে বৃদ্ধি হৈ সাময়িকভাৱে বিশ্ব হিমায়ন ঘটাব পাৰে৷ অর্থাৎ এই পৰিঘটনাবোৰে পৃথিৱী গ্রহত জীৱকুলৰ বাবে কঢ়িয়াই আনিব পাৰে ভয়াৱহ পৰিস্থিতি৷

Featured
Comments (0)
Add Comment