মহাৰাষ্ট্ৰৰ নিমিলা অংক

মহাৰাষ্ট্ৰত কোনে গঠন কৰিব চৰকাৰ

নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ দিনা অৰ্থাৎ ২৪ অক্টোবৰত হাৰিয়ানাত বিজেপিয়ে নে কংগ্ৰেছে চৰকাৰ গঠন কৰিব তাক লৈ সংশয়ৰ সৃষ্টি হৈছিল। মহাৰাষ্ট্ৰক লৈ কোনেও মূৰ ঘমোৱা নাছিল। প্ৰদেশখনত বিজেপি-শিৱসেনা মিত্ৰজোঁটে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় যাদুকৰী সংখ্যাটো অৰ্জন কৰি লৈছিল। কিন্তু হ’ল ওলোটা। হাৰিয়ানাত ভবাতকৈ সহজে চৰকাৰ গঠন হ’ল মহাৰাষ্ট্ৰ আজিও ওলমি থাকিল। কোনো এটা দলে চৰকাৰ গঠন কৰিব পৰাকৈ ৰাজ্যপালৰ হাতত বিধায়কৰ তালিকা দাখিল কৰিব নোৱাৰাত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰিব লগা হল। ৰাজ্যপালে এটা এটাকৈ তিনিটা দলক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনালে। প্ৰথমে বিজেপিক তাৰ পিছত শিৱসেনা আৰু এন চি পিক। কোনো এটা দলে নোৱাৰিলে। এনে অৱস্থাত প্ৰদেশখনত ৰাষ্ট্ৰপতি শাসনৰ বিকল্প নাছিল। ৰাজ্যখন এতিয়া গভীৰ ৰাজনৈতিক অস্থিৰতাৰ গ্ৰাসত পৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি শাসন জাৰি হোৱা মানে এইটো নহয় যে মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ সকলো সম্ভাৱনা শেষ হৈ গ’ল । সেই প্ৰয়াস চলি থাকিব। ৰাজনীতি এনে এটা বিষয় য’ত সম্ভাৱনাৰ শেষ নাথাকে। সমীকৰণ যেতিয়াই তেতিয়াই সলনি হৱ পাৰে। কোনে ভাবিছিল জন্মু-কাশ্মীৰত পি ডি পি দৰে দল এটাৰ সৈতে বিজেপিয়ে চৰকাৰ গঠন কৰিব। মহাৰাষ্ট্ৰটো তেনে সমীকৰণ এটাই চৰকাৰ গঠনৰ বাট মুকলি কৰি দিব পাৰে। বিজেপিৰে মিলি চৰকাৰ গঠন সম্ভৱ নোহোৱাত শিৱসেনাই এন চি পি আৰু কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰিব বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছিল। এইক্ষেত্ৰত এন চি পি নেতৃত্ৱ মুকলিকৈ আগবাঢ়ি আহিলেও কংগ্ৰেছ নেতৃত্ৱ শেষ মুহূৰ্তলৈকে একপ্ৰকাৰ মৌন হৈ থাকিল। ফলত সেই প্ৰয়াস সদ্যহতে আধৰুৱা হৈ ৰয়। ৰাজ্যপালৰ আমন্ত্ৰণ লাভ কৰিলেও কৰিও শিৱসেনাই চৰকাৰ গঠনৰ দাবী প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। সমাগত দিনবোৰত দলটোৱে চৰকাৰ গঠনৰ বাবে চেষ্টা নচলোৱাকৈ নিশ্চয় নাথাকিব। কিয়নো মহাৰাষ্ট্ৰৰ সংকটটো মূলতঃ শিবসেনাৰেই সৃষ্টি। এটা কথা ঠিক যে মহাৰাষ্ট্ৰৰ ভোটাৰে বিজেপি-শিৱসেনা মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰিছে। দুয়োটা দলে মিলি ১৬১খন আসন লাভ কৰিছে। অৰ্থাৎ চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ১৪৫খন আসনতকৈ ১৫খন আসন বেছি। ইয়াৰ বিপৰীতে বিৰোধী মৰ্চাৰ মূল অংশীদাৰ দল কংগ্ৰেছ ৪৪খন আৰু এন চি পি ৫৪খন আসনতহে জয়ী হৈছে।

নীতিগত দিশৰ পৰা বিশেষ পাৰ্থক্য নথকা বিজেপি আৰু শিৱসেনাক ৰাজনৈতিক ক্ষেত্ৰখনত স্ৱাভাৱিক মিত্ৰ বুলি ধৰি লোৱা হৈছিল। তৎসস্ত্ৱেও দল যথেষ্টখিনি আপোচ কৰিহে মিত্ৰতাৰ
ধাৰাটো অব্যাহত ৰাখিবলৈ সক্ষম হয়। ইয়াৰ মিত্ৰতাৰ ক্ষেত্ৰত এসময়ত অগ্ৰজ ভাতৃৰ ভূমিকা লৈছিল। পৰৱৰ্তী সময়ত ওলোটামুখী যাত্ৰা আৰম্ভ হয়। ঠিক অগপৰ দৰে। এসময়ত অসমত অগপ আছিল জ্য়েষ্ঠ ভাতৃৰ ভূমিকাত। কিন্তু আঞ্চলিক দলটোৱে সেই স্থিতি কেতিয়াবাই হেৰুৱালে। অসমত এতিয়াহে বিজেপিহে মিত্ৰজোঁটৰ প্ৰধান দল। অনুৰূপ ধৰণে মহাৰাষ্ট্ৰটো বিজেপিৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক শক্তিৰ সন্মুখত শিৱসেনাৰ সৃষ্টি দুৰ্বল হৈ পৰিছে।দলটোৱে মহাৰাষ্ট্ৰত নিজৰ শক্তি-সামৰ্থ্যক তুলি ধৰাৰ উদ্দেশ্য সময়ে সময়ে ৱিজেপিৰ সৈতে সংঘাতত লিপ্ত হয়। এইবেলিও ফলাফল ঘোষণাৰ লগে লগে শিৱসেনাৰ সুৰ সলনি হোৱাৰ মূল কাৰণো সেইটোৱে। শিৱসেনাৰ নেতৃত্ৱই এটা কথা ভালদৰেই জানে যে এই মুহূৰ্তত বিজেপি সাফল্যৰ শিখৰত আছে। দলটোত নৰেন্দ্ৰ মোদী অমিত শ্ৱাহৰ দৰে দুগৰাকী শক্তিশালী নেতা আছে এনে অৱস্থাত ১০৫খন আসনত জয়ী হোৱা বিজেপিয়ে কোনো কাৰণতে মুখ্যমন্ত্ৰীৰ পদটো আঢ়ৈ বছৰীয়া কাৰ্যকালৰ বাবে ভগাই নলয়। এইটো বিজেপিৰ বাবে অপমানজনক চৰ্ত। তৎসত্ত্ৱেও শিবসেনাই সংখ্যাৰ গণিতত লাভ কৰা সুবিধাজনক স্থিতিৰ সুযোগ লৈ আঢ়ৈ বছৰৰ বাবে মুখ্য়মন্ত্ৰী পদটো বিজেপিৰ পৰা বিচাৰে। এনে অৱস্থাত দলদুটাৰ মাজত মিত্ৰতা তিষ্ঠি থকাৰ সম্ভাবনা নাছিলেই। মুখ্যমন্ত্ৰীৰ পদটোৰ ক্ষেত্ৰত শিৱসেনাই নৰম স্থিতি গ্ৰহণ কৰিলে চৰকাৰ গঠনত আনকোনো বাধা নাথাকিলেহেঁতেন। সৰল অৰ্থত শিৱসেনাই নিজে পতা জালখনতে নিজেই বন্দী হল। দলটোৱে পৰবৰ্তী সময়ত এন চি পি আৰু কংগ্ৰেছৰ সৈতে মিলি চৰকাৰ গঠন কৰিব বুলি ধাৰণা এটা দিছে যদিও অদ্যাপি সেইটো সফল হোৱা নাই। কিয়নো মহাৰাষ্ট্ৰত এন চি পি আৰু শিৱসেনাৰ ভোটাৰৰ মাজত আছে আকাশ-পাতাল ব্যৱধান। এন চি পিৰ সৈতে মিলি চৰকাৰ গঠন কৰা মানেই শিৱসেনাই নিজেই নিজৰ বাবে কবৰ খন্দা। আনহাতে এন চি পিয়ে আঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰীৰ পদটো বিচাৰিলে শিৱসেনাই নিদিয়াকৈ থাকিবও নোৱাৰিব। বিজেপিয়ে সংঘাতৰ সেইটোৱেই প্ৰধান কাৰণ আছিল। একদৰে কংগ্ৰেছও শিৱসেনাৰ সৈতে ক্ষমতা ভগাব নোৱাৰে। দুয়ো দলৰ নীতি পূৱ আৰু পশ্চিমৰ দৰে বিপৰীত ধাৰাৰ। ৩৭০নং ধাৰা তিন তালাকৰ দৰে বহু বিষয়ত শিৱসেনা আৰু কংগ্ৰেছৰ নীতি নিমিলে। বীৰ সাৱাৰকাৰৰ ক্ষেত্ৰতো কংগ্ৰেছৰ স্থিতি শিৱসেনাৰ সম্পূৰ্ণ বিপৰীত তদুপৰি শিৱসেনাৰ সৈতে মিলি চৰকাৰ গঠন কৰা আৰু বিজেপিৰ সৈতে চৰকাৰ গঠন কৰাৰ মাজতো বিশেষ পাৰ্থক্য নাথাকিব। ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰত কংগ্ৰেছে যিখন তুলাচনীৰে বিজেপিক জোখে একেখন তুলাচনীৰে বিজেপিকো জোখে। স্ৱাভাৱিকতে এনচিপি-কংগ্ৰেছৰ সৈতে শিবসেনাৰ মিত্ৰতা সহজ নহয়। যিহেতু ৰাজনীতিত সম্ভাবনাৰ শেষ নাই তিনিওটা দল মিলি চৰকাৰ গঠন কৰিবও পাৰে অবশ্যে পৰিশেষত সকলো খং-অভিমান বাদ দি শিবসেনাই বিজেপিৰ কাষ চপাৰ সম্ভাৱনাই অধিক।

মহাৰাষ্ট্ৰৰ নিমিলা অংক