সামাজিক মাধ্যমৰ ভৱিষ্যৎ

ইণ্টাৰনেটৰ সহজলভ্যতাই সামাজিক মাধ্যমবোৰক মানুহৰ মাজত অতি জনপ্রিয় কৰি দিছিল আৰু সি ব্যক্তিগত আৰু সামাজিক উভয় ক্ষেত্রতে প্রভাৱ বিস্তাৰ কৰিছিল৷ যোগাযোগ স্থাপনৰ ক্ষেত্রত প্রয়োজন হোৱা নিম্নতম সময় আৰু পোনপটীয়া যোগাযোগ স্থাপনৰ সুবিধাই আছিল এই মাধ্যমবোৰৰ জনপ্রিয়তাৰ মূল কাৰণ৷ কিন্তু অলপতে আমেৰিকা যুক্তৰাষ্ট্রত চলোৱা এটি সমীক্ষাত প্রকাশ পাইছে যে প্রায় চল্লিছ শতাংশ মানুহে এই সামাজিক মাধ্যমবোৰৰ ব্যৱহাৰ কমাই দিছে আৰু এইটোক সপ্তাহৰ শেষৰ এটা সাধাৰণ বিনোদনৰ ধৰণেহে গ্রহণ কৰিবলৈ লৈছে৷ এই সমীক্ষাই ভাৰতৰ টেলিভিছন বিপ্লৱৰ ছবিখনৰ কথা মনত পেলাই দিয়ে৷ টেলিভিছন মূলতঃ দূৰদর্শনৰ আগমনৰ পৰাই অনাতাঁৰ আৰু ছপা মাধ্যমৰ প্রতি মানুহৰ আগ্রহ কমি গৈছিল, কেব্ল টিভিয়ে দূৰদর্শনৰ মোহ কমাই দিলে আৰু ম’বাইল বিপ্লৱে টেলিভিছনৰ আকর্ষণ কমাই দিলে৷ একে কথাই সামাজিক মাধ্যমবোৰৰ ক্ষেত্রতো অলপ পৰিমাণে হ’লেও প্রযোজ্য হ’ব বুলি মাধ্যম–গৱেষকসক অনুমান কৰে৷ সামাজিক মাধ্যমত যি দ্রুতগতিত সংবাদ বিয়পি পৰে, প্রধানতঃ সেই গুণটোৰ বাবেই এই মাধ্যমটো ছপা সংবাদ মাধ্যমৰ প্রতিদ্বন্দ্বী হৈ উঠিব পৰাৰ সম্ভাৱনা আছিল৷ কিন্তু সম্পাদনা ব্যৱস্থা নথকাত, সংবাদৰ উৎসৰ বিশ্বাসযোগ্যতা নথকাত এই মাধ্যমটোৱে ভবা মতে গুৰুত্ব পাবলৈ সক্ষম নহ’ল৷ বিশেষকৈ এই মাধ্যমত প্রকাশিত আৰু প্রচাৰিত বহু সংবাদৰ ভুল আৰু নির্মিত সংবাদ হিচাপে প্রচাৰ হোৱাত ইয়াৰ সংবাদৰ গুৰুত্ব লাহে লাহে কমি আহিবলৈ ধৰিলে৷ এয়া মাধ্যমটোৰ দোষ নহয়, ব্যৱহাৰকাৰীসকলৰ দোষ ৷ কিন্তু তৎসত্ত্বেও সামাজিক মাধ্যমবোৰৰ গুৰুত্ব কমি নোযোৱাৰ কাৰণ হ’ল বিভিন্ন প্রতিষ্ঠানে এই মাধ্যমটোৰ শক্তিক নিজৰ কামত সঠিকভাৱে ব্যৱহাৰ কৰি থাকিবলৈ লোৱা বিভিন্ন উদ্ভাৱনী কৌশল৷ বিভিন্ন সংবাদ মাধ্যম, পণ্য দ্রব্যৰ উৎপাদনকাৰী, অনলাইন ব্যৱসায়ী আৰু প্রচাৰ এজেন্সীবোৰে এই মাধ্যমত প্রকাশিত তথ্যৰ সততা আৰু বিশ্বাসযোগ্যতা ৰক্ষা কৰাত যিবোৰ ব্যৱস্থা হাতত লৈছে সেইবোৰে এই মাধ্যমটোক সাধাৰণ লোকৰ দৈনন্দিন জীৱনৰ অংগ কৰি তোলাত সহায় কৰিছে৷
সামাজিক মাধ্যমবোৰৰ প্রধান আকর্ষণী শক্তি হ’ল ইয়াৰ যোগেৰে মত প্রকাশ কৰাৰ লগতে অইনৰ মতৰ ওপৰতো নিজৰ মত বা অমত প্রকাশ কৰাৰ তাৎক্ষণিক সুবিধা৷ এক কথাত এই দুমুখীয়া যোগাযোগ ব্যৱস্থাই সামাজিক মাধ্যমবোৰৰ প্রধান আকর্ষণ আৰু শক্তি৷ পৰম্পৰাগত মাধ্যমবোৰত পাঠক বা দর্শকে নিজৰ মত প্রকাশ কৰিবলৈ একাধিক দিন অপেক্ষা কৰিব লগাত পৰিছিল আৰু তাৰ পাছতো একো নিশ্চয়তা নাছিল যে তেওঁৰ মত প্রকাশ হ’বই৷ কিন্তু সামাজিক মাধ্যমবোৰত সেই প্রতিবন্ধকতা একেবাৰেই নাই৷ অৱশ্যে অনাতাঁৰ মাধ্যমে দুমুখীয়া যোগাযোগ ব্যৱস্থাৰ পাতনি আগতেই মেলিছিল আৰু তাৰ সফলতাও লাভ কৰিছিল৷ টেলিভিছনৰ আগমনত শ্রোতাৰ সংখ্যা কমি যোৱা আকাশবাণীয়ে ফোন ইন ব্যৱস্থাৰে শ্রোতাক ওচৰ চপাই আনিছিল আৰু শ্রোতাক অকল শ্রোতা হিচাপে নাৰাখি অংশগ্রহণকাৰী হোৱাৰো সুবিধা দিছিল আৰু সেই ব্যৱস্থাই আকাশবাণীক নতুন অক্সিজেনৰ যোগান ধৰিছিল৷ সামাজিক মাধ্যমবোৰক সক্রিয় কৰি ৰাখিবলৈ আৰু অধিক সক্রিয় কৰি তুলিবলৈ মাধ্যমবোৰে নিজকে অধিক গুণসম্পন্ন কৰি তুলিব লাগিব আৰু সেই গুণবোৰ হ’ব লাগিব প্রয়োগ মূল্যসম্পন্ন৷ নতুন আৰু এটা প্রতিদ্বন্দ্বী মাধ্যম আহি জনপ্রিয় নোহোৱালৈকে এতিয়াৰ সামাজিক মাধ্যমবোৰৰ আধিপত্য থাকিবই, উপযুক্ত কাৰণ নোহোৱাকৈ প্রয়োগ কৰি থকা ব্যৱহাৰকাৰীসকল লাহে লাহে ইয়াৰ পৰা আঁতৰি যাব আৰু তেতিয়াই ইয়াৰ ক্ষমতা অধিক বৃদ্ধি পাব৷ বিজ্ঞাপন আৰু প্রচাৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰাসকলে এই কথাবোৰৰ প্রতি মনোযোগ দি নিজকে সেই ধৰণে সাজু কৰি ৰখাৰ সময় আহি পৰিছে৷ সামাজিক মাধ্যমবোৰত এতিয়া দৃশ্যৰ প্রাধান্য বৃদ্ধি পাইছে আৰু দ্রুতগতিত বৃদ্ধি পাবলৈ গৈ আছে দৃশ্য–শ্রাব্যৰ সঠিক মিলন থকা ভিডি’ আৰু ই এই দিশৰ কাৰিকৰসকলৰ বাবে এখন নতুন দুৱাৰ খুলি দিব৷ অসমৰ এই নিশকতীয়া দিশৰ কাৰিকৰসকল সাজু হোৱাটো সামাজিক মাধ্যম আৰু প্রচাৰ ব্যৱসায়ী উভয়ৰে বাবে ফলদায়ক হৈ উঠিব৷