গুৱাহাটীৰ কৃত্রিম বান

তিনিদিন ধৰি মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীৰ বহু অঞ্চল প্লাৱিত হৈছে৷ ৫ অক্টোবৰৰ পৰা নেৰানেপেৰা বৰষুণৰ বাবে গুৱাহাটীৰ অধিকাংশ বাট–পথ পানীত বুৰ গৈছে৷ মানুহৰ ঘৰ–দুুৱাৰত নলা–নর্দমাৰ পানী সোমাইছে৷ এই সময়ছোৱাত গুৱাহাটীৰ কেইবাটাও অঞ্চলৰ ৰাজপথত যান–বাহন আৰু মানুহৰ চলাচল বন্ধ হৈছে৷ গুৱাহাটীত কৃত্রিম বানে সৃষ্টি কৰা পৰিস্থিতিয়ে মহানগৰীখনৰ স্বাভাৱিক জীৱনযাত্রা ব্যাহত কৰিছে৷ কৃত্রিম বানৰ এনে দুর্বিষহ সমস্যাৰ পৰা ৰাইজে পৰিত্রাণ বিচাৰিছে৷ গুৱাহাটীৰ কৃত্রিম বান নতুন কথা নহয়৷ দশক দশক ধৰি গুৱাহাটীত কৃত্রিম বানৰ সমস্যাত ভুগিছে উত্তৰ–পূর্বাঞ্চলৰ একমাত্র মহানগৰীখনৰ ৰাইজে৷ সময়ৰ লগে লগে গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যা সমাধান হোৱাৰ পথ প্রশস্ত হোৱাৰ বিপৰীতে বন্ধ পানীৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ বৰষুণ আহিলেই গুৱাহাটীৰ অনিল নগৰ, নবীন নগৰ অঞ্চল কেইবাদশক ধৰি প্লাৱিত হয়৷ এতিয়া অনিল নগৰ, নবীন নগৰসদৃশ গুৱাহাটীৰ কেইবাটাও অঞ্চল প্লাৱিত হ’বলৈ ধৰিছে৷ বন্ধ পানীৰ সমস্যাই সৃষ্টি কৰা এনে ভয়াৱহ অৱস্থাৰ বাবে নবীন নগৰ, অনিল নগৰ অঞ্চলত বসবাস কৰা কেইবাটাও পুৰণি পৰিয়ালে কম মূল্যতে ঘৰ–বাৰী বিক্রী কৰি নতুবা বিল্ডাৰক গতাই নতুন অঞ্চলৰ আৱাসী হৈছে৷ আমাৰ গ্রামাঞ্চলৰ লোকসকলৰ মাজত চহৰমুখী প্রৱণতা বৃদ্ধি হৈছে৷ বছৰ বছৰ ধৰি এনে প্রৱণতা অধিক হোৱাৰ ফলত গুৱাহাটী মহানগৰীৰ জনসংখ্যাও লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ ১৯৯১ চনত গুৱাহাটীৰ জনসংখ্যা আছিল প্রায় ৬ লাখ৷ ২০০০ চনত গুৱাহাটীৰ জনসংখ্যা ৮ লাখ হৈছিল৷ ২০১১ চনত গুৱাহাটী মহানগৰীৰ জনসংখ্যা ১১.৭৬ লাখলৈ বৃদ্ধি হৈছে৷ বর্তমান মহানগৰীৰ জনসংখ্যা প্রায় ১৩ লাখ হৈছে৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে গুৱাহাটী মহানগৰীৰ আৱাসভূমি সম্প্রসাৰিত হৈছে আৰু নতুন নতুন অঞ্চলত বাসগৃহ নির্মাণ হৈছে৷ মহানগৰীৰ পাহাৰ–পর্বত, খাল–বিল, পিটনি আদিতো জনবসতি গঢ়ি উঠিছে৷ ঘাইকৈ জীৱন–জীৱিকা আৰু সন্তানৰ উপযুক্ত শিক্ষাৰ স্বার্থতে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ মাজত চহৰমুখী প্রৱণতা বৃদ্ধি হৈছে৷ এনে প্রৱণতা বৃদ্ধিৰ অন্তৰালত আছে গ্রামাঞ্চলৰ উন্নয়নৰ প্রতি চৰকাৰৰ দীর্ঘদিনীয়া অৱহেলা৷ ঘাইকৈ বাট–পথৰ উন্নয়ন, প্রয়োজনীয় শিক্ষা আৰু স্বাস্থ্যসেৱা ক্ষেত্রৰ আন্তঃগাঁথনিৰ পৰিৱর্তনৰ যোগেৰে চহৰমুখী প্রৱণতা হ্রাস কৰিব পাৰি৷ কিন্তু এনে পদক্ষেপ গ্রহণ নকৰাৰ বাবে মাথোঁ গুৱাহাটীয়েই নহয়, ৰাজ্যখনৰ সৰু–বৰ চহৰসমূহে জনসংখ্যাৰ অত্যধিক বোজা বহন কৰিব লগা হৈছে৷ ফলত প্রতিখন চহৰতে এতিয়া কৃত্রিম বান এক ভয়াৱহ সমস্যাৰূপে দেখা দিছে৷
এজন নাগৰিকে গাঁৱত বাস কৰিবনে চহৰত কৰিব, সেয়া তেওঁৰ ব্যক্তিগত পছন্দ৷ কিন্তু গাঁৱৰ নিম্ন মধ্যবিত্ত তথা মধ্যবিত্ত পৰিয়ালৰ মাজত চহৰমুখী প্রৱণতা দিনকদিনে অধিক হাৰত বৃদ্ধি পোৱাৰ অন্তর্নিহিত কাৰণসমূহৰ এতিয়ালৈ বিজ্ঞানসন্মত জৰীপ হোৱা নাই৷ গাঁৱৰ প্রাকৃতিক পৰিৱেশক এলাগী কৰি, পৈতৃক ঘৰ–বাৰী এৰি চহৰত একঠা ভূমিত ঘৰ–বাৰী সাজি কিয় নগৰীয়া জীৱনৰ প্রতি সর্বসাধাৰণ লোকৰ মাজত আকর্ষণ বাঢ়িছে, সেয়া চিন্তনীয়৷ নগৰ অঞ্চলত বৃদ্ধি পোৱা জনসংখ্যা বৃদ্ধিৰ বাবেই যে কৃত্রিম বানৰ সমস্যা বৃদ্ধি হৈছে, সেয়া নিশ্চিত৷ কিন্তু ইয়াৰ বাবে আমি গ্রামাঞ্চলৰ লোকসকলৰ চহৰমুখী প্রৱণতাক জগৰীয়া কৰিলেই নহ’ব৷ গুৱাহাটী মহানগৰীকে ধৰি চহৰ অঞ্চলত নতুনকৈ গঢ়ি উঠা আৱাসিক অঞ্চলসমূহৰ প্রতি সংশ্লিষ্ট বিভাগ আৰু প্রশাসনে কোনো পৰিকল্পনা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ নগৰ অঞ্চলৰ সম্প্রসাৰণ এক স্বাভাৱিক প্রক্রিয়া৷ মহানগৰ অথবা চহৰ এখনৰ বিকাশৰ গতি বর্তাই ৰাখিবলৈ হ’লে ইয়াৰ পৰিসীমাও বৃদ্ধি হ’বই লাগিব৷ কিন্তু নতুনকৈ ঔদ্যোগিক অথবা আৱাসিক অঞ্চল গঢ়ি উঠাৰ পূর্বে সেই অঞ্চলটোৰ বাট–পথ আৰু পানী ওলাই যোৱাৰ পথ পৰিকল্পিতভাৱে চিনাক্ত নকৰাৰ ফলতে কৃত্রিম বানৰ সমস্যা দিনকদিনে বৃদ্ধি হৈছে৷ নতুন অঞ্চলত আৱাস নির্মাণকাৰীসকলে আজিও চৰকাৰী বাট–পথ অথবা বিদ্যুৎ সংযোগৰ সুবিধা লাভ নকৰে৷ ৰাস্তা–ঘাট নিজাকৈ নির্মাণ কৰিব লাগে, বিদ্যুৎ সংযোগতো হোৱা সমুদায় পুঁজি ৰাইজে বহন কৰিব লাগে৷ ফলত পৰিকল্পিত চহৰ নির্মাণত বাধাৰ সৃষ্টি হৈছে৷ গুৱাহাটীৰ বন্ধ পানীৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰাৰ অন্যতম কাৰক হৈছে ভৰলু আৰু বাহিনী নৈৰ ওপৰত চলোৱা বেদখল আৰু পৰিকল্পনাবিহীন আঁচনি৷ গুৱাহাটীৰ বৰষুণত জমা হোৱা বন্ধ পানীৰ সিংহভাগ বহন কৰে ভৰলু আৰু বাহিনী নৈয়ে৷ চলাবিল, দীপৰ বিলৰ জৰিয়তে বহু বন্ধ পানী ওলাই যায়৷ বিগত সময়ছোৱাত ভৰলু আৰু বাহিনী নৈৰ ওপৰত চলোৱা অবাধ বেদখলৰ বাবে নৈ দুখন জানত পৰিণত হৈছে৷ একাংশ কাণ্ডজ্ঞানহীন মহানাগৰিকে ভৰলু আৰু বাহিনী নৈক আৱর্জনা পেলোৱাৰ ডাষ্টবিনৰূপে ব্যৱহাৰ কৰিছে৷ ফলত ভৰলু আৰু বাহিনী নৈৰ সোঁত বন্ধ হোৱাৰ উপক্রম হোৱাই নহয়, ইয়াৰ পানী ক’লা হৈছে৷ গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যা সমাধান কৰাটো এতিয়া সহজসাধ্য নহয়৷ ইয়াৰ বাবে চৰকাৰে বিজ্ঞানসন্মত আৰু দীর্ঘম্যাদী আঁচনি গ্রহণ কৰিব লাগিব৷ বন্ধ পানীৰ সোঁত স্বাভাৱিকভাৱে বোৱাই নিয়াৰ বাবে ভৰলু আৰু বাহিনী নৈক অধিক কার্যক্ষম কৰিব লাগিব৷ নৈ দুখনৰ লগতে চলাবিল, দীপৰবিল, শিলসাঁকোকে ধৰি কৃত্রিম বানৰ উৎস ৰূপে দেখা দিয়া বাধাসমূহ দূৰ কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰা উচিত৷

Featured