পৰমাণু অস্ত্র নির্মাণৰ প্রতিযোগিতা

ৰাষ্ট্রসংঘই পৰমাণু যুদ্ধক কেতিয়াও সমর্থন নকৰে৷ পৰমাণু অস্ত্র নির্মাণতো সমর্থন নজনায়৷ তথাপি বিশ্বৰ পৰমাণু অস্ত্র নির্মাণ কৰা দেশকেইখনে এই অস্ত্র ভাণ্ডাৰ বৃদ্ধি কৰি আছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বিশ্বত শান্তিৰক্ষাৰ বাবে ৰাষ্ট্রসংঘৰ গঠন হয় আৰু এই ৰাষ্ট্রসংঘৰ দ্বাৰাই বিশ্বৰ দেশসমূহৰ মাজত ঐক্য-শান্তি বর্তাই ৰখাৰ লগতে পৰমাণু যুদ্ধৰ বিৰোধিতা কৰা হয়৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত আমেৰিকা যুক্তৰাষ্ট্র নেতৃত্বাধীন সন্মিলিত পৰমাণু বোমা পেলাই যি নৰসংহাৰ চলাইছিল, তাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি মানৱ জাতিৰ কল্যাণৰ বাবে পৰমাণু বোমা কেতিয়াও কোনো দেশে কাৰো ওপৰত নিক্ষেপ কৰাৰ পৰা নিজকে আঁতৰাই ৰখাৰ অংগীকাৰবদ্ধ হয়৷ হিৰোছিমা আৰু নাগাছাকিয়ে পৰমাণু বোমাৰ ভয়াৱহতাক যুগ যুগ ধৰি শিহৰিত কৰি আহিছে৷ পৰমাণু বোমাৰ ধ্বংসলীলা ভয়াৱহ বুলি জানিও বিশ্বৰ দেশসমূহে পৰমাণু অস্ত্র নির্মাণত কিয় ব্যস্ত হৈ আছে, তাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ পৰমাণু অস্ত্র নির্মাণ কৰি ভাণ্ডাৰ বৃদ্ধি কৰা দেশকেইখনে হৈছে আমেৰিকা যুক্তৰাষ্ট্র, ৰাছিয়া, চীন, গ্রেট ব্রিটেইন, ফ্রান্স, ভাৰত, পাকিস্তান, উত্তৰ কোৰিয়া আৰু ইজৰাইল৷ বিশ্বৰ শক্তিশালী দেশসমূহে পৰমাণু অস্ত্র বৃহৎ পৰিমাণে নির্মাণ কৰাৰ লগতে উন্নয়নশীল দেশেও পৰমাণু অস্ত্র নির্মাণত গুৰুত্ব দি আহিছে৷ পৰমাণু অস্ত্র নির্মাণ হৈ থকা প্রক্রিয়াটোৱে পৰমাণু অস্ত্রৰ বিভীষিকাক প্রমাণ কৰি আহিছে৷ পৰমাণু অস্ত্র প্রয়োগত নিষেধাজ্ঞা থকা সত্ত্বেও পৰমাণু অস্ত্রৰে শক্তিশালী দেশে বিগত বর্ষত নতুনকৈ অস্ত্র নির্মাণ কৰিছে৷ ষ্ট’কহম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইনষ্টিটিউট চমুকৈ এছআইপিআৰআই–এ চলিত বর্ষৰ জুন মাহত প্রকাশিত পৰমাণু অস্ত্রৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷
পৰমাণু অস্ত্র ব্যৱহাৰ নকৰাৰ বাবে বিশ্বৰ দেশসমূহে অংগীকাৰবদ্ধ হোৱাৰ পিছতো দ্রুতগতিত বিশ্বৰ দেশে দেশে পৰমাণু অস্ত্র নির্মাণ হৈ আছে৷ পৰমাণু অস্ত্র নির্মাণৰ ক্ষেত্রত কোন দেশ আগবাঢ়ি আছে, তাক লৈও চর্চা চলিছে৷ এছআইপিআৰআইৰ প্রতিবেদনত প্রকাশ পোৱা তথ্য মতে, সম্প্রতি বিশ্বত ১২,১২১টা পৰমাণু অস্ত্র আছে৷ ইয়াৰে ভিতৰত ৯,৫৮৫টা ব্যৱহাৰৰ উপযুক্ত হৈ আছে৷ বিশ্বত মজুত হৈ থকা ১২ হাজাৰৰো অধিক পৰমাণু অস্ত্রৰ ভিতৰত ৩,৯০৪টা অস্ত্র মিছাইল কিম্বা বিমানৰ জৰিয়তে নিক্ষেপ কৰিব পাৰি৷ প্রতিবেদনত গুৰুত্ব সহকাৰে প্রকাশ কৰা মতে ভাৰতে পৰমাণু অস্ত্রৰে চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক অতিক্রম কৰিছে৷ বিগত বর্ষত ভাৰতে পৰমাণু অস্ত্র নতুনকৈ নির্মাণ কৰাৰ ফলত পাকিস্তানত পাৰমাণৱিক অস্ত্রৰ সংখ্যাক চেৰ পেলাবলৈ সক্ষম হৈছে৷ বিগত ২৫ বছৰৰ পিছত ভাৰতে পৰমাণু অস্ত্রত পাকিস্তানক পিছ পেলাইছে৷ বর্তমান ভাৰতৰ হাতত ১৭২টা পৰমাণু অস্ত্র থকাৰ বিপৰীতে পাকিস্তানৰ হাতত আছে ১৭০টা৷ লক্ষণীয় যে বিশ্বত মজুত থকা ১২ সহস্রাধিক পৰমাণু অস্ত্রৰ ভিতৰত ৯০ শতাংশই আমেৰিকা যুক্তৰাষ্ট্র আৰু ৰাছিয়াৰ হাতত আছে৷ ৰাছিয়াৰ পৰমাণু অস্ত্রৰ ভাণ্ডাৰ সবাতোকৈ বেছি৷ বর্তমান ৰাছিয়াৰ হাতত আছে ৪৪৮৯টা যুদ্ধত ব্যৱহাৰ কৰিব পৰা পৰমাণু অস্ত্র৷ ৰাছিয়াৰ পিছত আমেৰিকা যুক্তৰাষ্ট্রৰ হাতত আছে ৩৭০৮টা পৰমাণু অস্ত্র৷ বিশ্বৰ তৃতীয় বৃহত্তম পৰমাণু অস্ত্র শক্তিধৰ দেশ হৈছে চীন৷ চীনৰ হাতত মজুত আছে ৫০০টা পৰমাণু অস্ত্র৷ ফ্রান্স আৰু গ্রেট ব্রিটেইনৰ হাতত আছে ক্রমে ২৯০ আৰু ২৫০টা পৰমাণু অস্ত্র৷ বিশ্বৰ ৰাজনীতিৰ প্রতি লক্ষ্য ৰাখি দেশসমূহৰ মাজত থকা অস্ত্রৰ ভাণ্ডাৰ প্রত্যেকখন দেশেই গোপন কৰি ৰাখিছে৷ অর্থাৎ বিশ্বৰ দেশসমূহত মাজত থকা পৰমাণু অস্ত্রৰ সংখ্যা বর্ধিত হ’ব পাৰে৷ ইপিনে দুই চিৰবৈৰী ৰাষ্ট্র ভাৰত–পাকিস্তানৰ মাজত সামৰিক শক্তি বৃদ্ধিৰ প্রতিদ্বন্দ্বিতা হৈ থকাৰ বাবে পৰমাণু অস্ত্র বৃদ্ধিৰ প্রতিও গুৰুত্ব দিয়া হৈছে৷ ইজৰাইলৰ হাতত ৯০টা আৰু উত্তৰ কোৰিয়াৰ হাতত ৪০টা পৰমাণু অস্ত্র আছে৷ এছআইপিআৰআয়ে প্রকাশ কৰা মতে সংশ্লিষ্ট দেশসমূহৰ তথ্যৰ আধাৰত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ প্রকাশ কৰা হৈছে যদিও এই সংখ্যাৰ তাৰতম্য হ’ব পাৰে৷ আনপিনে ২০৩৫ চনৰ ভিতৰত চীনে অস্ত্র ভাণ্ডাৰ বৃদ্ধি কৰি ১৫০০লৈ বর্ধিত কৰিব৷ চীনে দেশখনৰ ভূগর্ভত পৰমাণু অস্ত্র নির্মাণ কৰা আৰম্ভ কৰিছে৷ বিশ্বৰ দেশসমূহৰ মাজত পৰমাণু অস্ত্রৰ ভাণ্ডাৰ বৃদ্ধি কৰাৰ প্রৱণতা বিশ্বৰ মানৱ জাতিৰ বাবে শুভ লক্ষণ নহয়৷ কিয়নো মানৱ জাতিয়ে কেতিয়াও নিবিচাৰে পৰমাণু অস্ত্রৰে জাপানৰ হিৰোছিমা, নাগাছাকিৰ দৰে ধ্বংসলীলা৷ বিশ্বশান্তিৰ বাবে দেশসমূহে পৰমাণু অস্ত্র নির্মাণৰ পৰা আঁতৰি অহা উচিত৷ মানৱ জাতিৰ বাবে অতি বিপজ্জনক পৰমাণু অস্ত্র নির্মাণ আৰু এই অস্ত্রৰ ব্যৱহাৰ কোনো কাৰণতে সমর্থনযোগ্য নহয়৷ এই কথা মানৱ জাতিৰ মংগলৰ বাবে পৰমাণু অস্ত্র নির্মাণৰ প্রতিযোগিতা কৰা দেশসমূহে গভীৰভাৱে অনুধাৱন কৰা উচিত৷

Featured