সম্পাদকীয় : ৰক্তপিপাসু

কথাতে কোৱা হয় লালসাই মানুহক অন্ধ আৰু মূর্খত পৰিণত কৰে৷ শিক্ষা–সংস্কাৰ, জ্ঞান–বিবেক সকলো অসাৰ কৰি তোলে৷ শেহতীয়াকৈ ৰাজ্যখন তোলপাৰ লগাই থকা অনলাহন ট্ৰেডিং আখ্যানটোও ইয়াৰে প্রকাশ আৰু প্রতিফলন৷ কেলেংকাৰিটো মুঠ কিমান টকাৰ, হিচাপটো এতিয়াও স্পষ্ট হোৱা নাহ৷ চৰকাৰীভাৱেও কোনো তথ্য সদৰী কৰা হোৱা নাই৷ তথাপি ধৰি লোৱা হৈছে যে পৰিমাণটো একুৰি হাজাৰ কোটি টকামান হ’ব৷ অধিক হোৱাৰো সম্ভাৱনা আছে৷ অকল বিশাল ফুকন–চুমি বৰা বাহিনীৰ জৰিয়তে হোৱা কেলেংকাৰিত ২,২০০ কোটি টকা লুণ্ঠন হোৱা বুলি সংবাদ মাধ্যমত প্রকাশ আৰু সম্প্রচাৰ হৈছে৷ এয়া সমগ্র কেলেংকাৰিটোৰ এটা অংশহে৷ সময় আগবঢ়াৰ লগে লগে নতুন নতুন খলনায়কৰ নাম কেলেংকাৰিটোত সংযোজন হৈ গৈ থাকিব৷ ধনৰ পৰিমাণো বৃদ্ধি হৈ গৈ থাকিব৷ লক্ষণীয় কথাটো হৈছে কেলেংকাৰিৰ জালখন অসমজুৰি বিস্তাৰ হৈ আছে৷ বৰাক–ব্রহ্মপুত্র দুয়ো ডপত্যকাতে ৰাজ্যখনৰ জনসাধাৰণ ফান্দখনত বন্দী হৈছে৷ তাৎপর্যপূর্ণ কথাটো হৈছে ৰাজ্যখনত সময়ে সময়ে এনেধৰণৰ বিত্তীয় কেলেংকাৰি সংঘটিত হৈ আহিছে যদিও হয়াৰ পৰা সমাজখনে শিক্ষাগ্রহণ কৰিছে বুলি ক’ব নোৱাৰি৷ কেহবছৰমান পূর্বে ৰ’জভেলী, সাৰদা আদি তথাকথিত বিত্তীয় প্রতিষ্ঠানৰ লুণ্ঠনে ৰাজ্যখন তোলপাৰ লগাহছিল৷ তাতো মূল কথাটো আছিল মানুহৰ লালসা৷ লালসাত অন্ধ হৈ মানুহে নিজৰ নিজৰ বিবেক–বুদ্ধিক দেখ দেখকৈ অসম্ভৱ মুনাফাৰ স্বপ্ণ দেখুওৱা লোকৰ ওচৰত বন্ধকত থৈ দিছিল৷ সেহ লুণ্ঠনকাৰী প্রতিষ্ঠানসমূহৰ প্রলোভনৰ জালত ভৰি ৰাজ্যখনৰ হাজাৰ হাজাৰ পৰিয়ালৰ জীৱনলৈ অমানিশা নামি আহিছিল৷ অধিক মুনাফাৰ মোহত অন্ধ হৈ কোনো কোনো লোকে নিজৰ মাটি–সম্পত্তিপর্যন্ত বন্ধকত থৈ দিছিল৷ পিছলৈ যেতিয়া প্রতাৰিত হৈছিল কোনো কোনোৱে আত্মহননকে সমস্যাৰ পৰা মুক্তিৰ একমাত্র পথ বুলি ধৰি লৈছিল৷ দুহ–এটা তেনে অবাঞ্ছিত–কল্পনীয় ঘটনা ঘটিছিলো৷ চৰকাৰৰ কঠোৰ ব্যৱস্থা, সংবাদ মাধ্যমত হোৱা ব্যাপক চর্চা আদিয়ে সমাজখনত সৃষ্টি কৰা সজাগতাৰ বাবে ভুৱা বিত্তীয় প্রতিষ্ঠানসমূহৰ লুণ্ঠনৰ বাটটো বন্ধ হৈ পৰে৷ মানুহে তেনে প্রতিষ্ঠান আৰু প্রতিষ্ঠানসমূহৰ ধনলোলুপ এজেণ্টসকলক আসৈ নিদিয়া হ’ল৷ বিশ্বাসত নোলোৱা হ’ল৷ লুণ্ঠনকাৰী প্রতিষ্ঠানবোৰৰ বাবে লাহে লাহে ঠাহ নোহোৱা হৈ পৰিল৷ কিন্তু লালসাত বন্দী মানুহে প্রতাৰণা–প্রৱঞ্চনা শিহৰণকাৰী ঘটনাবোৰ পাহৰিবলৈ বেছি সময় নলগালে৷ পুনৰ প্রলোভনৰ জালত ভৰি দি নিজৰ কষ্টোপার্জিত ধন এনে কিছুমান লুণ্ঠনকাৰীৰ হাতত তুলি দিলে যাৰ পৰা সেহ ধন ওভতাহ পোৱাৰ কোনো সম্ভাৱনাহ নাথাকে৷ ৰ’জভেলী, সাৰদা আদি তথাকথিত বিত্তীয় প্রতিষ্ঠানত ধন জমা নতুবা বিনিয়োগ কৰোঁতে মানুহে মুনাফাৰ কথাবোৰ কিমান বাস্তৱসন্মত, ভাবিয়েই নাচালে৷ বিত্তীয় লেনদেনৰ ক্ষেত্রত এহখন দেশত কিছুমান সুস্পষ্ট নীতি আছে৷ সেহবোৰ চোৱাচিতা কৰাৰ বাবে, নীতি নির্ধাৰণৰ বাবে চৰকাৰীভাৱে কর্তৃত্বশীল কর্তৃপক্ষ কিছুমান আছে৷ সুতৰ ক্ষেত্রত স্পষ্ট নীতি নির্ধাৰণ কৰি থোৱা আছে৷ তাৰেহ ভিত্তিত বেংক, বিত্তীয় প্রতিষ্ঠান আদিয়ে সেৱা তথা বেহা কৰি থাকে৷ সুত বা মুনাফাৰ সেহ সীমাৰেখা অতিক্রম কৰি কোনোৱে যদি অধিকৰ প্রতিশ্রুতি দিয়ে, সেয়া প্রলোভনহে৷ বিধিসন্মতভাৱে প্রতিষ্ঠা হোৱা কোনো বেংক–বীমা প্রতিষ্ঠানে লক্ষ্মণ ৰেখা অতিক্রম কৰি জমা ৰখা পুঁজি বা বিনিয়োগৰ ধনত মুনাফা দিব নোৱাৰে৷ সেয়া বৈধ ডপায়ে সম্ভৱেহ নহয়৷ এসময়ত প্রতাৰণা কৰিবই৷ কিন্তু উদ্বেগৰ কথাটো হৈছে মানুহে কথাবোৰ ভাবিয়েহ নাচায়৷
ৰাজ্যখনক শেহতীয়াকৈ অস্থিৰ কৰি ৰখা অনলাহন ট্ৰেডিং কেলেংকাৰিটোও সম্ভৱ হৈছে মানুহৰ লালসাৰ বাবে৷হয়াৰ বাবেহ মাথোঁ কেহবছৰমানৰ ভিতৰত ৰূপ সলাহ বিত্তীয় কেলেংকাৰিটোৱে অসমৰ মানুহৰ পৰা হাজাৰ হাজাৰ কোটি টকা সৰকাহ লৈ যাবলৈ সক্ষম হৈছে৷ হয়াৰ পূর্বৰ বৃহৎ বিত্তীয় কেলেংকাৰিটো মূলতঃ সঞ্চয়ক আধাৰ হিচাপে লৈ সংঘটিত হৈছিল৷ তেতিয়া মানুহৰ মাজত সঞ্চয়ক লৈ তাগিদা এটাৰ সৃষ্টি হৈছিল৷ লুণ্ঠনকাৰী বিত্তীয় প্রতিষ্ঠান আৰু তেওঁলোকৰ ধনলোলুপ অনুচৰসকলে মানুহৰ এহটো তাগিদাক লুণ্ঠনৰ হাথিয়াৰ হিচাপে লৈ প্রতাৰণাৰ জালখন মেলি দিছিল৷ এহবাৰ শ্বেয়াৰ মার্কেটক লৈ সাধাৰণ মানুহৰ মাজত থকা ভুল ধাৰণাক লালসাৰ সৈতে মিশ্রণ এটা তৈয়াৰ কৰি লুণ্ঠন আৰু প্রতাৰণাৰ ফান্দখন পাতি লোৱা হৈছে৷ হয়াৰ সৈতে লগ লগোৱা হৈছে কৃত্রিম বুদ্ধিমত্তাক লৈ মানুহৰ মাজত গা কৰি উঠা ভুল ধাৰণাক৷ কৃত্রিম বুদ্ধিমত্তাক লুণ্ঠনকাৰী চক্রটোৱে এনেদৰে ব্যৱহাৰ কৰিছে যে কৃত্রিম বুদ্ধিমত্তা মানে সকলো সম্ভৱ৷ শ্বেয়াৰ মার্কেটক লৈ সাধাৰণ মানুহৰ মাজত সাধাৰণ ধাৰণা এটা আছে যে বজাৰখন টকাৰ কুঁৱা এটাহে৷ যেতিয়াহ মন যায় বাল্টিৰে ধন ডঠাহ আনিলেহ হ’ল৷ বাস্তৱটো হয়াৰ সম্পূর্ণ ওলোটা৷ শ্বেয়াৰ মার্কেটৰ জৰিয়তে ধন ডপার্জন কৰাটো সাধাৰণৰ ধাৰণাতকৈ হাজাৰ গুণ কঠিন৷ ছেবিৰ তথ্য অনুসৰি ১০জনৰ ৯জনেহ ফিডচাৰ আৰু অপচনত লোকচান ভৰে৷ প্রতিদিনৰ ট্ৰেডিং (ইণ্ড্রাডে’)ত লোকচানৰ সন্মুখীন হোৱা লোকৰ সংখ্যা সর্বাধিক৷ কিন্তু সাধাৰণ মানুহে বিপৰীত ছবি এখন নিজৰ মনত কঢ়িয়াহ লৈ ফুৰে৷ প্রতাৰণা–প্রৱঞ্চনা জালখনো তাৰেহ ভেটিত প্রস্তুত কৰি লোৱা হয়৷ মানুহক কোৱা হয় শ্বেয়াৰ মার্কেটত ড্রেডিং অথবা বিনিয়োগ কৰিলে বহুত মুনাফা পোৱা যায়৷ বজাৰখনৰ বিষয়ে নূ্যনতমো অধ্যয়ন নথকা লোকে তাকেই সঁচা বুলি মানি লৈ লুণ্ঠনকাৰীৰ হাতত ধন তুলি দিয়ে৷ শ্বেয়াৰ মার্কেটত মূলতঃ তিনিটা পক্ষ থাকে৷ ঘৰুৱা বিনিয়োগকাৰী, বিদেশী বিনিয়োগকাৰী আৰু ৰিটেহলাৰ৷ হয়াৰে ঘৰুৱা আৰু বিদেশী বিনিয়োগকাৰীক শ্বেয়াৰ মার্কেটৰ মূল চালিকাশক্তি বুলি কোৱা হয়৷ তেওঁলোকে হাজাৰ হাজাৰ কোটি টকা লৈ বজাৰখনত প্রৱেশ কৰে৷ বজাৰখনৰ মতি–গতিও তেওঁলোকে নির্ধাৰণ কৰিব পাৰে৷বাকী হাজাৰৰ পৰা লাখ বা এক–দুহ কোটি টকা মূলধনৰ ৰিটেহলাৰসকলে শ্বেয়াৰ মার্কেটৰ নোম এডালো লৰাব নোৱাৰে৷ কিন্তু লাভৰ লক্ষটোলৈ সকলোৱে বজাৰখনত জঁপিয়াই পৰে৷ এতিয়া কিছুমান চক্রই মানুহক প্রতাৰণাৰ বাবে কৃত্রিম বুদ্ধিমত্তাক লৈ সাধাৰণ লোকৰ মাজত থকা ভুল ধাৰণাক ব্যৱহাৰ কৰে৷ তেওঁলোকে কয় যে কৃত্রিম বুদ্ধিমত্তা মানে সকলো সম্ভৱ৷ সেহটো ব্যৱহাৰ কৰি শ্বেয়াৰ মার্কেটত বিনিয়োগ বা ট্ৰেডিং কৰিলে নিশ্চিত লাভৰ মুখ দেখিব৷ এয়া সম্ভৱ হোৱাহেঁতেন বৃহৎ বৃহৎ বিনিয়োগকাৰী প্রতিষ্ঠানে শ শ কোটি টকা ব্যয় কৰি বিশেষজ্ঞ নিয়োগ কৰি শ্বেয়াৰ মার্কেটত ধন বিনিয়োগ কৰিলেহেঁতেননে? সকলোৱে কৃত্রিম বুদ্ধিমত্তাক কামত খটুৱাহ ধন বিনিয়োগ কৰিলেহেঁতেন৷ মূল কথাটো হৈছে মানুহৰ লালসা৷ হয়াৰ বাবেহ কিছু সময়ৰ ব্যৱধানত তেনেধৰণৰ বিত্তীয় কেলেংকাৰি সংঘটিত হৈ থাকে৷ মানুহ প্রতাৰিত হয়৷ সপোন দেখুৱাহ এচামে নিজৰ জোলোঙা ভৰাহ থাকিবহ৷ যুক্তিৰ বাটেৰে খোজ দিলেহে তেনে প্রতাৰকে সমাজত ঠাহ নাপাব৷ যিয়ে তেনেধৰণৰ মুনাফাৰ সপোন লৈ যায় তেনে লোক যিমানেহ ভাল পেছা বা কর্মত নিয়োজিত হৈ নাথাকক কিয় তেওঁলোকক মানুহৰ ৰক্তপান কৰা পিশাচ বুলি প্রথমদিনাই ধৰি ল’ব লাগে৷ প্রতাৰণাৰ বাটটো নিজে নিজে বন্ধ হৈ পৰিব৷

Featured