সম্পাদকীয় : চন্দ্রযান–৪ অভিযান

মহাকাশ অভিযানত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোই চমকপ্রদ অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে৷ পৃথিৱীৰ উপগ্রহ চন্দ্রৰ দক্ষিণ মেৰুত মহাকাশযান মসৃণভাৱে অৱতৰণ কৰাই ইতিহাস সৃষ্টি কৰা ইছৰোৱে কেইবাটাও নতুন মহাকাশ অভিযানৰ প্রস্তুতি আৰম্ভ কৰিছে৷ চন্দ্রৰ দক্ষিণ মেৰুত প্রথমবাৰৰ বাবে চন্দ্রযান–৩ অভিযানেৰে মহাকাশযান অৱতৰণ কৰোৱাই মহাকাশ অভিযানত অভাৱনীয় কৃতিত্ব গঢ়া ইছৰোই চন্দ্রযান–৪ অভিযান আৰম্ভ কৰিব৷ চন্দ্রযান–৩ অভিযানৰ মহাকাশযান চন্দ্রত অৱতৰণ কৰোৱাই বিভিন্ন ৰহস্যজনক তথ্য চন্দ্রৰ পৃষ্ঠৰ পৰা উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা ইছৰোৱে চন্দ্রযান–৪ অভিযানৰ জৰিয়তে চন্দ্রপৃষ্ঠত মহাকাশযান অৱতৰণ কৰোৱাই সেই যানৰ জৰিয়তে চন্দ্রৰ ভূমি পৃথিৱীলৈ ওভতাই আনিব৷ ইছৰোৰ চন্দ্রযান–৪ অভিযানত কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ ১৮ ছেপ্ঢেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে চন্দ্রযান–৪ অভিযানৰ বাবে ২১০৪.০৬ কোটি টকা অনুমোদন জনাইছে৷ অতি কম বাজেটেৰে চন্দ্রযান–৩ অভিযান সফল কৰোৱাৰ পিছত চন্দ্রযান–৪ অভিযান ক্ষেত্রত বাজেট কিছু বৃদ্ধি হ’ব৷ ইছৰোৰ নেতৃত্বত চন্দ্রযান–৪ অভিযানৰ পৰিকল্পনা আৰম্ভ হৈছে আৰু ইয়াৰ বাবে সকলো ব্যৱস্থা আগবঢ়াই নিবলৈ কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ চন্দ্রযান–৪ অভিযানৰ জৰিয়তে চন্দ্রৰ পৰা মহাকাশযান অৱতৰণ কৰোৱাই পৃথিৱীলৈ চন্দ্রৰ ভূমিক লৈ সেই মহাকাশযান উভতি আহিব৷ এই প্রক্রিয়া সাধাৰণ নহয় যদিও চন্দ্রযান–৩ অভিযানৰ সফলতাই ইছৰোৰ বিজ্ঞানীসকলক মহাকাশ প্রযুক্তি উন্নীত কৰাত উৎসাহিত কৰি আহিছে৷ চন্দ্রযান–৪ অভিযানৰ বাবে ইছাৰোৱে মূল প্রযুক্তিসমূহ উন্নীত কৰিব লাগিব৷ সেই প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ চন্দ্রযান–৪ অভিযান সফল কৰিবলৈ হ’লে ইছৰোৰ বিজ্ঞানীসকলে জটিল প্রযুক্তিক ব্যৱহাৰ কৰিব লাগিব আৰু এই প্রযুক্তি ব্যৱহাৰ কৰিবলৈ বিজ্ঞানীসকল ইতিমধ্যে সক্ষমতা লাভ কৰিছে৷ লক্ষণীয় যে চন্দ্রযান–৩ অভিযানৰ দৰেই চন্দ্রযান–৪ অভিযানতো দেশীয় প্রযুক্তি বিকশিত কৰাত গুৰুত্ব আৰোপ কৰা হ’ব৷ মানৱসহিত মহাকাশ অভিযানৰ লগতে চন্দ্রপৃষ্ঠত মহাকাশযান অৱতৰণ কৰোৱাই পুনৰ পৃথিৱীলৈ ওভতাই অনাৰ ক্ষেত্রত ভাৰতক আত্মনির্ভৰশীল কৰিবলৈ ইছৰোৱে ইতিমধ্যে সকলো ধৰণৰ গৱেষণা আৰু অধ্যয়ন অব্যাহত ৰাখিছে৷ চন্দ্রযান–৩ৰ সফলতাৰ পিছত সূর্যলৈ যান প্রেৰণ কৰাটো ইছৰোৰ বিজ্ঞানীসকলৰ বাবে আন এক কৃতিত্ব৷
পৃথিৱীৰ উপগ্রহ চন্দ্রক লৈ অভিযানত কেন্দ্রীয় চৰকাৰে অনুমোদন জনোৱাৰ লগতে পৃথিৱীৰ ওচৰতে থকা গ্রহ শুক্র আৰু মংগল গ্রহটো অভিযানৰ বাবে ইছৰোই অনুমতি লাভ কৰিছে৷ শুক্র অৰবিৰেটৰ মিছন (ভি’এম) বিকাশৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমোদন জনাইছে৷ চন্দ্র আৰু মংগলক লৈ অধ্যয়ন আৰু গৱেষণা চলাই থকা ইছৰো শুক্রৰ ওপৰতো গৱেষণা চলাবলৈ বিজ্ঞানীসকলৰ বাবে বাজেটত অনুমোদন জনোৱা হৈছে৷ পৃথিৱীৰ ওচৰৰ গ্রহ শুক্র আৰু পৃথিৱী সৃষ্টিৰ সময়ত একেই পৰিস্থিতিৰে আগবাঢ়ি গৈ গ্রহ দুটি সৃষ্টি হোৱা বুলি বিজ্ঞানীসকলে বিশ্বাস কৰি আহিছে৷ ইয়াৰ বাবে ইছৰোৱে শুক্র অৰবিৰেটৰ মিছন আৰম্ভ কৰিব৷ মহাকাশ বিভাগৰ দ্বাৰা অনুমোদিত শুক্র অৰবিৰেটৰ মিছনৰ জৰিয়তে শুক্রৰ পৰিস্থিতি তন্ত্রৰ ওপৰত গৱেষণা আৰু অধ্যয়ন চলাব৷ শুক্রৰ উৎপত্তিৰ তথ্যৰ জৰিয়তে এই কথা বিজ্ঞানীসকলে সাধাৰণভাৱে মানি আহিছে যে এসময়ত শুক্রত জীৱৰ বসতি অসম্ভৱ নহয়৷ কিয়নো পৃথিৱীৰ সৈতে শুক্রৰ সৃষ্টিৰ কিছু মিল আছে৷ ইছৰোৱে শুক্র অভিযানৰ বাবে মহাকাশযান বিকশিত কৰিব আৰু ই পাছলৈ শুক্রলৈ অভিযান চলাব৷ তথ্য মতে ২০২৮ চনৰ মার্চ মাহৰ ভিতৰত শুক্র অভিযানৰ শুভাৰম্ভ সম্ভৱ হৈ উঠিব৷ ইছৰোৰ এই শুক্র অভিযানে বিগত সময়ছোৱাত শুক্রক লৈ চলি থকা ধাৰণাৰ কিছু সালসলনি হোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি৷ কেন্দ্রীয় চৰকাৰে শুক্র অভিযানৰ বাবে ১২৩৬ কোটি টকা ধার্য কৰিছে আৰু ইয়াৰে ভিতৰত ৮২৪ কোটি টকা মহাকাশযান নির্মাণৰ বাবে ধার্য কৰা হৈছে৷ শুক্র অভিযানে ভাৰতৰ মহাকাশ উদ্যোগকো উজ্জীৱিত কৰিব তুলিব বুলি ধাৰণা কৰা হৈছে৷ তাৎপর্যপূর্ণ যে ইছৰোই মানৱসহিত অভিযানক লৈ ইতিমধ্যে প্রস্তুতি চলাই আছে৷ তদুপৰি মংগল গ্রহলৈও অভিযানৰ প্রাৰম্ভিক পর্যায় আৰম্ভ কৰা হৈছে৷ চন্দ্রযান–৩ অভিযানৰ সফলতাই ইছৰোক মহাকাশ অভিযানত উদ্যম আৰু সাহস যোগাইছে৷ যাৰ ফলত ইছৰোৱে পৰৱর্তী সময়ছোৱাত মহাকাশ অভিযানত অনেক নতুন কৃতিত্ব লাভ কৰাটো আশা কৰিব পাৰি৷

Featured