ইচ্ছাকৃতভাৱে নিজকে হত্যা কৰা কার্যকেই আত্মহত্যা বুলি কোৱা হ’লেও আত্মহত্যাৰ ভাবুকি বা পৰিকল্পনা, চেষ্টা আৰু সম্পূর্ণ আত্মহত্যা আদিৰ দৰে কথাবোৰো বহল অর্থত আত্মহত্যাৰ ধাৰণাত অন্তর্ভুক্ত কৰি লোৱাটো সম্ভৱ৷ সমীক্ষাত্মক অধ্যয়নত দেখা গৈছে যে প্রতি ৪০ ছেকেণ্ডত ২০টাতকৈ অধিক আত্মহত্যাৰ চেষ্টা কৰা দেখা গৈছিল আৰু এই কুৰিজনৰ ভিতৰত অন্ততঃ এজন ব্যক্তিৰ মৃত্যু হৈছিল৷ অধ্যয়নটোত পোৱা আৰু এটা তথ্য আছিল যে সমগ্র বিশ্বতে সংঘটিত মুঠ আত্মহত্যাৰ ভিতৰত বেছিভাগ আত্মহত্যাই সংঘটিত হৈছে কম আৰু মধ্যম আয়ৰ দেশবোৰত৷ ভাৰতত ২০২১ চনত সর্বাধিক আত্মহত্যাৰ হাৰত প্রতি এক লাখ জনসংখ্যাৰ বিপৰীতে আছিল ১২জন৷ ভাৰতীয় ৰাষ্ট্রীয় অপৰাধ অভিলেখ ব্যুৰ’ই প্রস্তুত কৰা প্রতিবেদন মতে, আত্মহত্যাৰ এই প্রৱণতা ক্রমাগতভাৱে বৃদ্ধি পাই গৈ আছে আৰু এই বৃদ্ধি হৈছে দ্রুতগতিত৷ ভাৰতত প্রতিবছৰে সংঘটিত মুঠ আত্মহত্যাৰ সংখ্যাৰ এটা ডাঙৰ অংশ অধিকাৰ কৰে কিশোৰ-কিশোৰীৰ আত্মহত্যাহ৷ উল্লেখ কৰাটো গুৰুত্বপূর্ণ যে ভাৰতৰ কিশোৰ–কিশোৰীৰ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ এক পঞ্চমাংশ আৰু এই সংখ্যা বিশ্বৰ সকলো দেশৰ ভিতৰতে প্রথম শাৰীত৷ ভাৰতৰ কিশোৰ-যুৱকৰ আত্মহত্যাৰ প্রৱণতাৰ মূল কাৰণ হিচাপে চিহ্ণিত কৰা হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থাত থকা অদম্য প্রতিযোগিতাৰ পৰিৱেশ, চাপ আৰু সংশয়৷ তাৰ লগতে আছে ছাত্র-ছাত্রীসকলৰ আকাশলংঘী আকাংক্ষা, যি এটা গধুৰ বোজা হৈ চৰম মানসিক চাপ আৰু উদ্বেগৰ পৰিৱেশ গঢ়ি তোলে৷ শৈক্ষিক সফলতাৰ বাবে থকা তীব্র আকাংক্ষা, লগতে সমাজৰ হেঁচা আৰু পৰিয়ালৰ সীমাহীন আশাৰ সংমিশ্রণে এক বিষাক্ত ককটেহলৰ সৃষ্টি কৰিব পাৰে৷ এই মানসিক চাপৰ অধীনত ছাত্র–ছাত্রীসকলে অপর্যাপ্ততা আৰু আশাহীনতাৰ অনুভৱৰ সৈতে যুদ্ধ কৰিব পাৰে আৰু সেই যুদ্ধ এটা সময়ত আত্মহত্যাৰ চিন্তালৈ ৰূপান্তৰিত হ’ব পাৰে৷ শৈক্ষিকভাৱে শ্রেষ্ঠ হৈ সফল হোৱাৰ হেঁচাই ভাৰতীয় কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ্ মানসিক স্বাস্থ্যলৈ এক ভয়ংকৰ প্রত্যাহ্বান কঢ়িয়াই আনিছে৷
সাম্প্রতিক কালত দৈনন্দিন জীৱনযাত্রাত এৰাব নোৱৰা অংগ হৈ পৰা সামাজিক মাধ্যমবোৰেও কিশোৰ-যুৱসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ক্ষতিকাৰক প্রভাৱ পেলায়৷ মুখ্যতঃ অপর্যাপ্ততাৰ অনুভূতি সৃষ্টি কৰাত সামাজিক মাধ্যমৰ শক্তি বহু বেছি আৰু সেই শক্তিয়ে আকাংক্ষা থকা কিশোৰ-যুৱক এটা তুলনামূলক বিচাৰৰ মাজলৈ টানি নিয়ে৷ অহৰহ তুলনা, অবাস্তৱিক মান আৰু অনলাইন হাৰাশাস্তিয়ে মানসিক চাপ আৰু উদ্বেগ বৃদ্ধি কৰাত অৰিহণা যোগায়, যিয়ে দুর্বল কিশোৰ-কিশোৰী আৰু যুৱক–যুৱতীসকলক আত্মহত্যাৰ কথা চিন্তাৰে নিজৰ অসমর্থতাবা হীনমন্যতাৰ অন্ত পেলোৱাৰ দৰে কথা ভাবিবলৈ লয়৷ আত্মহত্যাৰ প্রৱণতা বৃদ্ধিৰ এই সমস্যাটো এটা বিশাল আৰু জটিল সামাজিক সমস্যা হিচাপে চিন্তাৰ কাৰণ হৈ উঠিছে, কিন্তু কথাটো কোনেও গভীৰভাৱে চিন্তা কৰা নাই৷ এই সমস্যাত ভোগাসকলৰ বাবে পৰামর্শ আৰু সহায়ক সেৱাৰ যি প্রয়োজন, তাৰ অভাৱে সমস্যাটো অধিক জটিল কৰি তুলিছে৷ এই অত্যাৱশ্যকীয় সেৱাসমূহৰ অভাৱে মানসিক স্বাস্থ্যৰ সমস্যাৰ সৈতে যুঁজি থকাসকলে সন্মুখীন হোৱা প্রত্যাহ্বানসমূহ আৰু অধিক ভয়াৱহ কৰি তোলে৷ এখন কল্যাণকামী ৰাষ্ট্রৰ প্রশাসক আৰু সিদ্ধান্ত গ্রহণ কৰোঁতাসকলে এই দিশত চিন্তা-চর্চা কৰাটো প্রয়োজনীয় হৈ পৰিছে৷ মানসিক স্বাস্থ্যৰ কথাটো স্কুলীয়া পাঠ্যপুথিত অন্তর্ভুক্ত কৰাটো অতি জৰুৰী৷ ছাত্র–ছাত্রীসকলৰ দৈহিক বিকাশৰ কাৰণে স্কুলবোৰত খেল-ধেমালি, ব্যায়াম আদিৰ প্রায় বাধ্যতামূলক ব্যৱস্থা থাকে৷ ছাত্র–ছাত্রীসকলৰ মানসিক স্বাস্থ্যৰ কথাও একে সমান গুৰুত্বৰে চাব লাগে৷ এতিয়াৰ শিক্ষামন্ত্রী নিজেও চিকিৎসক আছিল৷ এই সমস্যাটোৰ গুৰুত্বৰ কথা তেখেতক আৰু বেলেগে বুজোৱাৰ প্রয়োজন নাই৷