সম্পাদকীয় : সহজলভ্য ধনৰ মোহ

শ্বেয়াৰ মার্কেট আৰু অনলাইন ট্রেডিঙৰ নামত অসমত চলি থকা ভয়াৱহ বিত্তীয় কেলেংকাৰিৰ ছবিখন শেহতীয়াকৈ উন্মোচিত হৈছে৷ সহজলভ্য ধনৰ প্রতি আকৃষ্ট একাংশ লোকক লক্ষ্য কৰিয়েই ৰাজ্যখনত শ্বেয়াৰ মার্কেট আৰু অনলাইন ট্রেডিঙৰ নামত অবৈধ বজাৰখন চলি আছে৷ বিগত দুসপ্তাহৰ ভিতৰত ৰাজ্যখনত এনে অবৈধ বেহা চলোৱা চক্রটোৰ ৪০জনৰো অধিক লোক আৰক্ষীৰ জালত পৰিছে৷ শ্বেয়াৰ মার্কেট আৰু অনলাইন ট্রেডিঙৰ নামত ৰাজ্যখনৰ প্রায় ১৬ হাজাৰ বিনিয়োগকাৰীৰ জীৱনলৈ অমানিশা নমাই অনা ডিবি ট্রেডিং নামৰ অবৈধ প্রতিষ্ঠানটোৰ মুৰব্বী দীপাংকৰ বর্মনে ১৯ আগষ্টৰ পৰা পলায়ন কৰাৰ পাছতে এই চক্রটোৰ সৈতে জড়িত কেইবাজনো আৰক্ষীৰ জালত পৰিছে৷ প্রায় ৭ হাজাৰ কোটি টকাৰ জালিয়াতিত অভিযুক্ত দীপাংকৰ বর্মনৰ শুংসূত্র এতিয়াও ওলোৱা নাই৷ দীপাংকৰ বর্মনৰ বিত্তীয় কেলেংকাৰিৰ তদন্ত কৰি থকাৰ সময়তে ডিব্রুগড়ৰ বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাৰ অন্য এক কেলেংকাৰি পোহৰলৈ আহিছে৷ বিনিয়োগৰ নামত ২২০০ কোটি টকাৰ প্রৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকন আৰক্ষীৰ জালত পৰিছে৷ তেওঁৰ সহযোগী চুমি বৰা আৰু তার্কিক বৰা এতিয়াও পলাতক হৈ আছে৷ চুমি বৰা আৰু বিশাল ফুকনে কম সময়ৰ ভিতৰত দুগুণৰো অধিক ধন উপার্জনৰ প্রলোভন দেখুৱাই একাংশ লোকৰ পৰা বুজন পৰিমাণৰ ধন সংগ্রহ কৰিছিল৷ বক্রপথেৰে বিনিয়োগৰ নামত আহৰণ কৰা ধনেৰে ব্যয়বহুল জীৱন কটোৱা বিশাল ফুকন আৰু চুমি বৰাৰ বিভিন্ন তথ্য ইতিমধ্যে উন্মোচিত হৈছে৷ একেদৰে ট্রেডিং এফ এক্সৰ জৰিয়তে অনলাইন ট্রেডিঙৰ নামত প্রায় তিনি হাজাৰ কোটি টকা আত্মসাৎ কৰা তিনিচুকীয়াৰ ৰঞ্জিত কাকতি আৰু অভিজিত চন্দকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ শ্বেয়াৰ মার্কেট আৰু অনলাইন ট্রেডিঙৰ নামত বিভিন্ন ধৰণে চলি আছে প্রৱঞ্চনা৷ টিএফএএল কোম্পানীৰ নামত এটি প্রতিষ্ঠানত স্বপ্ননীল দাসে অনলাইন ট্রেডিঙৰ প্রশিক্ষণৰ দোহাই দি ক্ষুদ্র বিনিয়োগকাৰীসকলক প্রৱঞ্চনা কৰাৰ তথ্য আৰক্ষীয়ে আহৰণ কৰিছে৷ ৭ হাজাৰ টকা মাচুল সংগ্রহ কৰি স্বপ্ননীল দাসে বিনিয়োগকাৰীসকলক কম সময়ৰ ভিতৰতে ধনী হোৱাৰ সপোন দেখুৱাইছিল৷ স্বপ্ননীল দাসৰ এনে সপোনক বিশ্বাস কৰিয়েই ক্ষুদ্র বিনিয়োগকাৰীসকলে কেইবা হাজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰিছিল নির্ধাৰিত কোম্পানীসমূহত৷ আৰক্ষীয়ে স্বপ্ননীল দাসৰ ২০টা বেংক একাউণ্ট জব্দ কৰিছে৷ ইয়াৰে দুটা বেংক একাউণ্ট ডুবাইত আছে৷ বেংক একাউণ্টকেইটাত প্রায় ডেৰ হাজাৰ কোটি টকা জমা থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ ইতিমধ্যে তিনিখন বিলাসী গাড়ী জব্দ কৰা হৈছে৷ শেহতীয়াকৈ সহজলভ্য ধনৰ প্রলোভন দেখুৱাই বিত্তীয় প্রৱঞ্চনা কৰা চক্রটোত জড়িত হৈ আৰক্ষীৰ জালত পৰিছে চিআইডিৰ সৰোজ ডেকা নামৰ এজন কনিষ্টবল৷ বিত্তীয় প্রৱঞ্চনাৰ গোচৰত অঞ্জন সুপ্রিয়ম দাস নামৰ এজন অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পাছত চাৰিদুৱাৰত কর্মৰত সৰোজ ডেকাক গ্রেপ্তাৰ কৰা হৈছে৷ আটাইতকৈ উদ্বেগজনক কথা এয়ে যে প্রায় ২০০ কোটি টকা বিনিয়োগৰ নামত প্রৱঞ্চনা কৰা সৰোজ ডেকা কিছুদিন পূর্বে অসম আৰক্ষীৰ মুখ্য কার্যালয়ত কর্মৰত আছিল৷
ৰাজ্যখনত বিত্তীয় প্রতিষ্ঠানৰ প্রৱঞ্চনা নতুন ঘটনা নহয়৷ ভুৱা বিত্তীয় প্রতিষ্ঠানৰ নামত ক্ষুদ্র ক্ষুদ্র বিনিয়োগকাৰীৰ ধন আত্মসাতৰ অসংখ্য ঘটনা সংঘটিত হৈছে৷ ৰ’জভেলী, সাৰদাকে ধৰি বিভিন্ন বিত্তীয় প্রতিষ্ঠানে ৰাজ্যখনৰ দুখীয়া আৰু মধ্যবিত্ত শ্রেণীৰ সাঁচতীয়া ধন আত্মসাৎ কৰিছে৷ এনে ভুৱা বিত্তীয় প্রতিষ্ঠানৰ বিৰুদ্ধে বিভাগীয় পদক্ষেপ গ্রহণ কৰা হৈছে যদিও বিনিয়োগৰ নামত প্রৱঞ্চনা ৰাজ্যখনত পূর্ণগতিত চলি আছে৷ দেশৰ শ্বেয়াৰ বজাৰত বিনিয়োগ নতুন কথা নহয়৷ শ্বেয়াৰ বজাৰত দিনকদিনে বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি হৈছে৷ পূর্বতে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ আগ্রহী নাছিল অসম তথা উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া লোকসকল৷ ৰাজ্যখনত থকা বহিঃৰাজ্যৰ একাংশ লোকেহে এনে বিনিয়োগৰ স’তে জড়িত আছিল৷ শেহতীয়াকৈ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ খিলঞ্জীয়া লোকসকলৰ মাজত শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি হৈছে৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ হ’লে ছিকিউৰিটী এণ্ড এক্সচেঞ্জ ব’ড অৱ ইণ্ডিয়া চমুকৈ ছেবিৰ দ্বাৰা পঞ্জীয়নভুক্ত প্রতিষ্ঠানৰ জৰিয়তে ডিমেট একাউণ্ট খুলিব লাগে৷ ডিমেট একাউণ্টত বিনিয়োগকাৰীয়ে জমা থোৱা ধনৰ বিপৰীতে ছেবিৰ পঞ্জীয়নভুক্ত কোম্পানীসমূহৰ শ্বেয়াৰ ক্রয় কৰিব পাৰে৷ একেদৰে ডিমেট একাউণ্টত থকা শ্বেয়াৰসমূহ বজাৰ মূল্যত বিক্রী কৰিব পাৰে৷ শ্বেয়াৰ বজাৰত ডিমেট একাউণ্টৰ জৰিয়তে শ্বেয়াৰৰ ক্রয়–বিক্রয় এক বৈধ ব্যৱসায়৷ এনে প্রক্রিয়াৰ জৰিয়তে দৈনিক কেইবা হাজাৰ কোটি টকা চৰকাৰে ৰাজকোষ হিচাপে লাভ কৰে৷ অসমত শ্বেয়াৰ মার্কেট আৰু ট্রেডিঙৰ নামত যি প্রক্রিয়া চলিছে সেয়া সম্পূর্ণ অবৈধ৷ অসমত ভুৱা প্রতিষ্ঠানসমূহে অধিক ধনৰ প্রলোভন দেখুৱাই যিসকল লোকৰ পৰা বুজন পৰিমাণৰ ধন আহৰণ কৰিছে, তাৰ বিপৰীতে কোনো এজন গ্রাহকৰ ডিমেট একাউণ্ট নাই৷ ফলত এই প্রতিষ্ঠানসমূহৰ জৰিয়তে বিনিয়োগকাৰীসকলে দেশৰ কোন কোম্পানীৰ শ্বেয়াৰ ক্রয় কৰিছে তাৰো কোনো তথ্য নাই৷ ফলত শ্বেয়াৰ বজাৰৰ উত্থান–পতনৰ কোনো প্রভাৱ এনে অবৈধ বজাৰখনত প্রতিফলিত নহয়৷ শ্বেয়াৰ বজাৰত নিশ্চিত লাভ কোনেও দিব নোৱাৰে৷ শ্বেয়াৰ বজাৰখন অনিশ্চয়তাৰে ভৰা৷ কিন্তু সহজলভ্য ধন আহৰণৰ লোভ দেখুৱাই ভুৱা বিত্তীয় প্রতিষ্ঠানসমূহে এনেদৰে সর্বসাধাৰণ লোকক প্রতাৰণা কৰাটো দুর্ভাগ্যজনক৷ এনে অবৈধ প্রক্রিয়াৰ ফলত বিনিয়োগকাৰীসকলে তেওঁলোকৰ সাঁচতীয়া ধন হেৰুওৱাই নহয়, দেশৰ অর্থনীতিত এক গুৰুতৰ আঘাত হানিছে৷ ছেবিৰ অধীনত বিনিয়োগকাৰীসকলে তেওঁলোকৰ পুঁজি উপযুক্ত কোম্পানীত বিনিয়োগ কৰাহেঁতেন নির্ধাৰিত কোম্পানীটোৰ লগতে কোম্পানীৰ লাভাংশৰেও উপকৃত হ’লহেঁতেন৷ ইয়াৰ লগে লগে চৰকাৰেও নির্ধাৰিত কৰ লাভ কৰিলেহেঁতেন৷ সর্বসাধাৰণ বিনিয়োগকাৰীসকল যাতে প্রৱঞ্চিত নহয়, তাৰ বাবে চৰকাৰে এনে অবৈধ বিত্তীয় প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা উচিত৷ অন্যথা দেশৰ অর্থনীতি ক্ষতিগ্রস্ত হোৱাৰ আশংকা আছে৷

Featured