সম্পাদকীয় : পৃথিৱীৰ তৃতীয় শক্তি ক্ষেত্র

বিজ্ঞানৰ অগ্রগতিত তত্ত্বগতভাৱে চলি থকা কিছুমান ধাৰণা কেতিয়াবা সলনি হয়৷ প্রাৰম্ভিক অৱস্থাত কৰা ধাৰণা ভুল প্রমাণিত হয় আৰু নতুন ধাৰণাৰে বিজ্ঞানৰ চমৎকাৰিতা আগুৱাই যায়৷ আনহাতে কেতিয়াবা তত্ত্বগতভাৱে চলি থকা ধাৰণা সম্পূর্ণ শুদ্ধ বুলি প্রমাণিত হয়৷ বিজ্ঞানী আৰু গৱেষকৰ দলে অহোপুৰুষার্থ কৰি তত্ত্বক বাস্তৱ বুলি প্রমাণিত কৰে৷ পৃথিৱীৰ তৃতীয়টো শক্তি ক্ষেত্র আছে বুলি ধাৰণা কৰা তত্ত্ব এটাক আমেৰিকা যুক্রৰাষ্ট্রৰ মহাকাশ সংস্থা নাছাই বাস্তৱত আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে৷ ৬০ বছৰ ধৰি অনুসন্ধান চলাই নাছাই পৃথিৱীৰ তৃতীয়টো শক্তি ক্ষেত্র আৱিষ্কাৰ কৰি বিজ্ঞানীৰ তত্ত্বগত ধাৰণাক সত্য প্রমাণিত কৰিলে৷ পৃথিৱীৰ এই তৃতীয়টো শক্তিক্ষেত্র হৈছে ‘মেৰু বতাহ’৷ পৃথিৱীৰ দুই শক্তি ক্ষেত্র মধ্যাকর্ষণ আৰু চুম্বকীয় ক্ষেত্রৰ পাছত তৃতীয়টো শক্তি ক্ষেত্র ‘মেৰু বতাহ’ পৃথিৱীৰ বহু অজানা ৰহস্য উদ্ঘাটনত সহায়ক হৈ উঠিব পাৰে৷ বিকাৰ মেৰিলিণ্ডস্থিত নাছাৰ গোভার্ড স্পেচ ফ্লাইটৰ চেণ্টাৰৰ এণ্ডুৰেন্সৰ মুখ্য অনুসন্ধানকাৰী গ্রীন কলিনছনে নাছাৰ দ্বাৰা প্রকাশিত ভিডি’ৰ প্রসংগৰে নতুনকৈ আৱিষ্কৃত ক্ষেত্রখনে আমাৰ গ্রহ পৃথিৱীৰ কার্যকলাপৰ ধৰণ বুজিবলৈ ভেটি হৈ পৰিল৷ কলিনছনৰ মতে, এই ক্ষেত্রখন আৰম্ভণিৰ পৰাই পৃথিৱীৰ আন দুই ক্ষেত্র মধ্যাকর্ষণ আৰু চুম্বকীয় ক্ষেত্রৰ সমান্তৰালভাৱে আছে৷ গৱেষক–বিজ্ঞানীৰ দলটোৰ মতে যদিও আৱিষৃকত এই ক্ষেত্রখন দুর্বল, তথাপি ই পৃথিৱীৰ বাবে তাৎপর্যপূর্ণ আৰু ই মধ্যাকর্ষণ শক্তিক প্রত্যাহ্বান জনায় আৰু আকাশক ওপৰলৈ তুলি দিয়ে৷ উত্তৰ আৰু দক্ষিণ মেৰুৰ ওপৰত পৃথিৱীৰ বায়ুমণ্ডল কেনেকৈ দ্রুতগতিত বাষ্পীভূত হয় সেই সম্পর্কত মেৰু বতাহৰ গুৰত্বপূর্ণ ভূমিকা আছে৷ পৃথিৱীৰ বায়ুমণ্ডলৰ সর্বোচ্চ স্তৰ বিৱর্তনত এই শক্তি ক্ষেত্রত হয়তো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল আৰু কৰি আহিছে৷ গৱেষণা মতে, ১৯৬০ চনত পৃথিৱীৰ ওপৰেৰে উঠি যোৱা কেইবাখনো মহাকাশ যানে বায়ুমণ্ডলৰ পৰা কণিকাত সোঁত অতিশব্দ গতিৰে মহাকাশলৈ যোৱা প্রত্যক্ষ কৰিছিল৷
বিজ্ঞানীসকলে ভাবিছিল যে সূর্যৰ পোহৰৰ ফলতে কণাবোৰ মহাকাশলৈ নির্গত হয়৷ এই কণাবোৰ গৰম হোৱাৰ কোনো লক্ষণ দেখা নাছিল৷ সেই সন্দর্ভত কলিনছনে কয় যে এনেকুৱা কিবা এটা থাকিব লাগিব যে যিয়ে এই কণাবোৰক বায়ুমণ্ডলৰ পৰা উলিয়াই আনিছে৷ কিন্তু তেতিয়া সেই শক্তিৰ ক্ষেত্রখনৰ অস্তিত্ব ধৰা পেলাবলৈ বিশেষ প্রযুক্তি নাছিল৷ ধাৰণা হৈছিল পৃথিৱীৰ তৃতীয় শক্তি ক্ষেত্রৰ অস্তিত্ব৷ বিজ্ঞানীসকলে ধাৰণা কৰা তত্ত্বগত তৃতীয়টো শক্তি ক্ষেত্রৰ স্থিতি নাছাই ৬০ বছৰ ধৰি অনুসন্ধানৰ অন্তত আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল৷ নাছাই এই আৱিষ্কাৰ কৰিবলৈ গ্রহব্যাপী বৈদ্যুতিক ক্ষেত্রখন জুখিব পৰা ছাবৰবিটাল ৰকেট ব্যৱহাৰ কৰে আৰু এই ৰকেটৰ পর্যবেক্ষণৰ ভিত্তিতেই তৃতীয়টো শক্তি ক্ষেত্র ‘মেৰু বতাহ’ৰ স্থিতি প্রমাণিত কৰিবলৈ সক্ষম হয়৷ নাছাৰ এণ্ডুৰেন্স মিছনে তত্ত্বগত তৃতীয়টো শক্তি ক্ষেত্রৰ অস্তিত্ব নিশ্চিত কৰি বিজ্ঞানক আৰু এখোপ আগুৱাই নিলে৷ এই শক্তি ক্ষেত্রখনে বায়ুমণ্ডলৰ উচ্চ স্তৰ আয়নস্ফেয়াৰক আকাৰ দিয়ে৷ বিজ্ঞানীসকলে ২০১৬ চনৰ পৰা এম্বুৰেন্স ৰকেট মিছনৰ প্রক্রিয়া আৰম্ভ কৰে আৰু ২০২২ চনৰ ১১ মে’ত নৰৱেৰ দ্বীপপুঞ্জ স্বালভার্ডৰ পৰা ছাবৰবিটেল ৰকেট উৎক্ষেপ কৰিছিল৷ ব্রিটেইনৰ লেইষ্টাৰ বিশ্ববিদ্যালয়ৰ মহাকাশ পদার্থ বিজ্ঞানী তথা গৱেষণাৰ অন্যতম সহযোগী চুজি ইম্বৰে প্রকাশ কৰা মতে স্বালভার্ড হৈছে বিশ্বৰ একমাত্র ৰকেট উৎক্ষেপস্থলী য’ৰ পৰা মেৰু বতাহৰ মাজেৰে উৰি যোৱা আমাৰ প্রয়োজনীয় জোখ–মাপ কৰিব পাৰি৷ এম্বুৰেন্স অভিযানৰ তথ্য মতে মেৰু বতাহত প্রচুৰ পৰিমাণে থকা হাইড্র’জেন আয়নক মহাকাশলৈ বৈদ্যুতিক ক্ষেত্রখনে ঠেলি পঠিয়ায় যি হৈছে মধ্যাকর্ষণ শক্তিতকৈ ১০.০৬ গুণ অধিক শক্তিশালী৷ অধ্যয়নত এই কথাও স্পষ্ট হৈছে যে ক্ষেত্রখনে আয়নস্ফেয়াৰৰ ঘনত্ব ২৭১ শতাংশ বৃদ্ধি কৰে আৰু ইয়াক অধিক ঘনত্ব কৰি ৰাখে৷ ক্ষেত্রখনে কনভেয়ৰ কেণ্টৰ দৰে কাম কৰে যিয়ে বায়ুমণ্ডলৰ কণাবোৰক মহাকাশলৈ লৈ যায়৷ নতুন আৱিষ্কাৰে মহাকাশ বিজ্ঞান আৰু আমাৰ গ্রহটিৰ কাম–কাজৰ অন্বেষণত নতুন পথ মুকলি কৰিলে৷ শুক্র আৰু মংগল গ্রহৰ দৰে বায়ুমণ্ডলত থকা বিভিন্ন গ্রহৰ শক্তি ক্ষেত্রই পৃথিৱীৰ বায়ুমণ্ডলৰ বিৱর্তনত কেনেদৰে প্রভাৱান্বিত কৰি আছে, তাৰ অধ্যয়নত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷

Featured