পৰিৱেশৰ প্রতি চৰম ভাবুকি

আধুনিক মানৱ জীৱনত নিত্য ব্যৱহূত সামগ্রীসমূহৰ ইতিবাচক দিশৰ মাজত নেতিবাচক প্রভাৱো থাকে৷ গৱেষক–বিজ্ঞানীসকলে নিত্য ব্যৱহূত সামগ্রীৰ নেতিবাচক দিশটো উন্মোচিত কৰাৰ পিছতেই তেনে সামগ্রীৰ বিকল্পৰ অনুসন্ধান কৰিবলৈ লয় আৰু ব্যৱহাৰ সীমিত কৰাত গুৰুত্ব দিবলৈ পৰামর্শ দিয়ে৷ মানৱসৃষ্ট সামগ্রী আৰু ইয়াৰ ব্যৱহাৰৰ পৰিণাম যেতিয়াই পৰিৱেশৰ প্রতি ভাবুকি হৈ পৰে তেতিয়াই তেনে সামগ্রীক নিষিদ্ধ তথা ব্যৱহাৰ নিয়ন্ত্রণলৈ অনাটো জৰুৰী হয়৷ শেহতীয়াভাৱে পৰিৱেশৰ প্রতি ভাবুকি হৈ উঠা সামগ্রীৰ তালিকাত টয়লেট পেপাৰকে ধৰি শিশুৰ যতন লোৱা সামগ্রীও অন্তর্ভুক্ত হৈছে৷ বিশ্বজুৰি মানৱীয় জীৱনৰ অংগাংগী হৈ পৰা টয়লেট পেপাৰ, কটা–ছিগাত ব্যৱহূত তুলা–কপাহৰ বেণ্ডেজ, কাণ পৰিষ্কাৰ কৰা সূতাৰ সামগ্রী আৰু শিশুৰ যতন লোৱা সামগ্রীসমূহে পৰিৱেশৰ ওপৰত আঘাত কৰা ভয়াৱহ নেতিবাচক প্রভাৱ প্রমাণিত হৈছে৷ এবাৰ ব্যৱহাৰ কৰি বর্জিতৰ ৰূপত পেলাই দিয়া টয়লেট পেপাৰ, টেম্পন, কটন স্রাৱ আৰু বেবী ৱাইপ–এ পৰিৱেশৰ ওপৰত প্রচণ্ড আঘাত কৰি আহিছে৷ এই সামগ্রীৰ চাহিদা যিমানেই বৃদ্ধি পাইছে, প্রাকৃতিক সম্পদক, বিশেষকৈ গছ দ্রুতগতিত হ্রাস পাইছে৷ তেনেদৰে বর্জিত হৈ মাটি–পানী প্রদূষিত কৰি আছে৷ মাটিৰ উর্বৰতা হ্রাস, নলা–নর্দমাত আৱর্জনা হৈ জল ব্যৱস্থাপনাত বিৰূপ প্রভাৱ পেলাই আহিছে৷ মাটি–পানীত বর্জিত হৈ ভিৰ কৰাত জীৱ–পক্ষীৰ জীৱনলৈ শংকা নমাইছে৷ টয়লেট পেপাৰ হৈছে এনে এবিধ সামগ্রী, যি সম্প্রতি পৰিৱেশৰ প্রতি প্রচণ্ড ভাবুকি হৈ পৰিছে৷ পশ্চিমীয়া দেশ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি বিভিন্ন চহকী দেশত ইয়াৰ ব্যৱহাৰ ব্যাপক৷ আমাৰ দেশ ভাৰতত ইয়াৰ ব্যৱহাৰ অতি সীমিত। বিলাসী হোটেলৰ পৰা বিদেশী পর্যটকে যি কমসংখ্যক ব্যৱহাৰ কৰি আছে, সেয়া লাহে লাহে সমস্যাৰ দিশে আগবাঢ়িছে৷ বিশ্বৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্রতে সর্বাধিক টয়লেট পেপাৰ উৎপাদিত হয়৷ আমেৰিকাত এই টয়লেট পেপাৰ প্রস্তুত–উৎপাদনৰ কাৰণে কানাডাস্থিত বৰফাবৃত বনাঞ্চলৰ গছ ব্যৱহাৰ কৰা হয়৷ এই গছে আৱৰি থকা বনাঞ্চলসমূহ কার্বন শোষণৰ ভঁৰাল৷ গতিকে মাত্রাধিক গছ কর্তন কৰাৰ ফলত বায়ুমণ্ডলত কার্বনৰ মাত্রা বৃদ্ধি পাবলৈ ধৰে আৰু ইয়ে বায়ু প্রদূষণত ভূমিকা লৈ আছে৷
তথ্য মতে এডাল গছৰ পৰা প্রায় ১০০ পাউণ্ড (৪৫ কিলোগ্রাম) টয়লেট পেপাৰ উৎপাদন আৰু প্রতিদিনে প্রায় ৮৩ নিযুত টয়লেট পেপাৰৰ উৎপাদন হৈ আছে৷ গোলকীয় টয়লেট পেপাৰ উৎপাদনৰ কাৰণে প্রতিদিনে ২৭,০০০ গছ ব্যৱহূত হৈ আছে৷ অকল আমেৰিকাতে বছৰি ৭ বিলিয়ন টয়লেট পেপাৰ ৰোল বিক্রী হয় আৰু জনমূৰি গড়ে ২৩.৬ ৰোল ব্যৱহাৰ কৰে৷ বার্ষিক ২৩ কিলোগ্রাম টয়লেট পেপাৰ ব্যৱহাৰ কৰে আমেৰিকান নাগৰিকে, যিটো আন পশ্চিমীয়া দেশতকৈ ৫০ শতাংশ অধিক৷ এই ব্যৱহূত বর্জিত পেপাৰে দেশখনৰ পৰিৱেশতন্ত্রৰ ওপৰত প্রভাৱ পেলাইছে৷ মন কৰিবলগীয়া যে প্রকৃতিসৃষ্ট গছৰ উপৰি পৰিৱেশতন্ত্রৰ প্রতি ভাবুকিৰ বাবে আমেৰিকাই নিযুত নিযুত গছপুলি ৰোপণৰ পদক্ষেপ লৈছে৷ ইয়াৰ সমান্তৰালকৈ গছৰ পৰা প্রত্যক্ষভাৱে টয়লেট পেপাৰ উৎপাদন নকৰি শেহতীয়াভাৱে ৰিচাইকলড পেপাৰ (পুনৰ ব্যৱহাৰৰ উপযোগী কাগজ)ৰ টয়লেট পেপাৰ উৎপাদনত প্রাধান্য দিছে৷ আনপিনে কুঁহিয়াৰৰ পেলনীয়াৰ পৰাও টয়লেট পেপাৰ উৎপাদন কৰি আছে৷ তেনেদৰে কটন স্রাৱ, টেম্পন আৰু ছেনিটাৰী পেড, বেবী ৱাইপ–এ প্রকৃতিৰ পৰিৱেশ বিনষ্ট কৰাত অৰিহণা যোগাই আছে৷ কাণ–নাক পৰিষ্কাৰ কৰাত ব্যৱহূত কপাহৰ সামগ্রী এবাৰ ব্যৱহাৰ কৰি বাথৰুমত পেলাই দিয়াত সেইবোৰ জলপথত সামৰণি পৰে৷ নলা–নর্দমাৰ জৰিয়তে আর্দ্রভূমি, বিল, নদীত ভিৰ কৰে৷ এই আৱর্জনাবোৰে পক্ষী, উভচৰ জীৱৰ জীৱনলৈ বিভিন্ন ধৰণেৰে ভাবুকি নমাই আনিছে৷ ছেনিটাৰী পেডবোৰ এবাৰ ব্যৱহাৰ কৰাৰ পিছত মাটিত আৱর্জনা হৈ পৰে৷ সেইবোৰ বৰষুণ কিম্বা জলপথৰ দ্বাৰাই নদী, জলাহত ভৰি পৰে৷ আনপিনে কটা–ছিগাত বেণ্ডেজৰ ৰূপত ব্যৱহূত তুলা–কপাহ–সূতাৰ সামগ্রীয়েও বর্জিত হৈ পৰিৱেশৰ ওপৰত ভাবুকি কঢ়িয়াই আছে৷ মন কৰিবলগীয়া যে শিশুৰ যতনৰ কাৰণে ব্যৱহূত অনেক সামগ্রী এবাৰ ব্যৱহাৰ কৰিয়েই বর্জিতৰ ৰূপত প্রকৃতিৰ আৱর্জনা হৈ পৰে৷ ইয়েই পিছলৈ মাটি–পানী প্রদূষিত কৰি পৰিৱেশতন্ত্রত আঘাত কৰি আছে৷ মানৱীয় জীৱনৰ বাবে প্রয়োজনীয় সামগ্রীসমূহেই বর্জিত ৰূপত পৰিৱেশ প্রদূষিত কৰি মানৱ স্বাস্থ্যৰ অনিষ্ট সাধন কৰি আছে৷ গৱেষক–বিজ্ঞানীসকলে এইধৰণৰ প্রদূষণৰ পৰা উদ্ধাৰ পাবলৈ বিকল্পৰ সন্ধানত আছে৷ সঠিক সন্ধান নোপোৱালৈকে মানৱ জাতি এনে ধৰণৰ সামগ্রী ব্যৱহাৰৰ প্রতি সচেতন আৰু সজাগ হ’ব লাগিব৷ পার্যমানে ন্যূনতম ব্যৱহাৰ কৰি বর্জিতক উপযুক্ত পদক্ষেপেৰে পৰিৱেশ প্রদূষণ নকৰাকৈ ৰাখিব লাগিব৷ অন্যথা বিজ্ঞানৰ উৎপাদিত সামগ্রীয়েই মানৱ জাতিৰ অভিশাপ হৈ পৰিব৷

Featured