অশান্ত মণিপুৰত শান্তি আহিব কিদৰে

হিংসাজর্জৰ মণিপুৰত অশান্তিৰ ক’লীয়া ডাৱৰ আঁতৰাৰ নামেই নোলোৱা হৈছে৷ ৰৈ ৰৈ হিংসাত্মক ঘটনা সংঘটিত হৈ আছে৷ শেহতীয়াকৈ দুগৰাকী কিশোৰৰ মৃত্যুক লৈ ৰাজ্যখন পুনৰ অগ্নিগর্ভা হৈ পৰিছে৷ অশান্ত অঞ্চল ঘোষণা কৰা হৈছে৷ বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা৷ গোষ্ঠীগত হিংসাত দগ্ধ ৰাজ্যখনৰ পৰিস্থিতি–পৰিৱেশ ইমানেই স্পর্শকাতৰ হৈ আছে যে অশুভ শক্তিয়ে যেতিয়াই ইচ্ছা কৰে, হিংসাৰ জুই জ্বলাব পাৰে৷ মণিপুৰত কার্যতঃ চৰকাৰৰ অস্তিত্ব নাইকিয়া হৈ পৰিছে৷ পংগু হৈ পৰিছে প্রশাসন৷ চৌদিশে আস্থাহীনতা আৰু বিশ্বাসহীনতাৰ অবর্ণনীয় পৰিৱেশ৷ মানুহৰ মাজত আস্থা আৰু বিশ্বাসৰ পৰিৱেশ উভতি নাহিলে ৰাজ্যখনলৈ শান্তি ঘূৰি আহে কিদৰে? অশুভ শক্তিসমূহে এনে পৰিৱেশ বিৰাজ হৈ থকাটো বিচাৰে৷ তেতিযাহে তেওঁলোকৰ স্বার্থ সিদ্ধি হয়৷ কিন্তু চৰকাৰে বিশ্বাস আৰু আস্থাহীনতাৰ পৰিৱেশ দীর্ঘদিন বর্তি থাকিবলৈ দিব নোৱাৰে৷ প্রয়োজনসাপেক্ষে ইয়াৰ বাবে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্রহণ কৰিব লাগিব৷ চৰকাৰৰ প্রাথমিক দায়িত্বই হৈছে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব৷ ৰাজ্যখন অশুভ শক্তিৰ হাতৰ পুতলা হৈ থাকিবলৈ এৰি দিব নোৱাৰিব৷ মণিপুৰত দীর্ঘদিন ধৰি হিংসা অব্যাহত থকাৰ স্পষ্ট কাৰণটো হৈছে ৰাজ্যখনৰ শাসনত অধিষ্ঠিত হৈ থকা চৰকাৰৰ ব্যর্থতা৷ চৰকাৰখনে মণিপুৰৰ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিব পৰা নাই৷ ৰাজ্যখন চৰম অৰাজকতাৰ গ্রাসত পৰিছে৷ মানুহ হত্যা কৰাই হত্যা কৰি গৈছে, অস্ত্র–শস্ত্র লুট কৰাই কৰি গৈছে, ঘৰ জ্বলোৱাই জ্বলাই গৈছে৷ নিৰাপত্তা বিচাৰি ঘৰ–বাৰী এৰা শংকিত–আতংকিত লোকৰ শাৰী দীঘলীয়া হৈ গৈ আছে৷ শৰণার্থী শিবিৰ দুর্গত লোকেৰে ভৰি পৰিছে৷ চৰকাৰ এখনৰ বর্তমানত এনে ভয়ংকৰ পৰিস্থিতি দীর্ঘকালৰ বাবে বর্তি থাকেনে?
মণিপুৰৰ হিংসাৰ আঁৰত বহু ঘটনা আছে বুলি চর্চা চলি আছে৷ ইযাৰ ভিতৰত হিন্দু ধর্মাৱলম্বী মেইতেইসকলৰ জনজাতিকৰণৰ বিষয়টো সর্বাধিক চর্চাত আছে৷ তদুপৰি আফিং খেতি অর্থাৎ ড্রাগছ মাফিয়া চক্রৰ হাত থকা বুলি কোৱা হৈছে৷ এই চক্রটোৰ সৈতে জড়িত আছে উগ্রপন্থী সংগঠন৷ এটা কথা সর্বজনবিদিত যে মণিপুৰত কেইবাটাও সক্রিয় উগ্রপন্থী সংগঠন আছে৷ সংগঠনসমূহে পুঁজি সংগ্রহৰ অর্থে ড্রাগছক ব্যৱহাৰ কৰে৷ লগতে সংযুক্ত হৈ আছে আন্তঃৰাষ্ট্রীয় শক্তি৷ এনে বৃহৎ শক্তি জড়িত হৈ থাকিলে অশান্তিজর্জৰ পৰিৱেশ ভয়াৱহ আৰু সহজে নিয়ন্ত্রণত নথকা বিধৰ হৈ থকাৰ সম্ভাৱনাই অধিক হৈ থাকে৷ ৰাজ্যখনৰ পৰিস্থিতিও তেনে হৈ পৰিছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰক যথোপযুক্ত আৰু সময় মতে সহায়–সহযোগিতা কৰাত কৃপণালি কৰা বুলি ভবাৰ থল আছে ৷ নতুন দিল্লীয়ে পৰিস্থিতি ইমান অবর্ণনীয়ভাৱে ধ্বংসাত্মক হ’ব বুলি সম্ভৱতঃ অনুমান কৰিব পৰা নাছিল৷ তদুপৰি ইমান দীর্ঘকালৰ বাবে ৰাজ্যখনত হিংসা অব্যাহত থাকিব বুলিও কেন্দ্রীয় চৰকাৰৰ অনুমান ব্যর্থ হোৱা বুলি ক’ব পাৰি৷ মণিপুৰ আন্তঃৰাষ্ট্রীয় সীমান্তত থকা এখন ৰাজ্য৷ মণিপুৰৰ জৰিয়তে শত্রু ৰাষ্ট্রই ভাৰতক লক্ষ্য কৰি লোৱাৰো সম্ভাৱনা আছে৷ এইবোৰ দিশ ফহিয়াই চোৱাৰ প্রয়োজন আছে৷ মূল কথাটো হৈছে, আঁৰৰ শক্তি যিয়েই নহওক, সংঘাত আৰু সংঘর্ষৰ বলি হোৱা লোকসকল মণিপুৰৰ বাসিন্দা, নিহত–আহত হোৱাসকলো মণিপুৰৰেই সন্তান৷ যাৰ ঘৰ জ্বলিছে, যিসকল শৰণার্থী শিবিৰৰ বাসিন্দা হ’বলগীয়া হৈছে তেওঁলোকৰো সম্পর্ক মণিপুৰৰ মাটিৰ সৈতে৷ মেইতেই হওক, নগা অথবা কুকি সকলোৰে মাজত সম্প্রীতি আৰু সমন্বয়ৰ দীঘলীয়া ইতিহাস আছে৷ সংঘাতেৰে সমস্যাৰ সমাধান কৰিব নোৱাৰি৷ শান্তি, আস্থা, বিশ্বাসৰ পৰিৱেশেহে শান্তি ওভতাই আনিব পাৰে৷ মণিপুৰবাসীয়ে অশুভ শক্তি আৰু স্বার্থজড়িত মহলক চিনি উলিয়াব লাগিব৷