অসমত আকৌ বিজেপি চৰকাৰ

কেইবাটাও সংবাদ সংস্থাৰ এগ্জিট প’লৰ সমীক্ষাক সত্য প্রমাণ কৰি প্রত্যাশিতভাৱে অসম বিধানসভা নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে৷ বিজেপি, অগপ আৰু ইউপিপিএল মিত্রজোঁটে এই সম্পাদকীয় স্তম্ভ যুগুতোৱাৰ পৰলৈ ৭৫ বা তাতকৈ অধিক আসনত জয়লাভ কৰাটো প্রায় নিশ্চিত হৈছে৷ ইফালে, কংগ্রেছ নেতৃত্বাধীন মহাজোঁট ৫০খন আসনৰ ভিতৰতে সন্তুষ্ট থাকিবলগীয়া হ’ব পাৰে বুলি অনুমান কৰিব পৰা গৈছে৷ বিজেপিক প্রত্যাহ্বান জনাবলৈ এইবাৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ নতুন ভাবমূর্তিৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে নির্বাচনত অৱতীর্ণ হৈছিল যদিও দুয়োটা দলেই ব্যর্থতাক আঁকোৱালি ল’বলগীয়া হৈছে৷ ৰাইজৰ দলৰ একমাত্র প্রতিনিধি অখিল গগৈয়েহে শিৱসাগৰ সমষ্টিত বিজয় সাব্যস্ত কৰিছে৷ লক্ষণীয়ভাৱে নির্বাচনৰ পূর্বে মহাজোঁটত চামিল হৈছিল আঞ্চলিক গণ মর্চা৷ কিন্তু দলটোৱে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ নির্বাচনৰ পূর্বে মহাজোঁটৰ কেইবাগৰাকীও নেতাই হর্ছ ট্রেডিঙৰ আশংকা কৰি বিজয়ৰ সম্ভাৱনা থকা প্রার্থীসকলক সুৰক্ষিত অঞ্চলত হোটেল, ৰিজ’টত ৰাখিছিল৷ এই ঘটনাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছিল সৰস আলোচনা৷ হর্ছ ট্রেডিঙৰ আশংকা কৰা মহাজোঁটে বিজেপিক ওফৰাই ক্ষমতা দখল কৰাৰ সপোন দেখিছিল যদিও ইয়াৰ নেতৃত্বত থকা কংগ্রেছে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ গতিকে আশা কৰা ধৰণেই বিজেপি নেতৃত্বাধীন মিত্রজোঁটে একেৰাহে অসমত দ্বিতীয়খন চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছে৷ মহাজোঁটৰ অন্যতম অংশীদাৰ হিচাপে থকা বিপিএফেও আশানুৰূপ ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল৷ অতি সংকটকালত মহামাৰীৰ তাণ্ডৱ চলি থকা দিনত নির্বাচনৰ এই ফলাফল ঘোষণা হোৱাৰ পাছত বিজেপিৰ বাবে নতুন চৰকাৰ এখন গঠনৰ পিছতেই বিভিন্ন প্রত্যাহ্বান আহি পৰাৰ সম্ভাৱনা আছে৷ কিন্তু ৫ বছৰীয়া অভিজ্ঞতাৰ পৰা চৰকাৰখনে পৰৱর্তী কার্যকাল সুচলভাৱে চলাবলৈ সকলো প্রচেষ্টা চলাব বুলি অনুমান কৰিব পাৰি৷

ইফালে পশ্চিমবংগ দখলৰ বাবে বিজেপিয়ে বিশেষ প্রচেষ্টা চলাইছিল যদিও দলটো এইক্ষেত্রত সম্পূর্ণৰূপে ব্যর্থ হয়৷ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাই নহয়, এই স্তম্ভ যুগুতোৱাৰ পৰলৈ ২১৯খন আসনত অগ্রগতিৰে এক অভিলেখ গঢ়াৰ সম্ভাৱনা প্রকট কৰি তুলিছে৷ ইফালে বিজেপিয়ে নির্বাচনৰ পূর্বে ৰাজ্যখনত ২০০ আসন লাভ কৰিব বুলি দাবী কৰিছিল যদিও দলটোৰ সামগ্রিক অগ্রগতি মাথোঁ ৭৭৷ অৱশ্যে মমতা বেনার্জীৰ নন্দীগ্রামত বিজেপি প্রার্থী শুভেন্দু অধিকাৰীৰ হাতত পৰাজয় এক মোক্ষম আঘাত হিচাপে চিহ্ণিত হৈছে৷ কেবাটাও সংস্থাৰ সমীক্ষাক সত্য প্রমাণ কৰি তামিলনাডুত ডিএমকে নেতৃত্বাধীন জোঁটে একক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছে৷ ৰাজ্যখনত এআইএডিএমকে–বিজেপি মিত্রজোঁট দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হৈছে৷ সেইদৰে কেৰালাত পুনৰ বাঁও গণতান্ত্রিক মর্চাই আশানুৰূপ ফল দেখুৱাই ক্ষমতা দখলৰ পথ প্রশস্ত কৰিছে৷ বিৰোধী কংগ্রেছ নেতৃত্বাধীন ইউডিএফে বিশেষ ধৰণৰ সফলতা প্রদর্শন কৰিবলৈ সক্ষম নহ’ল শেহতীয়া নির্বাচনত৷ কেন্দ্রীয়শাসিত ৰাজ্য পুডুচেৰীত ৩০খন আসনৰ ভিতৰত এই স্তম্ভ যুগুতোৱাৰ পৰলৈ ১৩খন আসনত সামগ্রিক অগ্রগতি লৈছে বিজেপি নেতৃত্বাধীন এনডিএই৷ ইফালে কংগ্রেছ নেতৃত্বাধীন মিত্রজোঁটে ৬খন আসন লাভ কৰাৰ বিপৰীতে অন্যান্যই লাভ কৰিছে সাতখন৷ অর্থাৎ ক্ষমতা দখল কৰিবলৈ বিজেপিক প্রয়োজন আৰু তিনিখন আসনৰ৷ সামগ্রিকভাৱে ৫ ৰাজ্যৰ বিধানসভা নির্বাচনত আশা কৰা ধৰণে বিজেপিয়ে প্রদর্শন আগবঢ়াবলৈ সক্ষম হৈছে একমাত্র অসমত৷ দলটোৱে আটাইতকৈ বেছি গুৰুত্ব পশ্চিমবংগত দিছিল যদিও ৰাজ্যখনত নির্বাচনী ফলাফলে হতাশ কৰিছে বহু বিজেপি নেতাক৷