চুটি ছবি আৰু তথ্যচিত্রৰ নতুন দিন

এই সময়ত মুম্বাইত অনুষ্ঠিত হৈ আছে তথ্যচিত্র, চুটি কাহিনী ছবি আৰু এনিমেচন ছবিৰ আন্তর্জাতিক মহোৎসৱ৷ এইধৰণৰ ছবিৰ এইটো অতি ডাঙৰ আয়োজনৰ উৎসৱ৷ ১৯৯০ চনত এই মহোৎসৱৰ আৰম্ভণি হৈছিল আৰু দুবছৰীয়া এই উৎসৱ এতিয়ালৈকে চলি আহিছে৷ এই বছৰ এই মহোৎসৱ যথেষ্ট জাকজমকতাৰে আয়োজন কৰা হৈছে৷ অসমৰ কেইবাখনো ছবিয়ে এই মহোৎসৱত স্থান লাভ কৰিছে আৰু এই কথাটো অসমৰ ছবি জগতৰ বাবে আনন্দৰ কথা৷ মহোৎসৱৰ এই বছৰৰ ব্যাপক আয়োজনে প্রমাণ কৰে যে চুটি ছবি আৰু তথ্যচিত্রয়ো এতিয়া ব্যৱসায়িক সম্ভাৱনাৰ প্রতিশ্রুতি প্রদান কৰিছে৷ এটা কথা ঠিক যে চুটি ছবি আৰু তথ্যচিত্র মূলতঃ স্রষ্টাৰ ৰুচি আৰু আৱেগিক উন্মাদনাৰ ফলত সৃষ্টি হয়৷ ব্যৱসায়ৰ মূল সূত্রবোৰ এই ছবিবোৰৰ লগত খাপ নাখায়৷ কিন্তু ষ্ট্রীমিং সেৱা আৰু অনলাইন ভিডিঅ’ প্লেটফর্মৰ উত্থানে এই দৃশ্যপট সলনি কৰি দিছে৷ ভাৰতত চুটি চলচ্চিত্র আৰু তথ্যচিত্রৰ বাবে নতুন নতুন সুযোগৰ সৃষ্টি হৈছে৷ ইউটিউব ভিডিঅ’ আদিয়ে চলচ্চিত্র নির্মাতাসকলক তেওঁলোকৰ কাম প্রদর্শন কৰাৰ সুযোগ দিছে৷ বিশেষকৈ ইউটিউবত আপলোড কৰা ভিডিঅ’ৰ দর্শকৰ ওপৰত ভিত্তি কৰি ভিডিঅ’ নির্মাতাই অর্থ উপার্জন কৰাৰ পথ আছে আৰু সেই সুযোগৰ ভাল ব্যৱহাৰ কৰি বহুতে চুটি ছবি আৰু ছিৰিজ আদি নির্মাণ কৰিছে৷ তাৰ সমান্তৰালভাৱে কম দামত উচ্চমানৰ কেমেৰা আৰু সম্পাদনা ছফ্টৱেৰ পোৱা পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে ভাৰতত চলচ্চিত্র নির্মাণৰ পৰিৱেশ বহু মুকলি হৈ পৰে৷ ফলত সীমিত বাজেটেৰে উচ্চাকাংক্ষী পৰিচালক আৰু প্রযোজকে চুটি চলচ্চিত্র আৰু তথ্যচিত্র সৃষ্টি কৰিবলৈ সক্ষম হ’ল৷ যিহেতু চুটি ছবিৰ ব্যৱসায় বুলিবলৈ বিশেষ একো নাছিল, গতিকে নির্মাতাসকলে নিজৰ মানসিক জগতখনৰ প্রতিফলন হোৱাকৈ ছবি নির্মাণ কৰিছিল৷ ফলত এই ছবিবোৰৰ মাজেৰে এনে বহু বিষয় ৰাইজৰ সন্মুখলৈ আহিছে, যিবোৰ পূর্ণ দৈর্ঘ্যৰ ছবিৰ মাজত সম্ভৱ হোৱা নাছিল৷ লিংগ অসমতা, পৰিৱেশগত সমস্যা আৰু সাংস্কৃতিক সংঘাতৰ দৰে জ্বলন্ত সামাজিক বিষয়বোৰ ভাৰতত এনে তথ্যচিত্রৰ মাজেৰেই পোহৰলৈ আহিছে৷

ভাৰতীয় চুটি চলচ্চিত্র আৰু তথ্যচিত্রসমূহে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ক্রমবর্ধমান স্বীকৃতি লাভ কৰিছে, বঁটা লাভ কৰিছে আৰু দর্শক–সমালোচকৰ প্রশংসাও অর্জন কৰিছে৷ এই বিশ্বব্যাপী প্রদর্শনীয়ে বিশ্বৰ মঞ্চত ভাৰতীয় চলচ্চিত্র নির্মাতাসকলৰ মর্যাদা বৃদ্ধি কৰাত সহায় কৰিছে৷ চুটি ছবি আৰু তথ্যচিত্রবোৰে ভাৰতীয় চলচ্চিত্র নির্মাতাসকলক অপ্রচলিত কাহিনী, শৈলী আৰু কৌশলৰ সৈতে পৰীক্ষা–নিৰীক্ষা কৰাৰ বাবে দিয়া সুযোগবোৰ মূল ধাৰাৰ বাণিজ্যিক চলচ্চিত্রত সম্ভৱ নহয়৷ এই পার্থক্যই ভাৰতীয় চলচ্চিত্র জগতখনলৈ এক বিশেষ পৰিৱর্তনৰ বার্তা বহন কৰি আনিলে৷ যাৰ ফলতেই চুটি ছবিৰ বাণিজ্যিক সম্ভাৱনাৰ ছবিখন উজলি উঠিল৷ কিন্তু সৃজনীশীল দিশত প্রদর্শন কৰা পাৰদর্শিতাৰ ধাৰাবাহিকতা ৰক্ষা কৰা আৰু ব্যৱসায়িক জগতখনত খোপনি পুতিবলৈ ভালেখিনি ধনৰ প্রয়োজন হয়৷ চৰকাৰ আৰু বেচৰকাৰী সংস্থাবোৰে এই দিশত আগভাগ লোৱাৰ সময় আহি পৰিছে৷ ই চুটি চলচ্চিত্র আৰু তথ্যচিত্র নির্মাণৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিব পাৰে৷ এই পুঁজিয়ে নৱাগত আৰু প্রতিভাৱান চলচ্চিত্র নির্মাতাসকলক সহায় কৰিব৷ ফিল্ম ডিভিজনে কিছুসংখ্যক চিত্র নির্মাতাক তথ্যচিত্র নির্মাণৰ বাবে অর্থৰ যোগান ধৰিছিল৷ সেই আঁচনিযোগে কিছুসংখ্যক ভাল চুটি ছবিয়ে জন্মলাভ কৰিছিল৷ কিন্তু ছবিবোৰ বিক্রী কৰাৰ কোনো কার্যকৰী ব্যৱস্থা ফিল্ম ডিভিজনৰ নাছিল৷ সেয়ে এইধৰণৰ ছবিবোৰ একোটা গাইগুটীয়া প্রচেষ্টা হৈ থাকিল, ছবি নির্মাণৰ ধাৰাবাহিকতা থকা পৰিৱেশ এটাৰ সৃষ্টি কৰিব নোৱাৰিলে৷ বর্তমান সময়ৰ দাবী–  চুটি চলচ্চিত্র আৰু তথ্যচিত্রৰ বাবে বিশেষ ডিজিটেল প্লেটফর্ম স্থাপন কৰা আৰু প্লেটফর্মবোৰত এইবোৰ সামগ্রীৰ প্রচাৰ বৃদ্ধি কৰা৷ ভাৰত চৰকাৰে চলচ্চিত্র প্রতিযোগিতাত বিস্তৃত বিভাগত চুটি ছবিক পুৰস্কৃত কৰে৷ এই পুৰস্কাৰবোৰ চিত্র নির্মাতাসকলৰ বাবে উৎসাহ৷ অসম চৰকাৰেও চলচ্চিত্র প্রতিযোগিতাত চুটি ছবিৰ পুৰস্কাৰৰ সংখ্যা বৃদ্ধি কৰি এই দিশত কাম কৰি থকা নির্মাতাসকলক উৎসাহিত কৰিব পাৰে৷ একে ধৰণে ছবিবোৰৰ প্রদর্শনৰ বাবেও চলচ্চিত্র আৰু বিত্ত নিগমে কার্যকৰী ব্যৱস্থা হাতত ল’ব পাৰে৷

Featured