নৱীকৰণ শক্তিৰ প্রাসংগিকতা

প্রতিনিয়ত মানৱ জাতিৰ বাবে ভাবুকি কঢ়িয়াই থকা গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰিবলৈ নৱীকৰণ শক্তিৰ প্রাসংগিকতা বৃদ্ধি পাই আহিছে৷ ৰাষ্ট্রসংঘৰ জলবায়ু পৰিৱর্তন সন্মিলনতো সেউজ গৃহ গেছ বিশেষকৈ কার্বন–ডাই–অক্সাইডৰ নির্গমন হ্রাসৰ বাবে নৱীকৰণ শক্তিক প্রাধান্য দিয়া হৈছে ৷ সম্প্রতি পৃথিৱীত জলবায়ু পৰিৱর্তনৰ বাবে এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছে যে জীৱশ্রেষ্ঠ মানৱে তাক নিয়ন্ত্রণ কৰিবলৈ হাবু–ডুবু খাবলগীয়া হৈছে৷ গৰম অঞ্চলত অধিক গৰম, ঠাণ্ডা অঞ্চলত অধিক ঠাণ্ডা, গৰম অঞ্চলত হঠাতে ঠাণ্ডা, ঠিক তেনেদৰে ঠাণ্ডা অঞ্চলত গৰমৰ প্রভাৱ অস্বাভাৱিক হাৰত পৰিৱর্তিত হৈছে৷ আনকি কোনোদিনে বানৰ সন্মুখীন নোহোৱা অঞ্চলতো বানপানীৰ সৃষ্টি হৈছে৷ সংযুক্ত আৰব আমীৰশ্বাহীৰ দেশসমূহত বানৰ প্রকোপ সাধাৰণতে দেখা নাযায় যদিও এতিয়া আৰব দেশত বৰষুণৰ বাবে বানপানী প্রত্যক্ষ কৰা হয়৷ নীলগিৰি পর্বতমালাতো তুষাৰপাত হৈছে৷ ইয়েই জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ৷ আনপিনে, ইউৰোপ মহাদেশত ইতিহাসত কাহানিও নঘটা প্রচণ্ড তাপ প্রবাহৰ কবলত পৰিছে দেশসমূহ৷ কেইবাখনো দেশত প্রচণ্ড তাপপ্রবাহৰ বাবে সহস্রাধিক লোকৰ প্রাণহানি হোৱাৰ লগতে অনেকজন অসুস্থ হৈ চিকিৎসালয়ত ভর্তি হ’বলগীয়া হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা অষ্ট্রেলিয়ালৈকে বিভিন্ন দেশত বনজুয়ে সংহাৰী ৰূপ লৈছে৷ পূর্বৰ তুলনাত এই বনজুইৰ মাত্রা অধিক হৈছে৷ এয়াও হৈছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ প্রত্যক্ষ প্রভাৱ৷ উল্লেখ্য যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তন নিয়ন্ত্রণৰ বাবে ৰাষ্ট্রসংঘই পেৰিছ চুক্তিৰ পৰা গ্লাছগ’ চুক্তিলৈকে অনেক পৰিকল্পনা কৰিছে৷ কিন্তু এইক্ষেত্রত বিশ্বৰ দেশসমূহৰ ভূমিকা অতিকৈ দুখ লগা৷ গোলকীয় উষ্ণতা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াছৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখাৰ পণ বিশ্বৰ দেশসমূহে গ্রহণ কৰিছে যদিও সেয়া ফলপ্রসূ হোৱা নাই৷ বিশ্বৰ দেশসমূহে জীৱাশ্ম ইন্ধনৰ দ্বাৰা উৎপাদিত বিদ্যুৎ অথবা শক্তি উৎপাদনৰ ক্ষেত্রত নিয়ন্ত্রণ কৰি নৱীকৰণ শক্তিৰ ওপৰত গুৰুত্ব দিছে৷ নৱীকৰণ শক্তিৰে বিশ্বৰ দেশসমূহে বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ লক্ষ্য লৈছে৷ ভাৰতো এইক্ষেত্রত আগবাঢ়ি গৈছে৷ দেশৰ বিভিন্ন প্রান্তত ইতিমধ্যে নৱীকৰণ বিদ্যুৎ উৎপাদনৰ বাবে সৌৰ আৰু বতাহৰ দ্বাৰা উৎপাদিত প্রকল্প নির্মাণ কৰা হৈছে৷ এই নৱীকৰণ বিদ্যুতেৰে দেশৰ চাহিদা পূৰণ কৰাৰ বাবে আগবাঢ়ি থকাৰ সময়তে জলবায়ু পৰিৱর্তনে নৱীকৰণ বিদ্যুতলৈও বিপদঘণ্টা নমাই অনা বুলি গৱেষণাত প্রকাশ পাইছে৷
বিদ্যুৎ উৎপাদনত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰি সৌৰ আৰু বতাহ প্রকল্পৰ দ্বাৰা নৱীকৰণ বিদ্যুৎ উৎপাদনত প্রাধান্য দিয়া হৈছে৷ কিন্তু এই নৱীকৰণ বিদ্যুতলৈ জলবায়ু পৰিৱর্তনে বিপদঘণ্টা নমাই অনাটো উদ্বেগজনক বিষয়৷ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্র’পিকেল মেটেৰ’লজী পুনেৰ গৱেষণাত এই কথা স্পষ্ট হৈছে যে জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱে ভাৰতত নৱীকৰণ বিদ্যুৎ উৎপাদনত ব্যাঘাত জন্মাব৷ অর্থাৎ নৱীকৰণ বিদ্যুৎ উৎপাদন হ্রাস কৰিব৷ বর্তমান যি আর্হিৰ দ্বাৰা ভাৰতত নৱীকৰণ বিদ্যুৎ উৎপাদন চলি আছে, অনাগত দিনত সেই আর্হিৰে পর্যাপ্ত বিদ্যুৎ উৎপাদন কৰিব পৰা নাযাব৷ অর্থাৎ জলবায়ু পৰিৱর্তনৰ বাবে সৌৰ আৰু বতাহৰ দ্বাৰা বিদ্যুৎ উৎপাদিত প্রকল্পত ব্যাঘাত জন্মিব আৰু বিদ্যুৎ উৎপাদন হ্রাস পাব৷ সৌৰশক্তিৰ উৎপাদন হ্রাস পোৱাৰ লগতে ভাৰতৰ কিছুমান অঞ্চলত বায়ু শক্তি কেন্দ্রসমূহতো বিৰূপ প্রভাৱ পৰিব৷ কিয়নো, জলবায়ু পৰিৱর্তনৰ বাবে উত্তৰ ভাৰতৰ ঋতুভিত্তিক আৰু বার্ষিক বতাহৰ গতিবেগ হ্রাস পাব৷ যাৰ পৰিণতিত বিদ্যুতৰ উৎপাদন হ্রাস পাব৷ গৱেষকসকলে বিভক্ত কৰা গংগা সমভূমি, পূব, দক্ষিণ–পূব, দক্ষিণ, পশ্চিম, উত্তৰ–পশ্চিম আৰু মধ্য ভাৰতত বর্তমান যি আর্হিত সৌৰ আৰু বতাহ প্রকল্পৰ দ্বাৰা বিদ্যুৎ উৎপাদন কৰি থকা হৈছে, সেই আর্হিৰে পশ্চিম ভাৰতত বিদ্যুৎ উৎপাদন হ্রাস পোৱাটো নিশ্চিত৷ তদুপৰি গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱর্তনৰ বাবে দেশৰ কেইবাটাও অঞ্চলত বতাহৰ গতি হ্রাস পাব আৰু কিছুমান অঞ্চলত বতাহৰ গতি বৃদ্ধি পাব৷ এই ভাৰসাম্যহীনতাৰ বাবে বতাহ প্রকল্পত বিদ্যুৎ উৎপাদনত নেতিবাচক প্রভাৱ পৰিব৷ শেষত এই কথা ক’ব লাগিব যে পৰিচ্ছন্ন বিদ্যুতৰ বাবে গঢ়ি তোলা সৌৰ আৰু বতাহ প্রকল্পও জলবায়ু পৰিৱর্তনৰ প্রভাৱৰ সন্মুখীন হোৱাটো মানৱ জাতিৰ বাবে আন এক প্রত্যাহ্বান৷

Featured