ধর্মীয় সংখ্যালঘু ৰাজনীতি

অসমৰ ধর্মীয় সংখ্যালঘু ৰাজনীতিৰ ধাৰা সলনি হৈছে নেকি? চলিত অষ্টাদশ লোকসভা নির্বাচনৰ প্রথম পর্যায়ৰ পাঁচটা সমষ্টিৰ নির্বাচনৰ ভোটগ্রহণৰ পিছতে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বিজেপিৰ প্রচাৰ সভাসমূহত ধর্মীয় সংখ্যালঘুৰ উপস্থিতি লক্ষণীয় হৈ উঠিছে৷ যোৱা ২৬ এপ্রিলত ভোটগ্রহণ হোৱা নগাঁও আৰু কৰিমগঞ্জকে ধৰি ৰাজ্যখনৰ পাঁচটা সমষ্টিত বিজেপিয়ে অনুষ্ঠিত কৰা নির্বাচনী সভাসমূহত অগণন ধর্মীয় সংখ্যালঘু লোকৰ উপস্থিতি দেখা গৈছে৷ বিগত ১০ বছৰে দিল্লীৰ ক্ষমতাত আছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ৷ একেদৰে ২০১৬ চনৰ পৰা ৰাজ্যৰ ক্ষমতাত আছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ৷ এই সময়ছোৱাত বিজেপিৰ সভা–সমিতিত এইদৰে ধর্মীয় সংখ্যালঘু লোকৰ উপস্থিতি দেখা নগৈছিল৷ কিন্তু লোকসভা নির্বাচনৰ দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ পূর্বে বিজেপিৰ প্রতি কিয় আকর্ষিত হৈছে ৰাজ্যৰ ধর্মীয় সংখ্যালঘু লোকসকল? বিজেপিৰ নির্বাচনী সভা–সমিতিসমূহত নিতৌ ধর্মীয় সংখ্যালঘু লোক উপস্থিত থকাই নহয়, নেতৃস্থানীয় বহু লোকে দলটোত যোগদান কৰিছে৷ কিন্তু বিজেপিৰ নির্বাচনী সভাত যোগদান কৰা ধর্মীয় সংখ্যালঘু লোকসকলে বিজেপি সমর্থনকাৰী ভোটাৰত পৰিণত হৈছে নে নাই, সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মন্ত্রী পীয়ূষ হাজৰিকাই নগাঁও সংসদীয় সমষ্টিৰ অন্তর্গত ধিং, লাহৰীঘাট, মৰিগাঁও আদি বিধানসভা সমষ্টিত চলোৱা প্রচাৰ অভিযানত যিদৰে ধর্মীয় সংখ্যালঘু লোকে অংশগ্রহণ কৰিছে সেয়া অসমৰ ৰাজনীতিৰ বাবে এখন বিপৰীতমুখী ছবি বুলি অভিহিত কৰিব পাৰি৷ বিজেপিৰ উত্থানৰ মূল ভেটি হ’ল খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকল৷ বিজেপিক কেতিয়াও ধর্মীয় সংখ্যালঘু লোকে সামগ্রিকভাৱে সমর্থন কৰাৰ উদাহৰণ নাই৷ ধর্মীয় সংখ্যালঘু অঞ্চলত দলটোৰ সাংগঠনিক ভেটিও নাই৷ ধর্মীয় সংখ্যালঘুসকলৰ মাজত বিজেপিৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতিৰে একাংশ বিৰোধী দলে চক্রান্ত চলোৱা ঘটনাও নতুন নহয়৷ ধর্মীয় সংখ্যালঘু লোকসকলে এইদৰে বিজেপিমুখী হোৱাৰ ছবিখনে একাংশ বিৰোধী নেতাক চিন্তিত নকৰা নহয়৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ হিতাধিকাৰী আঁচনি আৰু প্রলোভনৰ ৰাজনীতিৰ বাবে ধর্মীয় সংখ্যালঘু লোকসকল বিজেপিমুখী হোৱা বুলি একাংশ বিৰোধী নেতাই অভিযোগ কৰিছে৷ এনে অভিযোগৰ সত্যতাক লৈ প্রশ্ণ উত্থাপন হ’লেও ধর্মীয় সংখ্যালঘুৰ নতুন গতিধাৰাই বিজেপিৰ জনসমর্থন যে বৃদ্ধি কৰিব তাত কোনো সন্দেহ নাই৷
খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ স্বার্থৰক্ষা আৰু সুৰক্ষাৰ বিষয়টোত অগ্রাধিকাৰ প্রদান কৰিলেও বিজেপি নেতৃত্বাধীন চৰকাৰখনে গ্রহণ কৰা হিতাধিকাৰী আঁচনি আৰু বিকাশৰ অনিৰুদ্ধ যাত্রাৰ জৰিয়তে ৰাজ্যখনৰ সর্বশ্রেণীৰ ৰাইজ উপকৃত হৈছে৷ এইক্ষেত্রত ধর্মীয় সংখ্যালঘু লোকসকলো বিশেষভাৱে লাভৱান হৈছে৷ পূর্বৰ চৰকাৰৰ কার্যকালত হিতাধিকাৰী বাছনি আৰু চৰকাৰী পুঁজি লাভ কৰাৰ ক্ষেত্রত সৃষ্টি হোৱা দালালৰাজৰ ব্যৱস্থাও নির্মূল হৈছে৷ এনে ব্যৱস্থাৰ বাবে ঘাইকৈ ধর্মীয় সংখ্যালঘু লোকসকলকে ধৰি ৰাজ্যৰ পিছপৰা অঞ্চলৰ দুখীয়া লোকসকল লাভৱান হৈছে৷ এনে পৰিস্থিতিত ধর্মীয় সংখ্যালঘু লোকসকলে দেশৰ বিকাশৰ স্বার্থত ৰাজনীতিৰ গতিধাৰা সলনি কৰি বাস্তৱমুখী নতুন স্থিতি গ্রহণ কৰাৰ সম্ভাৱনাক লৈও প্রশ্ণ উদয় হৈছে৷ বিগত ১০ বছৰে দেশৰ শাসনভাৰৰ গুৰিব’ঠা ধৰা প্রধানমন্ত্রী নৰেন্দ্র মোদী যে এতিয়াও সর্বদিশত শক্তিশালী নেতা, সেয়া দেশবাসীয়ে মানি লৈছে৷ প্রধানমন্ত্রী মোদীক ক্ষমতাচ্যুত কৰিবলৈ বিৰোধী নেতাসকলে এতিয়াও ঐক্যবদ্ধ হ’ব পৰা নাই৷ বহুধাবিভক্ত বিৰোধী শিবিৰৰ দুর্বল আৰু নীতিহীন স্থিতিৰ বাবে দেশৰ ৰাজনীতিত মোদীৰ সপক্ষে আকৌ জনাদেশৰ ছবিখন স্পষ্ট হৈছে৷ এনে অৱস্থাত দেশৰ ধর্মীয় সংখ্যালঘু লোকসকলৰ একাংশই ৰাজনীতিৰ গতিধাৰা সলনি কৰি বিজেপি তথা সহযোগী দলসমূহৰ পক্ষত অৱস্থান কৰা বুলি চর্চা চলিছে৷ বিগত প্রায় চাৰি দশকজোৰা অসমৰ ৰাজনীতিৰ ছবিখন পর্যবেক্ষণ কৰিলে এই কথাই স্পষ্ট হয় যে ৰাজ্যখনৰ সংখ্যালঘু ৰাজনীতিয়ে এই সময়ছোৱাত মূলসুঁতিৰ ৰাজনীতিৰ পৰা দূৰত আছে৷ অসমত থকা অবৈধ বিদেশী নাগৰিকসকলক বহিষ্কৰণৰ দাবীত ১৯৮৫ত অসম চুক্তি স্বাক্ষৰৰ পিছতে হঠাতে বাংলাদেশী মূলৰ একাংশ নেতাৰ পৃষ্ঠপোষকতাত গঠন হৈছিল সংযুক্ত সংখ্যালঘু মর্চা (ইউ এম এফ) দল৷ হঠাতে গঠন হোৱা দলটোৱে ১৯৮৫ত বিধানসভা নির্বাচনত ১৮খন আসনত জয়লাভ কৰাৰ লগতে লোকসভাৰ এখন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৯৯১ৰ বিধানসভা নির্বাচনৰ পূর্বে ইউ এম এফৰ অধিকাংশ নেতাই কংগ্রেছত যোগদান কৰিছিল আৰু সংখ্যালঘু ভোটদাতাৰ ব্যাপক সমর্থনত ক্ষমতাত অধিষ্ঠিত হোৱাৰ সুযোগ লাভ কৰিছিল৷ উচ্চতম ন্যায়ালয়ে আইএমডিটি আইনখন ২০০৪ চনত বাতিল কৰাৰ পিছত ৰাজ্যৰ ধর্মীয় সংখ্যালঘু লোকসকলৰ মাজত ভীতি আৰু নিৰাপত্তাহীনতাৰ এক পৰিৱেশ সৃষ্টি কৰি গঠন হোৱা ইউডিএফ দলটোৱে বিগত প্রায় দুই দশক ধৰি ৰাজ্যৰ ধর্মীয় সংখ্যালঘু ৰাজনীতি নিয়ন্ত্রণ কৰি আছে৷ কিন্তু বিজেপিৰ ক্রমবর্ধমান উত্থানে ধর্মীয় সংখ্যালঘু লোকসকলৰ মাজত সৃষ্টি হোৱা আশংকাৰ বাবেই একাংশ ধর্মীয় সংখ্যালঘু লোক ইতিমধ্যে কংগ্রেছমুখী হৈছে৷ বিগত পাঁচ বছৰত এআইইউডিএফত সৃষ্টি হোৱা খহনীয়াৰ জৰিয়তে কংগ্রেছ দল লাভৱান হৈছে৷ কিন্তু কংগ্রেছৰ শেহতীয়া নেতৃত্বকেন্দ্রিক সংঘাতৰ বাবে ধর্মীয় সংখ্যালঘু লোকসকল বহুধাবিভক্ত হৈছে৷ এনে পৰিস্থিতিত অষ্টাদশ লোকসভা নির্বাচনত ধর্মীয় সংখ্যালঘু লোকসকলে ৰাজনীতিৰ গতিধাৰা কিদৰে নিৰূপণ কৰিছে, সেয়া স্পষ্ট হ’ব অহা ৪ জুনৰ ভোটগণনাত৷

Featured