আজিৰ পৰা সমুখ সমৰত শাসক–বিৰোধী

বিগত দুটা কার্যকালত বিৰোধী দলৰ সাংসদৰ অভিজ্ঞতা আছিল সুকীয়া৷ নিম্ন সদনত বিজেপিৰ একক শক্তিয়েই আছি ঈর্ষণীয়৷ তদুপৰি শাসকীয় মর্চাৰ অংশীদাৰ দলসমূহৰ সদস্যসকলতো আছিলেই৷ এই প্রেক্ষাপটত সংসদীয় গণতন্ত্রৰ পৰম্পৰা অনুসৰি সদনত সকলোৱে কথা ক’বলৈ অথবা নিজ দল আৰু মর্চাৰ স্থিতি স্পষ্ট কৰিবলৈ সুবিধা পাইছিল যদিও সমর্থন নথকা সত্ত্বেও বিধেয়ক এখন গৃহীতত বাধা আৰোপ কৰিব পৰা নাছিল৷ বিজেপিয়ে বিচৰা অনুসৰি নিম্ন সদনত বিধেয়ক এখন গৃহীত হৈছিল৷ তাৰে মাজতে কিন্তু সদনত বিভিন্ন বিষয়ত বিৰোধীয়ে নিজৰ উপস্থিতিক শক্তিশালী ৰূপত দেখুৱাবলৈ সক্ষম হৈছিল৷ সংখ্যাৰ হিচাপত উচ্চ সদন অর্থাৎ ৰাজ্যসভাত বিৰোধী শিবিৰ সুবিধাজনক অৱস্থাতে আছিল৷ এইবাৰ নিম্ন সদনত সমীকৰণ পৰিছে অলপ সুকীয়া৷ শাসক মর্চাৰ শক্তি ২৯৩ আৰু বিৰোধীৰ সন্মিলিত শক্তি ২৩২৷ ব্যৱধান বৰ বিশেষ নাই৷ কংগ্রেছে এই শক্তিক লৈ শাসক দল তথা এনডিএক সদনৰ মজিয়াত শ’লঠেকত পেলোৱাৰ পৰিকল্পনা কৰিছে৷ দলটোৰ নেতৃত্বৰ কথা–বতৰাৰ পৰা এই কথা স্পষ্ট হৈছে৷ সৰল অর্থত ক’বলৈ গ’লে অষ্টাদশ লোকসভাৰ অধিৱেশনকেইখন লক্ষণীয় হৈ পৰিব৷ ইয়াৰ পাতনি আজিৰ পৰাই হোৱাৰ সম্ভাৱনা আছে৷ কিয়নো আজিৰ পৰা অষ্টাদশ লোকসভাৰ প্রথম অধিৱেশন৷ বিৰোধী শিবিৰ অর্থাৎ কংগ্রেছ নেতৃত্বই অস্থায়ী (প্রটেম) অধ্যক্ষ বাছনি প্রক্রিয়াৰ পৰাই এটা কথা বুজাই দিব বিচাৰিছে যে নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনৰ তৃতীয় ইনিংছটোক তীব্র প্রত্যাহ্বানেৰে বিৰোধীয়ে ব্যতিব্যস্ত কৰি ৰাখিব৷ সংসদীয় গণতন্ত্রৰ এইটো এটা শুভ লক্ষণ৷ শক্তিশালী বিৰোধীৰ উপস্থিতি দৰকাৰী৷ কিন্তু সেয়া হ’ব লাগিব গঠনমূলক৷ লোকসভাৰ বিগত দুটা কার্যকাল এইটো দিশৰ পৰা বৰ ইতিবাচক নহয়৷ বিৰোধিতাৰ নামত কৰা বিৰোধিতাই সদনৰ বহু মূল্যৱান সময় অপচয় কৰিছে৷ দেখা গৈছিল, সদনত অচলাৱস্থাৰ সৃষ্টি কৰাটোক কৃতিত্ব আৰু বীৰত্বৰ প্রকাশ হিচাপে ধৰি লৈছিল বিৰোধী পক্ষই৷ ফলত সদনত বহু গুৰুত্বপূর্ণ বিষয় আলোচনা নোহোৱাকৈ ৰৈ গৈছিল৷ কিমান যে মূল্যৱান সময়ৰ অপচয় হৈছিল, সেইটো ভাবিব নোৱাৰা ধৰণৰ৷ অচলাৱস্থাৰ বাবে ৰাজকোষৰ ধনৰো অপচয় হৈছিল৷ অৱশ্যে এইটোক ভাৰতীয় সংসদীয় গণতন্ত্রৰ এটা অশুভ পৰম্পৰা বুলিয়েই ক’ব পাৰি৷ ইডপিএ চৰকাৰৰ কার্যকালতো সংসদ দিনৰ পিছত দিন ধৰি অচল হৈ ৰৈছিল৷ সেইবাৰ চৰকাৰখনৰ ভ্রষ্টাচাৰ, দুর্নীতি আদিক বিৰোধীয়ে ইছ্যু হিচাপে লৈছিল৷ আপোচৰ কথা অহাই নাছিল৷ তথাপি সকলোৱে বিচাৰে সদন মসৃণভাৱে চলিব লাগে৷ চলিবলৈ দিব লাগে৷ সদন চলিবলৈ দিয়া নহ’বজাতীয় মানসিকতা গণতান্ত্রিক নহয়৷ এইবেলিও সদনত অনুৰূপ পৰিস্থিতি–পৰিৱেশ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে৷
অষ্টাদশ লোকসভাৰ প্রথমখন অধিৱেশনতে বিৰোধী শিবিৰৰ সাংসদবৃন্দ এক ধৰণৰ বিশেষ উছাহেৰে সদনত প্রৱেশ কৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ কাৰণ মানসিক সন্তুষ্টি৷ ইমানদিনে বিৰোধী শিবিৰৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী এটা বলে নোৱাৰা শিলৰ দৰেই আছিল৷ জনপ্রিয়তা আৰু প্রভাৱৰ বলত তেওঁ এনে এটা ব্রেণ্ডত পৰিণত হৈছিল যে নৰেন্দ্র মোদী মানে নির্বাচনত সাফল্যৰ এটা গেৰাণ্টী৷ তেওঁৰ সন্মুখত বিৰোধীৰ এপাটো অস্ত্রই কাম দিয়া নাছিল৷ এইবাৰো এনডিএৰ শক্তিয়ে চাৰিশৰ সীমা পাৰ কৰিব বুলিয়েই বিৰোধী শিবিৰ তলে তলে আতংকিত হৈ আছিল৷ সেয়ে নির্বাচনী ফলাফলত সেইটো নঘটাত কংগ্রেছকে ধৰি বিৰোধীৰ শিবিৰৰ নেতৃত্ব ইমানেই উচ্ছ্বসিত হৈ পৰে যেন তেওঁলোক নির্বাচনটোত জয়ীহে হ’ল৷ এনডিএৰ সদস্যসংখ্যা চাৰিশ পাৰ নোহোৱা আৰু বিজেপিয়ে অকলে ২৭২খন আসন লাভ নকৰাটোক বিৰোধীয়ে একপ্রকাৰ উদযাপন কৰিবলৈ আৰম্ভ কৰিলে৷ কিন্তু হাতৰ পৰা যে আৰু ৫ বছৰ পিছলি গ’ল, সেইটো অনুভৱ কৰোঁতে বিৰোধীক কিছু সময়ৰ আৱশ্যক হ’ব৷ অৱশ্যে নৰেন্দ্র মোদী নেতৃত্বাধীন মর্চা চৰকাৰখনৰ সময়ৰ আগেয়ে পতন ঘটিব বুলি ভিতৰি ভিতৰি জন্ম লোৱা আশা এটাই বিৰোধীক কিছুদিনলৈ ঐক্যবদ্ধ কৰি ৰাখিব পাৰে৷ সদনৰ অধিৱেশনতো ইয়াৰ প্রতিফলন নঘটাকৈ নাথাকিব৷ মোদীৰ নেতৃত্বত চৰকাৰখনে তিনি বছৰমান সফলতাৰে পাৰ নকৰিলে লোকসভাত বিৰোধীৰ সমীকৰণ ভিন্ন হোৱাৰো সম্ভাৱনা আছে৷ সদ্যহতে আজি আৰম্ভ হোৱা অধিৱেশনত অস্থায়ী অধ্যক্ষৰ পৰা স্থায়ী অধ্যক্ষলৈকে বাছনিত বিৰোধীৰ প্রত্যাহ্বান লক্ষণীয় হ’ব৷ লগতে শাসকীয় পক্ষই কিদৰে বিৰোধীক চম্ভালি লয়, সিয়ে চৰকৰখন পাঁচ বছৰীয়া কার্যকালৰ ৰূপৰেখা এটা দাঙি ধৰিব৷ এনডিএ তথা বিজেপিৰ বর্তমান নেতৃত্ব এনেধৰণৰ মর্চা চৰকাৰ পৰিচালনাত অভিজ্ঞ নহয়৷ চৰকাৰখনৰ শীর্ষ নেতৃত্ব অর্থাৎ নৰেন্দ্র মোদী, অমিত শ্বাহৰ ৰাজনৈতিক জীৱন একক সংখ্যাগৰিষ্ঠ দলৰ চৰকাৰ পৰিচালনাত অভ্যস্ত৷ কিন্তু সন্দেহ নাই, সাম্প্রতিক ভাৰতীয় ৰাজনীতিৰ দুয়োগৰাকী বিচক্ষণ ৰাজনীতিক৷ এইক্ষেত্রত বিৰোধীয়ে দুয়োকে সহজভাৱে লোৱাৰ অৱকাশ নাই৷ মুঠতে এটা কথা ঠিক যে অষ্টাদশ লোকসভাৰ প্রথমখন অধিৱেশনেই লক্ষণীয় হৈ পৰাৰ পূর্ণ সম্ভাৱনা আছে৷ ৰাষ্ট্রপতিৰ ভাষণৰ ধন্যবাদসূচক প্রস্তাৱৰ পৰা নীট–নেট প্রসংগলৈকে সমুখ সমৰত থাকিব শাসক–বিৰোধী শিবিৰ৷

Featured