স্ব–নিয়োজন

দেশত উদ্যোগ প্রতিষ্ঠানৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাইছে যদিও এই প্রতিষ্ঠানসমূহে নিবনুৱা সমস্যাৰ জটিলতা হ্রাস কৰিব পৰা নাই৷ শেহতীয়াভাৱে সংবাদ মাধ্যমত প্রকাশিত এক তথ্যই দেশত নিবনুৱা সমস্যাৰ উদ্বেগজনক বৃদ্ধিৰ ছবিখন স্পষ্ট কৰি তুলিছে৷ দেশৰ অর্থনীতিক লৈ বিশ্ববেংকে আশাব্যঞ্জক বার্তা সদৰী কৰিলেও বাস্তৱ ক্ষেত্রত ইয়াৰ এখন বিপৰীত ছবি স্পষ্ট কৰি তুলিছে শেহতীয়া তথ্যই৷ কিয়নো দেশৰ আগশাৰীৰ শিক্ষা প্রতিষ্ঠান আই আই টি, মুম্বাইৰ স্নাতক ডিগ্রীধাৰীসকলৰ ভিতৰত ২৫ শতাংশ৷ আনকি বছৰি মাত্র ৪ লাখ টকা দৰমহাৰ পেকেজত চাকৰি কৰিবলৈ সন্মত হোৱা শিক্ষার্থীও আছে যথেষ্ট৷ দেশৰ আটাইতকৈ মেধাৱী ছাত্র–ছাত্রীসকলৰ একাংশই আই আই টিত অধ্যয়ন কৰাৰ প্রতি আগ্রহী৷ প্রযুক্তিৰ ক্ষেত্রখনত দক্ষতা প্রতীয়মান কৰাৰ সর্বোচ্চ প্রতিষ্ঠান হৈছে আই আই টি৷ ভাৰতৰ যিকোনো এখন আই আই টিত পঢ়াৰ সুযোগ লাভৰ অর্থই হৈছে সন্তানৰ সুৰক্ষিত ভৱিষ্যতৰ আগজাননী৷ কাৰণ এই প্রতিষ্ঠানসমূহৰ পৰা উত্তীর্ণ হ’ব পাৰিলে এটা লোভনীয় চাকৰি নিশ্চিত৷ কিন্তু মুম্বাই আই আই টিত ইয়াত এখন বিপৰীত ছবি পৰিলক্ষিত হৈছে৷ কিয়নো এইখনেই হৈছে দেশৰ আটাইতকৈ পুৰণি আই আই টি৷ বিভিন্ন বহুজাতিক কোম্পানীয়ে আই আই টিত অধ্যয়নৰত ছাত্র–ছাত্রীসকলৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰি আগতীয়াকৈ নিযুক্তি প্রদান কৰে৷ দেশ–বিদেশৰ বৃহৎ কোম্পানীৰ কর্মকর্তাসকলে আই আই টিসমূহত ভিৰ কৰা পৰিলক্ষিত হয়৷ কিন্তু শেহতীয়া তথ্যই উদঙাই দিছে যে কেম্পাছ ইণ্টাৰভিউৰ যোগেদি চলিত বর্ষত প্রায় ২৫ শতাংশ শিক্ষার্থীয়ে চাকৰি পোৱা নাই৷ বিগত বর্ষৰ তুলনাত এই বছৰ চাকৰি লাভ কৰা শিক্ষার্থীৰ সংখ্যা বহুখিনি হ্রাস পোৱা বুলিও কোৱা হৈছে৷ যোৱা বর্ষত এই প্রতিষ্ঠানটোৰ পৰা ৮২ শতাংশ ছাত্র–ছাত্রীয়ে চাকৰি লাভ কৰিছিল যদিও এই বছৰ সেই সংখ্যা হৈছেগৈ ৭৫ শতাংশ৷ এয়া স্বাভাৱিকতে উদ্বেগজনক খবৰৰূপে বিবেচিত হৈছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱা অনুসৰি চাকৰিৰ প্রস্তাৱ গ্রহণ কৰা ছাত্র–ছাত্রীৰ সংখ্যা হৈছে ১,৪৭৫গৰাকী৷ এইসকল শিক্ষার্থীয়ে চাকৰিৰ প্রস্তাৱ লাভ কৰিলেও তেওঁলোকে লাভ কৰা দৰমহাও বৰ সন্তোষজনক নহয়৷ গড়ে বার্ষিক ২৩ লাখৰ পেকেজ গ্রহণ কৰিছে ছাত্র–ছাত্রীসকলৰ অনেকে৷ তাতকৈও হতাশজনক খবৰটো হ’ল বছৰি ৪ লাখৰ পেকেজ গ্রহণ কৰা শিক্ষার্থীৰ সংখ্যাও আছে যথেষ্ট৷
বিগত বর্ষত এই পেকেজ আছিল বছৰি ৬ লাখৰ৷ দুটা পর্যায়ৰ নিযুক্তিৰ পাছত এইবছৰ ৭৮গৰাকী স্নাতক পৰীক্ষার্থীয়ে বিদেশত চাকৰিৰ প্রস্তাৱ গ্রহণ কৰিছে৷ ইয়াৰ ভিতৰত ২২গৰাকী শিক্ষার্থীৰ দৰমহা ভাৰতীয় মুদ্রাত বছৰি এক কোটিৰো অধিক৷ অৱশ্যে বিদেশত চাকৰিৰ সুযোগ পোৱা আৰু ঈর্ষণীয় দৰমহাৰ চাকৰি লাভ কৰা ছাত্র–ছাত্রীৰ সংখ্যা আঙুলিৰ মূৰত লেখিব পৰা৷ যিসকল ছাত্র–ছাত্রীয়ে ভাৰতত চাকৰি লাভ কৰিছিল তেওঁলোকৰ ৫০ শতাংশই নিযুক্তি পাইছিল বহুজাতিক সংস্থাত৷ বাকী ৫০ শতাংশই ভাৰতীয় সংস্থাত চাকৰি লাভ কৰিছিল৷ ইয়াৰ পৰা সহজে বুজা যায় যে আই আই টি এতিয়া ছাত্র–ছাত্রীসকলৰ বাবে সুনিশ্চিত ভৱিষ্যতৰ ফচল হৈ থকা নাই৷ দেশৰ শীর্ষ শিক্ষা প্রতিষ্ঠানৰ অন্যতম ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী, চমুকৈ আই আই টিৰ অৱস্থা এনে হ’লে অন্য শিক্ষানুষ্ঠানসমূহৰ পৰা উত্তীর্ণ হোৱা শিক্ষার্থীসকলৰ অৱস্থা কেনে হ’ব পাৰে সেয়া সহজে অনুমেয়৷ সংবাদ মাধ্যমত প্রকাশিত মুম্বাই আই আই টিৰ এই তথ্যই দেশৰ নিবনুৱা সমস্যাৰ জ্বলন্ত অৱস্থাৰ ইংগিত দিয়াই নহয়, নৱপ্রজন্মৰ ছাত্র–ছাত্রীক এক ভয়াৱহ ভৱিষ্যতৰো সংকেত দিছে৷ প্রতিখন ৰাজ্যতে নিবনুৱা সমস্যাই এনে অৱস্থাৰ সৃষ্টি কৰিছে যে এটা চাকৰিৰ বাবে সকলোৱে হাবাথুৰি খাবলগীয়া হৈছে৷ এতিয়া তৃতীয়, চতুর্থবর্গৰ চাকৰিৰ বাবেও উচ্চ শিক্ষাৰে শিক্ষিত ছাত্র–ছাত্রীসকলে আবেদন কৰা দেখা গৈছে৷ আনকি অসমতো এই পৰিৱেশে গা কৰি উঠিছে৷ ৭ হাজাৰ খালী পদৰ বিপৰীতে আবেদনকাৰী প্রার্থীৰ সংখ্যা ১২ লাখৰো অধিক হোৱাৰ তথ্য প্রকাশ পাইছে৷ এনে পৰিস্থিতিত সন্তানক সৰুৰে পৰা বৃত্তিমুখী শিক্ষাৰ প্রতি আকর্ষিত কৰাৰ সময় আহি পৰিছে৷ বিদ্যালয়ত নামভর্তি কৰোৱাৰ পিছতে সন্তানক চিকিৎসক–অভিযন্তা হিচাপে গঢ়ি তোলাৰ সপোন দেখা পিতৃ–মাতৃসকলে এনে মানসিকতা পৰিত্যাগ কৰি উচিত৷ ল’ৰা–ছোৱালীয়ে যাতে স্ব–নিয়োজনেৰে ভৱিষ্যতৰ বাবে নিজকে স্বাৱলম্বীৰূপে গঢ়ি তুলিব পাৰে তাৰ ওপৰত অধিক গুৰুত্ব প্রদান কৰিব লাগে৷ এইক্ষেত্রত পিতৃ–মাতৃৰ লগতে চৰকাৰৰো দায়িত্ব আছে৷ সৰুৰে পৰা ছাত্র–ছাত্রীক আনৰ তলত চাকৰি কৰাৰ মানসিকতাৰ পৰিৱর্তে নিজৰ বাবে কাম কৰাৰ মানসিকতাৰ সৃষ্টি কৰিলে তেওঁলোক ব্যৱসায়–বাণিজ্যৰ প্রতি আগ্রহী হৈ পৰিব৷ চৰকাৰে আত্মসহায়ক গোট গঠন কৰি তেওঁলোকক ঋণ প্রদান কৰি ব্যৱসায়–বাণিজ্যৰ প্রতি আগ্রহী কৰি তোলাৰ বাবে বিভিন্ন আঁচনি গ্রহণ কৰিছে৷ কিন্তু এনে আত্মসহায়ক গোটবোৰে ঋণৰ ধন ব্যৱসায়ৰ বাবে ব্যয় নকৰি অন্য কামত ব্যয় কৰাত আঁচনিসমূহ বিফল হৈছে৷ স্ব–নিয়োজনৰ বাবে জনসাধাৰণ মানসিকভাৱে সাজু নোহোৱালৈ নৱপ্রজন্মই চাকৰিৰ পিছে পিছে দৌৰি ক্রমান্বয়ে এক ভয়াৱহ ভৱিষ্যতৰ দিশে আগবঢ়াটো নিশ্চিত৷

Featured