সফলতাৰ ধাৰণা

‘ন’ শ্বর্টকাট টু ছাকছেছ’৷ সাফল্যৰ চুটি পথ নাই৷ বহু যুগ ধৰি এইষাৰ কথা বিজ্ঞসকলে অৱতাৰণা কৰি আহিছে৷ কিন্তু শেহতীয়াভাৱে অসমত নিশাৰ ভিতৰতে চহকী হোৱাৰ এক দুর্ভাগ্যজনক প্রৱণতাই নৱপ্রজন্মক গ্রাস কৰা পৰিলক্ষিত হৈছে৷ পৰিশ্রম নকৰাকৈ আৰু সহজলভ্য ধনৰ মোহত পৰি যুৱক–যুৱতীসকলে বিপথগামী হৈছে আৰু এক দূষিত বাতাৱৰণৰ সৃষ্টি কৰিছে৷ অতি সম্প্রতি একাংশ যুৱক–যুৱতীয়ে অনলাইন ট্রেডিঙৰ জৰিয়তে দুবছৰৰ ভিতৰতে কেৱল কোটি টকা উপার্জন কৰাৰ বাতৰিয়ে শিৰোনাম দখল কৰি আছে৷ কিন্তু এই ব্যৱসায়ৰ পথ সৎ নোহোৱা বাবে তেওঁলোক শ’লঠেকত পৰিবলগীয়া হৈছে আৰু আইন অনুসৰি দোষী হ’বলগীয়া হৈছে৷ সকলো বস্তুৰে সৎ আৰু অসৎ দুটা দিশ থাকে৷ ইয়াৰে নেতিবাচক দিশটোক যথাসর্বস্ব বুলি ধৰি লৈ আগবাঢ়িলে সোনকালে অপৰিসীম ধন আহৰণ কৰিব পাৰি যদিও প্রকৃততে সেয়া সফলতা বুলি ক’ব নোৱাৰি৷ কাৰণ ইয়াৰ পৰিণতি অতি ভয়ংকৰ৷ কম দিনৰ ভিতৰতে ধনী হোৱা আৰু বিলাসী জীৱন কটোৱাৰ প্রৱণতাৰ বাবে তেওঁলোকৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন হৈ পৰিব পাৰে৷ বহু লোকে সুদীর্ঘকাল কঠোৰ পৰিশ্রম কৰিও সিমান সফল হ’ব নোৱাৰে৷ কাৰণ তেওঁলোকে প্রতিটো খোজ সৎ পথেৰে দিয়ে৷ সেই বাবেই সফলতাৰ কোনো চুটি পথ নাই বুলি কোৱা হয়৷ অৱশ্যে সফলতাৰ সংজ্ঞা সকলোৰে বাবে বেলেগ বেলেগ৷ বহুতে অজস্র সম্পত্তি উপার্জন কৰিও নিজকে সফল বুলি নাভাবিব পাৰে৷ কাৰণ তেওঁলোক ইয়াৰ দ্বাৰা সন্তুষ্ট বা সুখী হ’ব নোৱাৰে৷ কিন্তু আন কিছুমানে অলপীয়া উপার্জনেৰেই সুখী হ’ব পাৰে৷ কিয়নো তেওঁলোক অলপতে সন্তুষ্ট হ’ব পৰাবিধৰ লোক৷ আচলতে অত্যধিক উচ্চাকাংক্ষাই মানুহক ‘ইজী মানী’ অর্থাৎ সহজলভ্য ধনৰ প্রতি প্রলুব্ধ কৰে৷ তেওঁলোকে অধিক শ্রম নকৰাকৈ অসৎ পথেৰে, চুটি ৰাস্তাৰে সফলতাৰ শৃংগত আৰোহণ কৰিব বিচাৰে৷ এইধৰণৰ লোকৰ সংখ্যা বর্তমান সমাজত বৃদ্ধি পাইছে৷ সফলতা লাভ কৰিবলৈ এজন ব্যক্তি সৎ হৈ থকাৰ লগতে, কর্মস্পৃহা আৰু উৎসর্গীকৃত মনোভাবৰ প্রয়োজন৷ যিকোনো উদ্যোগ অথবা ব্যৱসায় আৰম্ভ কৰাৰ পূর্বে এই বিষয়বোৰ অতিশয় গুৰুত্বপূর্ণ৷ শ্বর্টকাটেৰে সফল হোৱাৰ কোনো সৎ পথ নাই বাবেই সফলতা লাভৰ বাবে ধৈর্যসহকাৰে দীর্ঘসময় কর্ম কৰি যোৱাৰ মানসিকতা থাকিব লাগে৷ যিটো কাম কৰা যায় তাক আনন্দৰে উপভোগ কৰি, সেই কামৰ প্রতি সন্মান জনাই আগুৱাই গ’লে এদিন সফলতা নিশ্চয় আহিবই৷ অৱশ্যে ইয়াৰ পূর্বে আপুনি আচলতে কি হ’ব বিচাৰিছে অথবা লক্ষ্য সম্পর্কে স্থিৰ সিদ্ধান্ত থকা প্রয়োজন৷
প্রখ্যাত লেখক মেলকম গ্লেডৱেলে উপলব্ধি কৰিছিল যে সাফল্যৰ কোনো শ্বর্টকাট নাই৷ দুমাহৰ পাছতে তেওঁ চাকৰিৰ পৰা বর্খাস্ত হ’বলগীয়া হোৱাত তেওঁ এই বিষয়টো ভালদৰে অনুধাৱন কৰিব পাৰিছিল৷ গ্লেডৱেলে ২০ বছৰ বয়সত এখন আলোচনীত কাম কৰিছিল৷ সেই সময়ত তেওঁ সহজে বুজিব পাৰিছিল যে সফল হ’বলৈ প্রয়োজনীয় শৃংখলাৰ অভাৱ আছিল তেওঁৰ মাজত৷ কিছুদিন পূর্বে এটি সাক্ষাৎকাৰত তেওঁ প্রকাশ কৰিছিল যে সময় মতে কাম কৰিব নোৱাৰা বাবে তেওঁক চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছিল৷ ইয়াৰ পাছৰে পৰা গ্লেডৱেলে কঠোৰ পৰিশ্রমৰ যি মূল্য তাক গভীৰভাৱে উপলব্ধি কৰিবলৈ আৰম্ভ কৰে৷ তেওঁৰ গ্রন্থ ‘অ’ডিটলায়ার্ছ : দ্য ষ্ট’ৰী অৱ ছাকছেছ’ত গ্লেডৱেলে লিখিছে যে এটা কাম নিখুঁতভাৱে কৰিবলৈ মানুহে ১০,০০০ ঘণ্টা কঠোৰ পৰিশ্রম কৰিব লাগিব৷ এই প্রসংগত তেওঁ বিল গেটছৰ কথাও উল্লেখ কৰিছে৷ কাৰণ বিল গেটছৰ সফলতাৰ আঁৰত আছিল তেওঁৰ কঠোৰ পৰিশ্রম৷ গেটছে শৈশৱৰ পৰাই আছিল কর্মসংস্কৃতিৱান আৰু পৰিশ্রমী৷ এনেধৰণৰ কর্মসংস্কৃতিসম্পন্ন কঠোৰ পৰিশ্রমী লোকেই জীৱনত সফলতা অর্জন কৰে৷ কোনোৱে যদি পৰিশ্রম নকৰাকৈ শ্বর্টকাটেৰে ধন উপার্জন কৰে সেয়া ক্ষন্তেকীয়া৷ কষ্ট নকৰাকৈ অসৎ পথেৰে উপার্জন কৰা ধন বিলাসৰ মাজেৰে কম দিনৰ ভিতৰতে শেষ হৈ যায়৷ এতিয়া বাতৰিকাকত মেলিলেই সহজ ধনৰ পিছত দৌৰা একাংশ লোকৰ খবৰে পঢ়ুৱৈক স্তম্ভিত কৰি তোলে৷ কোনোধৰণৰ কাম নকৰাকৈ আৰু পৰিশ্রম নকৰাকৈ নিশাৰ ভিতৰতে কোটিপতি হোৱা লোকৰ সংখ্যা শেহতীয়াভাৱে বৃদ্ধি পাইছে৷ আন একাংশই আকৌ অসৎ পথেৰে উপার্জন কৰা ধন বিনিয়োগৰ বাবে এইসকল প্রৱঞ্চকৰ কাষ চাপিছে৷ যাৰ ফলত তেওঁলোকৰ উপার্জনৰ লগতে শ্বর্টকাট পথেৰে অর্থ উপার্জনৰ মানসিকতা অধিক ত্বৰান্বিত হৈছে৷ বাহ্যিক দৃষ্টিত তেওঁলোক সফল হ’ব পাৰে, কিন্তু প্রকৃততে এই লোকসকল সম্পূর্ণৰূপে বিফল লোক৷ সাফল্য এনে এটা শব্দ, যিয়ে আমাৰ প্রত্যেকৰ বাবে সুকীয়া অর্থ বহন কৰে৷ ব্যক্তিগত লক্ষ্য অর্জন, নিজৰ কর্মজীৱনৰ শ্রেষ্ঠত্ব, আভ্যন্তৰীণ শান্তি বিচাৰি পোৱা আদিৰ মাজতে নিহিত হৈ থাকে সফলতা৷ ধর্মশাস্ত্র গীতা, ভাগৱত আদিতো সফলতাক আত্মউপলব্ধি হিচাপে বর্ণনা কৰা হৈছে৷ জীৱনত অজস্র অর্থ উপার্জন কৰিলেও যদি সেই অর্থই এজন লোকক মানসিকভাৱে সুখী কৰিব নোৱাৰে, তেনেহ’লে তেওঁ পৃথিৱীৰ আটাইতকৈ দুখীয়া লোক৷ সফলতাৰ দ্বাৰা কিমান সুখী হ’ব পাৰি সেয়াও এক অন্যতম গুৰুত্বপূর্ণ বিষয়৷ কাৰণ বর্তমান ভোগবাদী জীৱনত সুখ বিচাৰি মানুহে হাবাথুৰি খাবলগীয়া হয়৷ কিছুমান লোকে সুখ জন্মৰ লগতে লৈ আহে৷ তেওঁলোক উচ্চাকাংক্ষী নহয়৷ সেইবাবেই সহজভাৱে অহা ধনেৰে জীৱনক সফল আৰু সুখী কৰাৰ চেষ্টা নকৰে৷

Featured