মাদ্রাছাৰ ভৱিষ্যৎ

তাৎক্ষণিক তিনি তালাক, জম্মু–কাশ্মীৰৰ পৰা সাংবিধানিক মর্যাদা কর্তনৰ দৰে বিষয়ক লৈ জনসমাজক একাংশ প্রভুত্বশালী চক্রই বছৰ বছৰ ধৰি বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাই আহিছিল৷ মানুহৰ মাজত ধাৰণা এটা বিয়পাই দিয়াৰ চেষ্টা চলিছিল যে সেইবোৰ কথা উচ্চাৰণ কৰাই মহাপাপ৷ কথাবোৰ যেন একোডাল জ্বলন্ত দিয়াচলাইৰ কাঠীহে৷ আলোচনা কৰা মানেই তাৰ পৰশত ক’ৰবাত জুই একুৰা লগা৷ কিন্তু অসম্ভৱ বুলি মানুহক বিভ্রান্ত তথা বিপথে পৰিচালনা কৰা চক্রটোৰ চক্রান্তই বেছি দূৰ আগুৱাব নোৱাৰিলে৷ একেদৰে অসমতো এটা ধাৰণাৰ সৃষ্টি কৰিবলৈ বিচৰা হৈছিল যে মাদ্রাছা বন্ধ কৰাৰ কথা উচ্চাৰণ কৰা মানেই এটা ভয়ংকৰ বিপদক নেওতা দি মাতি অনা৷ সেই চক্রান্ত আজিও শেষ হোৱা নাই৷ যুক্তিৰ বাটেৰে নগৈ তুষ্টিকৰণৰ নীতিৰে তেওঁলোকে মাদ্রাছাত অধ্যয়ন কৰা সমাজখনৰো প্রকাৰান্তৰে ক্ষতি কৰিছে৷ তেনে চক্রান্তই এখন সমাজক আধুনিক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰে৷ দুই–এক ব্যতিক্রমক বাদ দিলে আজিও মাদ্রাছাই আধুনিক শিক্ষা পদ্ধতিৰ কাষ চাপিব পৰা নাই৷ অকল বিজ্ঞান, প্রযুক্তিবিদ্যাৰ পৃথিৱীখনলৈ যদি চোৱা যায়, আধুনিক শিক্ষাৰ স্তৰ কল্পনাতীতভাৱে উচ্চতালৈ গুচি গৈছে৷ শিক্ষাৰ সেই স্তৰটোলৈ যাবলৈ হ’লে শিক্ষার্থীক প্রাথমিক স্তৰৰ পৰাই শিক্ষাৰ ভেটিটো বেলেগ ধৰণে গঢ়িব লাগিব৷ মানসিক পৃষ্ঠভূমি এটা গঢ়ি তুলিব লাগিব৷ তাৰ বাবে পাঠ্যক্রমত সন্নিৱিষ্ট থাকিব লাগিব বিষয়বোৰৰ আভাস৷ এইক্ষেত্রত হাইস্কুলীয়া শিক্ষাৰ গুৰুত্ব অপৰিসীম৷ কিন্তু এটা সীমিত পৰিসৰত আধুনিক শিক্ষা বা বিষয়ক সামৰি লোৱা নতুবা সম্পূর্ণ ধর্মীয় শিক্ষাৰে তেনে মানৱ সম্পদ গঢ়িব নোৱাৰি৷ মাদ্রাছা শিক্ষা ব্যৱস্থাটোৰ পৰিৱর্তন ঘটিবই লাগিব৷ যিসকলে কেৱল ধর্মীয় শিক্ষাকে শিক্ষাৰ সর্বোচ্চপ্রাপ্তি বা শেষ শিক্ষা বুলি গণ্য কৰে, তেওঁলোকৰ কথা সুকীয়া৷
অসম চৰকাৰে শেহতীয়াকৈ মাদ্রাছা বন্ধ কৰাৰ ক্ষেত্রত সময় নির্ধাৰণ কৰি নীতি হাতত লৈছে৷ অর্থাৎ নৱেম্বৰ মাহটোৰ পৰা অসমত চৰকাৰী সাহায্যৰে পৰিচালিত মাদ্রাছা আৰু নাথাকে৷ এইক্ষেত্রত চৰকাৰে এটা অকাট্য যুক্তিসম্পন্ন প্রশ্ণ উত্থাপন কৰিছে৷ ভাৰতৰ দৰে ধর্মনিৰপেক্ষ ৰাষ্ট্র এখনত প্রশ্ণটো আগেয়ে উঠিব লাগিছিল৷ স্বাধীনতা লাভৰ পূর্বৰ পৰাই অসমত মাদ্রাছা শিক্ষা ব্যৱস্থাটো আছে৷ অসম চৰকাৰৰ পোনপটীয়া প্রশ্ণ– চৰকাৰী খৰচত ধর্মীয় (কোৰান বা গীতা) শিক্ষা দিয়া উচিতনে? প্রশ্ণটোৰ পতিয়নযোগ্য এতিয়ালৈ কোনেও উত্তৰ দিয়া পৰিলক্ষিত হোৱা নাই৷ ইয়াৰ বিপৰীতে কোনো কোনোৱে ভয় খুৱাবলৈ চেষ্টা চলাইছে৷ কিন্তু অসম চৰকাৰে ইয়াৰ পৰা পিছ হুঁহকি অহাৰ ইংগিত এতিয়ালৈকে দিয়া নাই৷ বৰং মাদ্রাছা আৰু সংস্কৃত টোলৰ শিক্ষার্থী, শিক্ষক–কর্মচাৰীৰ ভৱিষ্যতক লৈ নীতি নির্ধাৰণতহে ব্যস্ত আছে৷ এতিয়ালৈকে চৰকাৰে গ্রহণ কৰা পদক্ষেপসমূহৰ পৰা এইটো স্পষ্ট হৈছে যে নৱেম্বৰত চৰকাৰী সাহায্যপ্রাপ্ত মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰা হ’ব৷ সাধাৰণ স্কুলৰ তালিকাত সন্নিৱিষ্ট হ’ব মাদ্রাছাসমূহ৷ সংস্কৃত টোলসমূহক ভাস্কৰ বার্মা সংস্কৃত বিদ্যালয়ৰ অধীনলৈ নিয়া হ’ব৷ শিক্ষক–কর্মচাৰীৰ চাকৰিলৈ কোনোধৰণৰ সংশয়–সংকট নাহে৷ অৱশ্যে বেচৰকাৰী মাদ্রাছা, সংস্কৃত টোলৰ ক্ষেত্রত অদ্যাপি ৰাজ্য চৰকাৰে স্পষ্ট নীতি গ্রহণ কৰা দেখা নাই৷ পাঠ্যক্রমৰ সীমাবদ্ধতা নতুবা সমস্যা সেই মাদ্রাছাসমূহতো আছে৷ যিয়েই নহওক, শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ’লৈ অসম চৰকাৰে মাদ্রাছাৰ ঠাইত সাধাৰণ বিদ্যালয়ৰ দিহা কৰি এটা সাহসী আৰু ভৱিষ্যমুখী চিন্তাৰ পৰিচয় দিছে৷ শিক্ষা এটা জাতিৰ ভৱিষ্যৎ৷ গতিকে, শিক্ষা ব্যৱস্থাটোক সময়োপযোগী কৰিবলৈ চৰকাৰ আগুৱাই আহিবই লাগিব৷ অসম চৰকাৰৰ এই সিদ্ধান্তৰ সুফল ধর্ম–বর্ণ, ভাষা–সংস্কৃতি নির্বিশেষে ভাবীকালৰ অসমবাসীয়ে ভোগ কৰিব৷