শ্রীলংকাত ৰাজনৈতিক পট সলনি

ভাৰতৰ প্রতিবেশী দ্বীপৰাষ্ট্র শ্রীলংকাত ৰাজনৈতিক পট পৰিৱর্তন ঘটিছে৷ ভাৰততো বাদেই, সমগ্র বিশ্ববাসীক অবাক কৰি শ্রীলংকাৰ জনসাধাৰণে এইবাৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত কৰিছে এগৰাকী মার্ক্সবাদী নেতাক৷ অনুৰা কুমাৰা দিশানায়কেৰ জনতা বিমুক্তি পেৰামুনা (জেভিপি)ৰ নেতৃত্বত গঢ়ি উঠা বাঁওপন্থী জোঁট নেচনেল পিপলছ পাৱাৰৰ প্রার্থীকেই এইবাৰ শ্রীলংকাবাসীয়ে প্রথম পছন্দত ৰাখিলে৷ প্রথমবাৰলৈ দ্বীপৰাষ্ট্রখনত বাঁওপন্থী নেতা এগৰাকী ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱাৰ লগে লগে প্রতিবেশী দেশসমূহত বিষয়টোক লৈ চলিছে চর্চা৷ গ্রামীণ শ্রীলংকাৰ এক শ্রমিক পৰিয়ালৰ সন্তান দিশানায়কে ছাত্র জীৱনৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত৷ ঘোষিতভাৱে মার্ক্সবাদী লেনিনবাদী জেভিপিৰ দায়িত্ব লাভ কৰাৰ পূর্বে সেই দলতেই সক্রিয়ভাৱে জড়িত হৈ পৰিছিল নেতাগৰাকী৷ অতীতত এই দলটো আছিল সশস্ত্র৷ ১৯৭০ৰ আৰম্ভণিতে আৰু ১৯৮০ৰ দশকৰ শেষত দলটোৱে দুবাৰ সশস্ত্র বিপ্লৱী অভ্যুত্থান ঘটোৱাৰ চেষ্টা চলাইছিল শ্রীলংকাত৷ সেই ৰক্তক্ষয়ী সংগ্রাম শেষপর্যন্ত ব্যর্থ হ’লেও আৰু হাজাৰ হাজাৰ বিপ্লৱী কর্মীয়ে মৃত্যুবৰণ কৰিলেও শ্রীলংকাৰ ইতিহাসত কিন্তু সেয়া এক উজ্জ্বল ৰাজনৈতিক অধ্যায় হিচাপে চিহ্ণিত হৈ আছে৷ ৯০ৰ দশকৰ মাজভাগৰ পৰা জেভিপিয়ে সশস্ত্র পন্থা পৰিহাৰ কৰি সংসদীয় ৰাজনীতিত প্রৱেশৰ সিদ্ধান্ত লয়৷ তেতিয়া ছাত্র আৰু যুৱ আন্দোলনৰ নেতৃত্ব দিছিল দিশানায়কেই৷ ২০০০ চনত প্রথমবাৰলৈ সাংসদ হিচাপে নির্বাচিত হয় নেতাগৰাকী৷ য’ত চৰকাৰত জেভিপিয়ে দীর্ঘদিন ধৰি অংশগ্রহণ কৰিলেও মন্ত্রিত্ব লোৱা নাছিল৷ ২০১৪ চনত দলৰ মুৰব্বীৰ দায়িত্ব প্রদান কৰা হয় দিশানায়কেক৷ লক্ষণীয়ভাৱে ২০১৯ চনত প্রথমবাৰ ৰাষ্ট্রপতি পদত প্রতিদ্বন্দ্বিতা কৰি মাত্র তিনি শতাংশ ভোট লাভ কৰিছিল এই মার্ক্সবাদী নেতাগৰাকীয়ে৷ ৫ বছৰ পিছত পুনৰ ৰাষ্ট্রপতি নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি ৪২ শতাংশতকৈও অধিক ভোট লাভ কৰিবলৈ সক্ষম হয় দিশানায়কেই৷ ইয়াৰ লগে লগে শ্রীলংকাৰ অভ্যন্তৰত যে ৰাজনৈতিক চিন্তাধাৰা সলনি হৈছে, সেই কথা মানি ল’বলৈ বাধ্য হৈছে বিশ্বৰ ৰাজনৈতিক তাত্ত্বিকসকলে৷
অৱস্থানগতভাৱে দিশানায়কে এগৰাকী প্রতিষ্ঠানবিৰোধী ৰাজনীতিক৷ ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিয়েই বিদেশত শিক্ষাগ্রহণ কৰি অহা নেচনেল পিপলছ পাৱাৰৰ সাংসদ হাৰিনী অমৰাছুৰিয়াক প্রধানমন্ত্রীৰ দায়িত্ব প্রদান কৰিছে দিশানায়কেই৷ প্রধানমন্ত্রী হিচাপে নেচনেল পিপলছ পাৱাৰত জয়লাভ কৰাৰ পিছত দ্বীপৰাষ্ট্রখনৰ তৃতীয়গৰাকী প্রধানমন্ত্রী হিচাপে শপতগ্রহণ কৰিছে অমৰাছুৰিয়াই৷ লক্ষণীয়ভাৱে বহু সমস্যাজর্জৰ শ্রীলংকাত প্রতিটো প্রতিবাদী আন্দোলনত অংশগ্রহণ কৰি আহিছে দিশানায়কেই৷ দুর্নীতিৰ বিৰুদ্ধে, ৰাজনৈতিক সুবিধাবাদৰ বিৰুদ্ধে প্রতি মুহূর্ততে সৰৱ এই নেতাগৰাকী৷ বিকাশৰ নতুন যাত্রাপথ আৰু নৱজাগৰণৰ নৱীকৰণৰ বার্তা দিছে নেতাগৰাকীয়ে৷ ৰাষ্ট্রপতিৰ আসনত বহিয়েই গ্রামীণ শ্রীলংকা আৰু শ্রমিকৰ স্বার্থ ৰক্ষাক অগ্রাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰিছে দিশানায়কে৷ আনফালে, শ্রীলংকাৰ চিৰাচৰিত ৰাজনৈতিক ব্যৱস্থাত ঐতিহাসিকভাৱে প্রতিষ্ঠিত অভিজাতসকলৰ শাসনৰ বিপৰীতে নতুন এক শাসন দিশানায়কেৰ নেতৃত্বত আৰম্ভ হ’ব বুলি আশা প্রকাশ কৰিছে দেশবাসীয়ে৷ লক্ষণীয় বিষয়টো হৈছে দিশানায়কেৰ বিজয় কিন্তু ভাৰতৰ বাবে আশাব্যঞ্জক নহয়৷ ইতিমধ্যে বাংলাদেশৰ সৈতে ভাৰতৰ সম্পর্কৰ অৱনতি ঘটাৰ ইংগিত পোৱা গৈছে৷ মালদ্বীপৰ সৈতে চলি আছে মতানৈক্য৷ চিৰবৈৰী হিচাপে পৰিচিত পাকিস্তান৷ ম্যানমাৰৰ সৈতেও সম্পর্ক উন্নত নহয়৷ দ্বীপৰাষ্ট্র শ্রীলংকা আছিল ভাৰতৰ অন্যতম বন্ধু৷ কিন্তু দেশখনত ৰাষ্ট্রপতি হিচাপে বাঁওপন্থী নেতা এগৰাকী ক্ষমতালৈ অহাৰ লগে লগে চীনৰ প্রভাৱ দেশখনত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ যদি চীনৰ প্রতি দিশানায়কে অধিক আস্থাশীল হৈ পৰে, তেন্তে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্কত সৃষ্টি হ’ব সমস্যা৷ অর্থাৎ, দক্ষিণ এছিয়াত সকলো প্রতিবেশীৰ পৰা ক্রমাৎ ভাৰত আঁতৰি অহাৰ আশংকা সৃষ্টি হ’ব৷ সেই দিশৰ পৰা চাবলৈ গ’লে সমগ্র দক্ষিণ এছিয়াত প্রতিবেশী দেশবোৰৰ সৈতে ৰাজনৈতিক পট পৰিৱর্তনে ভাৰতলৈও সমস্যা কঢ়িয়াই আনিব পাৰে৷ ইতিমধ্যে ইয়াৰ ইংগিত বহন কৰিছে বাংলাদেশ আৰু মালদ্বীপৰ কাম–কাজে৷

Featured