পুনৰ অতিমাৰীৰ আতংক

অতিমাৰীৰ ভয়াৱহ স্মৃতি সজীৱ হৈ আছে বিশ্ববাসীৰ মাজত৷ ক’ৰোনা অতিমাৰীয়ে সমগ্র বিশ্বত কি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, সেই কথা পাহৰি যোৱা নাই মানৱ জাতিয়ে৷ পুনৰ এনেধৰণৰ মহামাৰীয়ে পৃথিৱীক গ্রাস কৰিব নেকি তাক লৈ সৃষ্টি হৈছে আশংকা৷ বিজ্ঞানীসকলে এই আশংকা কৰিছে যে অচিৰেই অতি ভয়ংকৰ বিপদৰ সন্মুখীন হ’ব মানৱ সভ্যতা৷ সমগ্র বিশ্বত লাখ লাখ মানুহৰ মৃত্যু হৈছিল ক’ৰোনা অতিমাৰীৰ প্রকোপত৷ এই মুহূর্তত ক’ৰোনাৰ তাণ্ডৱ ম্লান হ’লেও তাৰ প্রভাৱ কিন্তু আজিও অদৃশ্য নহয়৷ ইয়াৰ মাজতে নতুন আতংকৰ সৃষ্টি হৈছে চীনত৷ এসময়ত চীনৰ উহান প্রদেশৰ পৰীক্ষাগাৰৰ পৰাই সমগ্র বিশ্বত ক’ৰোনা ভাইৰাছ বিয়পি পৰিছিল বুলি অভিযোগ উঠিছিল৷ এইবাৰো মাৰণ ভাইৰাছৰ উৎপত্তিৰ স্থান চীন৷ বিজ্ঞানীসকলে চীনৰ নোমাল পশুবোৰৰ শৰীৰত ১২৫ প্রকাৰৰ ভাইৰাছৰ সন্ধান লাভ কৰিছে৷ ইয়াৰ ভিতৰত ২৬বিধ নতুন ভাইৰাছো আছে৷ এই নতুন ভাইৰাছবোৰৰ বার্ড ফ্লু বা ক’ৰোনা ভাইৰাছৰ দৰে মানুহক সংক্রমিত কৰিব পৰাৰ ক্ষমতা আছে৷ শেহতীয়া এক গৱেষণাত পোহৰলৈ আহিছে এই তথ্য৷ বিজ্ঞান জার্নাল ‘নেচাৰ’ত প্রকাশ পাইছে এই গৱেষণাৰ বিস্তৃত তথ্য৷ ২০২১ চনৰ পৰা ২০২৪ চনলৈকে ৪৬১টা নোমাল প্রাণীৰ দেহত পৰীক্ষা চলাইছিল চিকিৎসক তথা গৱেষকসকলে৷ সাধাৰণতে ফার্মত পোহনীয়া নোমাল প্রাণীৰ দেহত এই ভাইৰাছবোৰ পোৱা গৈছে৷ ইয়াৰ ভিতৰত কুকুৰ, এন্দুৰ, মেকুৰী তথা অন্যান্য নোমাল প্রাণীও আছে৷ এই প্রাণীবোৰৰ বিভিন্ন ৰোগত মৃত্যু হৈছে৷ মৃত্যু হোৱা এই প্রাণীবোৰৰ দেহত বিজ্ঞানীসকলে পাইছে হেপাটাইটিছ ই, জাপানিজ এনকেফেলাইটিছৰ দৰে ভাইৰাছবোৰৰ অস্তিত্ব৷ পৰীক্ষা কৰি চোৱা হৈছে ৫০টা বন্যজন্তুকো৷ তেতিয়াই চকু কপালত উঠিছে গৱেষকসকলৰ৷ দেখিবলৈ পোৱা গৈছে যে নোমাল প্রাণীবোৰৰ শৰীৰত মুঠ ১২৫ ধৰণৰ ভাইৰাছ ধৰা পৰিছে৷ গৱেষণা–পত্রখনৰ অন্যতম লেখক ভাইৰাছ বিশেষজ্ঞ এডোৱার্ড হোমছে জনাইছে যে এই সন্দর্ভত ধাৰাবাহিক পর্যবেক্ষণৰ প্রয়োজন আছে৷ প্রাণীবোৰৰ দেহত মানুহক সংক্রমিত কৰিব পৰা যিদৰে ৩৬ প্রকাৰৰ অজানা ভাইৰাছ আছে সেইদৰে ৩৯ প্রকাৰৰ এনে ভাইৰাছো আছে, যিবোৰ মানৱ শৰীৰৰ বাবে অতি বিপজ্জনক৷
অর্থাৎ পোহনীয়া পশুৰ পৰাই মানুহৰ দেহলৈ এনে বহু ভাইৰাছৰ সংক্রমণ ঘটিব পাৰে, যিবোৰে পৃথিৱীত ক’ৰোনাসদৃশ বা তাতকৈও ভয়াৱহ অতিমাৰীৰ সৃষ্টি কৰিব পাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদন অনুসৰি শেহতীয়াকৈ পুনৰ ক’ৰোনা ভাইৰাছত বহু লোক আক্রান্ত হৈছে৷ ভাৰতত যোৱা জুন আৰু জুলাই মাহত ক’ৰোনাত আক্রান্ত হৈছে ৯০৮গৰাকী লোক৷ ইয়াৰ ভিতৰত মৃত্যু হৈছে দুজনৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সতর্কবাণী অনুসৰি নতুনকৈ ক’ৰোনাৰ এক সংক্রমণৰ জোৱাৰৰ আশংকা আছে৷ এনে পৰিস্থিতিতে চীনৰ চিকিৎসা বিজ্ঞানী তথা গৱেষকসকলৰ নতুন গৱেষণাই উদ্বিগ্ণ কৰিছে বিশ্ববাসীক৷ আনকি বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও এনেধৰণৰ গৱেষণাক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনোৱা হৈছে৷ বিগত শতিকাৰ স্পেনিছ ফ্লুৰ পৰা আৰম্ভ কৰি ক’ৰোনা অতিমাৰীলৈ কেইবাটাও মহামাৰী তথা ভয়াৱহ সংক্রামক ৰোগৰ সন্মুখীন হৈছে পৃথিৱী৷ কিন্তু মহামাৰী বা অতিমাৰীৰ মোকাবিলা কৰিবলৈ আজিলৈকে বিশ্বৰ কোনো দেশে আগতীয়াকৈ ব্যৱস্থা গ্রহণ কৰা নাই৷ ক’ৰোনা অতিমাৰীৰ সময়তে সেই কথা স্পষ্ট হৈ পৰিছে৷ স্পেনিছ ফ্লুৰ পাছতে বিশ্বত পুনৰ মহামাৰীয়ে বিভীষিকাৰ সৃষ্টি কৰিব বুলি চিকিৎসা বিজ্ঞানীসকলে সতর্কবাণী কৰিছিল৷ কিন্তু সেই সতর্কবাণীক গুৰুত্ব প্রদান কৰা নহ’ল৷ ইয়াৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা বাৰে বাৰে মহামাৰী সন্দর্ভত সতর্কবাণী কৰি অহা হৈছে৷ আনকি আফ্রিকাৰ ইবোলাকে ধৰি ভয়ংকৰ সংক্রামক ৰোগক লৈ বাৰে বাৰে চিকিৎসা বিজ্ঞানীসকলে বিশ্ববাসীক সজাগ হ’বলৈ আহ্বান জনাই আহিছে৷ শেহতীয়াকৈ মাংকীপক্সক লৈ সৃষ্টি হৈছে বিভিন্ন দেশত আতংক৷ কিন্তু মহামাৰীৰ ৰূপ লোৱাৰ পূর্বে মাংকীপক্সৰ সংক্রমণৰ মোকাবিলা কৰিবলৈ কোনোধৰণৰ বাস্তৱসন্মত প্রতিৰোধী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ভাৰতত বিভিন্ন ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলসমূহত এইক্ষেত্রত সজাগ হ’বলৈ কেন্দ্রৰ তৰফৰ পৰা নির্দেশনা জাৰি কৰা হৈছে৷ কিন্তু মাংকীপক্সৰ মোকাবিলা কৰিব পৰাকৈ কেনেধৰণৰ চিকিৎসা ব্যৱস্থা ইতিপূর্বেই গ্রহণ কৰা হৈছে সেই সন্দর্ভত কোনো তথ্য চৰকাৰীভাৱে প্রকাশ কৰা হোৱা নাই৷ ইয়াৰ মাজতে চীনৰ বিজ্ঞানীসকলৰ গৱেষণাই বিভিন্ন দেশত সৃষ্টি কৰিছে নতুন উদ্বেগ৷

Featured