দেশৰ ৰাজনীতিত বিড়ম্বনা

দেশৰ ৰাজনীতিত কি যে বিড়ম্বনা! দুর্নীতিবিৰোধী আৰু সুশাসন প্রতিষ্ঠাৰ শ্লোগানেৰে এক দশক পূর্বে দিল্লীৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত অৰবিন্দ কেজৰিৱাল দুর্নীতিৰ অভিযোগত ২১ মার্চত গ্রেপ্তাৰ হৈছে৷ ২০২১ৰ নৱেম্বৰত নতুন সুৰা নীতি প্রণয়নত ব্যাপক বিসংগতি আৰু দুর্নীতিৰ অভিযোগ উত্থাপন হৈছিল দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পার্টীৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে৷ বিশেষ সুৰা কোম্পানীক সহায়ৰ লক্ষ্যৰে প্রণয়ন কৰা দিল্লীৰ সুৰা নীতিক লৈ উপ–ৰাজ্যপাল ভি কে ছাক্সেনাই চিবিআইৰ তদন্তৰ বাবে ২২ জুলাইত অনুমোদন দিয়াৰ পিছতে দেশজুৰি তুমুল প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ দেশৰ সাম্প্রতিক ৰাজনীতিক দুর্নীতি আৰু কুশাসনমুক্ত কৰাৰ প্রতিশ্রুতি দিয়া দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে কিয় বিশেষ সুৰা কোম্পানীক লাভৱান কৰাৰ বাবে নতুন সুৰা নীতি প্রস্তুত কৰিলে তাক লৈও বিতর্কৰ সূত্রপাত হয়৷ পৰিস্থিতি বিষম দেখি মুখ্যমন্ত্রী কেজৰিৱালে ২০২২ৰ ২১ জুলাইত নতুন আবকাৰী নীতি প্রত্যাহাৰ কৰে যদিও স্বচ্ছ আৰু নিকা প্রশাসনৰ বচন আওৰোৱা চৰকাৰখনৰ বিৰুদ্ধে আৰম্ভ হয় চিবিআইৰ অনুসন্ধান৷ চিবিআইৰ প্রাৰম্ভিক তদন্তত দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছোডিয়াকে ধৰি ১৫জন আপৰ নেতা আৰু আমোলাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপন হৈছিল৷ প্রথম পর্যায়ত এই অভিযুক্তসকলক কেন্দ্রীয় অনুসন্ধান সংস্থাটোৱে জেৰা কৰাৰ লগতে ১৯ আগষ্টত মনীষ ছিছোডিয়াৰ বাসভৱনত তালাচী চলাইছিল৷ দিল্লীৰ নতুন সুৰা নীতিত ব্যাপক দুর্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে চিবিআইৰ অধীনস্থ এই গোচৰটোত জড়িত হৈ পৰে এনফ’ৰ্চমেণ্ট সঞ্চালকালয় (ইডি)৷ ২০২১ৰ ২৭ ছেপ্টেম্বৰত সুৰা কেলেংকাৰিৰ গোচৰত প্রথমে গ্রেপ্তাৰ কৰা হৈছিল আপৰ নেতা বিজয় নায়াৰক৷ ইয়াৰ পিছতে ২৮ ছেপ্টেম্বৰত গ্রেপ্তাৰ হৈছিল মনীষ ছিছোডিয়াৰ সৈতে ঘনিষ্ঠ সমীৰ মাহেন্দ্রুক৷ বিজয় নায়াৰ আৰু সমীৰ মাহেন্দ্রুক জেৰাৰ পিছত সুৰা কেলেংকাৰিৰ বহু তথ্য পোহৰলৈ আহে আৰু ১৭ অক্টোবৰত দিল্লীৰ উপ–মুখ্যমন্ত্রীগৰাকীক জেৰা কৰা হয়৷ মনীষ ছিছোডিয়াৰ স’তে ঘনিষ্ঠ অভিষেক বৈনপল্লীক ১৪ নৱেম্বৰত আৰু অমিত অৰোৰাক ৩০ নৱেম্বৰত ইডিয়ে গ্রেপ্তাৰ কৰে৷ দিল্লীৰ সুৰা কেংলেংকাৰিৰ স’তে তেলেংগানাৰ তদানীন্তন চৰকাৰখনৰ মুৰব্বীগৰাকীৰ পৰিয়াল জড়িত থকাৰ তথ্যও তদন্তত পোহৰলৈ আহে৷ ২০২২ৰ ২১ ডিচেম্বৰত তেলেংগানাৰ মুখ্যমন্ত্রীগৰাকীৰ কন্যা কে কবিতাক চিবিআয়ে জেৰা কৰে৷ ২০২৩ৰ ২ ফেব্রুৱাৰীত ইডিয়ে অভিযোগনামা দাখিল কৰে আৰু উক্ত কেলেংকাৰিত দিল্লীৰ মুখ্যমন্ত্রীগৰাকী জড়িত থকাৰ তথ্যও আদালতত দাখিল কৰে৷ এই সন্দর্ভত কেলেংকাৰিত অভিযুক্ত সমীৰ মাহেন্দ্রুৰ স’তে কেজৰিৱালৰ ভিডিঅ’ কলৰ তথ্যও দাখিল কৰা হয়৷ ইডিৰ অভিযোনামা দাখিলৰ পিছত ২০২৩ৰ ২৬ ফেব্রুৱাৰীত প্রায় ৮ ঘণ্টা জেৰাৰ শেষত মনীষ ছিছোডিয়াক গ্রেপ্তাৰ কৰা হয়৷ ইয়াৰ পিছতে গ্রেপ্তাৰ হয় আপৰ নেতা সত্যেন্দ্র জৈন৷ ৫ অক্টোবৰত আপৰ আগশাৰীৰ নেতা তথা মন্ত্রী সঞ্জয় সিঙক গ্রেপ্তাৰ কৰা হয়৷ ১৫ মার্চত গ্রেপ্তাৰ হয় তেলেংগানাৰ প্রাক্তন মুখ্যমন্ত্রীৰ কন্যা কে কবিতা৷ এজন এজনকৈ আপৰ নেতা তথা দিল্লীৰ মন্ত্রী জালত পৰাৰ পিছত ২১ মার্চত ইডিয়ে গ্রেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক৷
দেশৰ নির্বাচন আয়োগে ১৬ মার্চত অষ্টাদশ লোকসভা নির্বাচনৰ দিন ঘোষণাৰ পিছতে ২১ মার্চত ইডিয়ে অৰবিন্দ কেজৰিৱালক গ্রেপ্তাৰ কৰাক লৈ দেশজুৰি বিতর্কৰ সৃষ্টি হৈছে৷ দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক গ্রেপ্তাৰৰ অন্তৰালত ৰাজনৈতিক চক্রান্তৰ অভিযোগো উত্থাপন কৰিছে একাংশ বিৰোধী ৰাজনৈতিক দলৰ নেতাই৷ দেশৰ লোকসভা নির্বাচনৰ নির্বাচনী অধিসূচনা জাৰি কৰাৰ সময়ত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক গ্রেপ্তাৰ এক বিৰল ঘটনা৷ কিয়নো নির্বাচনী অধিসূচনা জাৰি হোৱাৰ সময়ত এইদৰে দুর্নীতিৰ অভিযোগত কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্রী অথবা ৰাজনৈতিক দলৰ মুৰব্বীক গ্রেপ্তাৰ কৰাৰ উদাহৰণ নাই৷ কিন্তু এনে পৰিস্থিতি কিয় উদ্ভৱ হ’ল? দিল্লীৰ সুৰা কেলেংকাৰি গোচৰৰ প্রায় ডেৰ বছৰজোৰা তদন্তৰ শেষত পর্যাপ্ত তথ্য প্রমাণ লাভ কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্রীগৰাকীক ইডিয়ে ২০২৩ৰ ২ নৱেম্বৰত প্রথম চমন জাৰি কৰিছিল৷ কেন্দ্রীয় অনুসন্ধান সংস্থাৰ এনে আহ্বানৰ প্রতি দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে সঁহাৰি দিয়াৰ বিপৰীতে ৰাজনৈতিক ষড়যন্ত্রৰ অভিযোগ উত্থাপন কৰি তদন্ত ব্যৱস্থাৰ পৰা নিজকে মুক্ত ৰাখিবলৈ চক্রান্ত কৰিছিল৷ এখন এখনকৈ ২১ মার্চত নৱম চমনখনক সঁহাৰি দিয়াৰ বিপৰীতে অৰবিন্দ কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ত জামিনৰ আবেদন কৰিছিল৷ দেশৰ আগশাৰীৰ আইনজীৱী তথা কংগ্রেছ নেতা অভিষেক মনু সিংঘভিৰ জৰিয়তে ইডিৰ গ্রেপ্তাৰৰ পৰা সাৰিবলৈ কেজৰিৱালে চলোৱা অভিযান সফল নহ’ল৷ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ জৈন আৰু সুৰেশ কৈতে এইক্ষেত্রত ৰক্ষাকবচ প্রদান নকৰাত ২১ মার্চত কেজৰিৱালক গ্রেপ্তাৰ কৰা হয়৷ কেজৰিৱালৰ গ্রেপ্তাৰে নিশ্চিতভাৱে আম আদমী পার্টীক নির্বাচনত ক্ষতি কৰিব৷ একেৰাহে দুটা কার্যকাল দিল্লী বিধানসভা দখলৰ পিছত কেজৰিৱাল নেতৃত্বাধীন দলটোৱে শেহতীয়াকৈ পঞ্জাব বিধানসভাৰ নির্বাচনতো অভূতপূর্ব সাফল্যও লাভ কৰিবলৈ সক্ষম হৈছিল৷ কেজৰিৱালৰ ৰাজনীতিয়ে দেশৰ শিক্ষিত যুৱশক্তিক বহু পৰিমাণে আকৃষ্টও কৰিছিল৷ দেশৰ ৰাজনীতিত নতুন গতিধাৰা প্রতিষ্ঠাৰ বাবে এক আদর্শ হৈ পৰা কেজৰিৱালৰ সুৰা কেলেংকাৰিয়ে দেশৰ পৰিৱর্তনকামী ভোটদাতাক আশাহত কৰি তুলিছে৷ দেশৰ সংবিধান আৰু প্রচলিত আইনৰ প্রতি সামান্যতমো সন্মান নথকা কোনো ব্যক্তিয়ে দেশৰ ৰাজনীতি পৰিৱর্তন কৰিব নোৱাৰে৷ প্রচলিত শাসন ব্যৱস্থাৰ আসোঁৱাহ দূৰ কৰি জনতাক জাগ্রত কৰাটো দেশৰ গণতন্ত্রৰ বাবে শুভ পন্থা৷ কিন্তু ৰাজনীতি আৰু সমাজ পৰিৱর্তনৰ নামত দেশখনত অৰাজকতাৰ সৃষ্টি কৰাটো কোনো সচেতন নাগৰিকে কামনা নকৰে৷ দেশবাসীক স্বচ্ছ আৰু নিকা ৰাজনৈতিক ব্যৱস্থাৰ জৰিয়তে ন্যায় প্রদান কৰিবলৈ গৈ অৰবিন্দ কেজৰিৱালে যিদৰে দুর্নীতিৰ বোকাত লুতুৰি–পুতুৰি হৈছে, সেয়া দেশৰ ৰাজনীতিৰ এক বিড়ম্বনা বুলি অভিহিত কৰিব পাৰি৷

Featured