আজি তৃতীয় পর্যায়ৰ নির্বাচন

অষ্টাদশ লোকসভা নির্বাচনৰ দুটা পর্যায়ত ৰাজ্যখনৰ ১০টা লোকসভা সমষ্টিৰ ভোটগ্রহণ সফলতাৰে সমাপ্ত হোৱাৰ পিছত আজি তৃতীয় পর্যায়ত বাকী থকা চাৰিটা লোকসভা সমষ্টিৰ নির্বাচন অনুষ্ঠিত হৈছে ৷ প্রথম পর্যায়ৰ তুলনাত দ্বিতীয় পর্যায়ৰ নির্বাচনত ভোটদানৰ হাৰ সামান্য বৃদ্ধি হৈছে যদিও এই হাৰ সন্তোষজনক বুলিব নোৱাৰি৷ বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্রিক দেশৰূপে প্রতিষ্ঠিত আমাৰ দেশৰ গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী কৰিবলৈ হ’লে নাগৰিকসকলৰ অংশগ্রহণ অতিকৈ জৰুৰী৷ স্বচ্ছ আৰু নিকা ব্যৱস্থাৰ জৰিয়তে নির্বাচন অনুষ্ঠিত কৰা আৰু নাগৰিকসকলক বিবেক ভোটৰ জনাদেশৰ জৰিয়তে গঠন হোৱা চৰকাৰেহে দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ সঠিক প্রতিনিধিত্ব কৰিবলৈ সক্ষম হয়৷ নির্বাচনত ভোটদানৰ অধিকাৰ প্রতিজন নাগৰিকে গণতন্ত্র প্রতিষ্ঠাৰ দায়িত্ব আৰু কর্তব্যৰূপে পালন কৰিব লাগিব৷ বিগত সময়ছোৱাত এই কথা স্পষ্ট হৈছে যে দেশৰ গণতান্ত্রিক ব্যৱস্থাৰ প্রতি আমাৰ সর্বসাধাৰণ ৰাইজে যিদৰে ভোটদানৰ বাবে আগবাঢ়ি আহিছে সেয়া তথাকথিত শিক্ষিত সমাজত হৈ উঠা নাই৷ ভোটগ্রহণৰ দিনটো আমাৰ তথাকথিত সমাজ সচেতন লোকৰ একাংশই বন্ধৰ দিন হিচাপে উদযাপন কৰাতে অধিক গুৰুত্ব প্রদান কৰা দেখা যায়৷ ফলত নগৰীয়া অঞ্চলত বিগত নির্বাচনসমূহত ভোটদানৰ হাৰ বহু পৰিমাণে হ্রাস হোৱা দেখা যায়৷ সামাজিক মাধ্যমত সততে সৰৱ হৈ থকা একাংশ লোকেও ভোটদানৰ প্রতি অনীহা প্রকাশ কৰা দেখা গৈছে৷ আমাৰ গণতান্ত্রিক ব্যৱস্থাক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ হ’লে আমি ভোটাধিকাৰ সাব্যস্ত কৰিবই লাগিব৷ সেয়া পছন্দৰ দলেই হওক অথবা প্রার্থীয়েই হওক৷ যোগ্য প্রার্থীক আমি সংসদলৈ বাছনি কৰিব নোৱাৰিলে এখন সুস্থ–সবল চৰকাৰ প্রতিষ্ঠা কৰাটো সম্ভৱ নহয়৷ দেশৰ বিকাশ আৰু কল্যাণক অগ্রাধিকাৰ প্রদান কৰিব পৰা চৰকাৰ গঠনৰ ক্ষেত্রত নাগৰিকসকলে ৰাজনৈতিক অধিকাৰ প্রতিষ্ঠা কৰাৰ লোকসভা নির্বাচনেই একমাত্র পথ৷ যদিহে দেশৰ তথাকথিত সমাজ সচেতন লোকসকলে ভোটদানৰ ক্ষেত্রত অনীহা প্রকাশ কৰে তেন্তে আমি সংসদৰ মজিয়াত উপযুক্ত প্রতিনিধি বাছনি কৰিবলৈ কেতিয়াও সম্ভৱ নহ’ম৷ ভোটদানৰ পৰা বিৰত থাকি পাঁচ বছৰ ধৰি গণতান্ত্রিক ব্যৱস্থাৰ প্রতি বিৰাগ ভাব সৃষ্টি কৰাটো কোনো সচেতন নাগৰিকৰ দায়িত্ব হ’ব নোৱাৰে৷ তৃতীয় পর্যায়ৰ নির্বাচনত অভিলেখসংখ্যক ভোটদানৰ জৰিয়তে অসমৰ চাৰিটা লোকসভা সমষ্টিৰ নাগৰিকসকলে এক দৃষ্টান্ত প্রদর্শন কৰা উচিত৷ নির্বাচন আয়োগে ১০০ শতাংশ ভোটদান সম্পন্ন কৰিবলৈ ইতিমধ্যে প্রায় দুমাহ ধৰি সজাগতামূলক বিভিন্ন কার্যসূচী গ্রহণ কৰিছে৷ নির্বাচন ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰি তুলিবলৈ আপ্রাণ চেষ্টা অব্যাহত ৰাখিছে৷ ৰাজনৈতিক দলসমূহে নিজস্ব কার্যসূচী লৈ জনগণক আকৃষ্ট কৰাৰ বিভিন্ন পদক্ষেপ লৈছে৷ ভোট আদায়ৰ বাবে ৰাজনৈতিক দলসমূহে প্রদান কৰা নির্বাচনী প্রতিশ্রুতিসমূহ সঠিকভাৱে বিবেচনা কৰিহে নাগৰিকসকলে ভোটাধিকাৰ সাব্যস্ত কৰা উচিত৷ এখন সুস্থিৰ চৰকাৰ অবিহনে দেশখনৰ বিকাশ কোনো কাৰণতে সম্ভৱ নহয়৷ ভোটদানৰ সময়ত প্রতিজন নাগৰিকে দেশৰ গুৰুত্বপূর্ণ বিষয়টোক অগ্রাধিকাৰ প্রদান কৰা উচিত৷
তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত চাৰিটা লোকসভা সমষ্টিৰ ভিতৰত গুৱাহাটী সমষ্টিৰ নির্বাচন এইবাৰ আকর্ষণীয় হৈছে৷ পুনৰ গঠিত গুৱাহাটী লোকসভা সমষ্টিৰ অধীনত অন্তর্ভুক্ত হৈছে গোৱালপাৰা পশ্চিম, দুধনৈ, ছমৰীয়া, বকো–ছয়গাঁও, পলাশবাৰী, দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী কেন্দ্রীয় আৰু জালুকবাৰী বিধানসভা সমষ্টি৷ গুৱাহাটী লোকসভাত আছে ২০ লাখৰো অধিক ভোটদাতা৷ ২০০৯ চনৰ পৰা গুৱাহাটী লোকসভা সমষ্টিটো বিজেপিৰ দখলত আছে৷ ২০০৯ৰ লোকসভা নির্বাচনত ২৮.৭৮ শতাংশ ভোট লাভ কৰি সংসদলৈ নির্বাচিত হৈছিল বিজয়া চক্রৱর্তী৷ ২০১৪ৰ লোকসভা নির্বাচনত ৫০.৬০ শতাংশ ভোট লাভ কৰি দ্বিতীয়বাৰৰ বাবে জয়ী হৈছিল বিজয়া চক্রৱর্তী৷ ২০১৯ৰ লোকসভা নির্বাচনত ৫৭.২০ শতাংশ ভোট লাভ কৰি বিজয়ী হৈছিল বিজেপিৰ কুইন ওজা৷ এইবাৰ বিজেপিয়ে গুৱাহাটী সংসদীয় সমষ্টিত বিজুলী কলিতা মেধিক প্রার্থিত্ব প্রদান কৰিছে৷ সমষ্টিটোত কংগ্রেছৰ মীৰা বৰঠাকুৰকে ধৰি কেইবাগৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে যদিও বিজেপিৰ প্রার্থীগৰাকীয়ে জনসমর্থনত আগবাঢ়ি থকা দেখা গৈছে৷ গুৱাহাটী লোকসভা সমষ্টিত অসম আন্দোলনৰ সময়ছোৱাৰ পৰা অগপৰ বিশেষ প্রভাৱ আছিল৷ ১৯৮৫ৰ লোকসভা নির্বাচনত ৬০.৯৩ শতাংশ ভোট লাভ কৰি গুৱাহাটী সমষ্টিৰ পৰা বিজয়ী হৈছিল অগপৰ সমর্থিত প্রার্থী দীনেশ গোস্বামী৷ ১৯৯১ৰ লোকসভা নির্বাচনত অগপত বিভাজনৰ বাবে দলটোৰ প্রার্থী জনাৰ্দন বেজবৰুৱা আৰু ন-অগপৰ প্রার্থী অধ্যাপক আশ্রফ আলীৰ মাজত ভোট বিভাজনৰ সুযোগ লৈ সংসদলৈ নির্বাচিত হৈছিল কংগ্রেছৰ প্রার্থী কিৰিপ চলিহা৷ ১৯৯৬ৰ লোকসভা নির্বাচনত ৪৪.৩০ শতাংশ ভোট লাভ কৰি সংসদলৈ নির্বাচিত হৈছিল অগপৰ প্রবীণ চন্দ্র শর্মা৷ ১৯৯৮ত সমষ্টিটোৰ পৰা ৪৯.৫৭ শতাংশ ভোট লাভ কৰি বিজয়ী হৈছিল কংগ্রেছৰ ভুবনেশ্বৰ কলিতা৷ ২০০৪ৰ লোকসভা নির্বাচনত বিজেপিয়ে নির্বাচনী যুঁজত নমাইছিল সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক৷ হাজৰিকাই নির্বাচনত ২,৯২,০৯৯টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্রেছৰ কিৰিপ চলিহাই ৩,৫৩,২৫০টা ভোট লাভ কৰি সংসদলৈ নির্বাচিত হৈছিল৷ বিগত তিনিটা নির্বাচনত বিজেপিৰ ব্যাপক উত্থানে গুৱাহাটী সংসদীয় সমষ্টি বিজেপিৰ বাবে এতিয়াও সুৰক্ষিত বুলি অভিহিত কৰিব পাৰি৷ তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব লগা বৰপেটা আৰু কোকৰাঝাৰ সমষ্টি দুটাত মিত্রজোঁটৰ প্রার্থী ফ্রণ্টফুটত আছে৷ পুনৰ গঠিত বৰপেটা লোকসভা সমষ্টিত মিত্রজোঁটৰ প্রার্থীৰূপে অগপৰ নেতা ফণীভূষণ চৌধুৰীক যুঁজত নমাইছে৷ ইয়াৰ বিপৰীতে কংগ্রেছৰ দীপ বায়ন আৰু চিপিএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰকে ধৰি যুঁজত আছে কেইবাজনো বিৰোধী দলৰ প্রার্থী৷ ১৯,৪৯,৮৭৩গৰাকী ভোটদাতাই ভাগ্য নির্ণয় কৰিব লগা নৱগঠিত বৰপেটা লোকসভা সমষ্টিটোত মিত্রজোঁটে আগবাঢ়ি আছে৷ একেদৰে কোকৰাঝাৰ লোকসভা সমষ্টিত এইবাৰ মিত্রজোঁটৰ প্রার্থীৰূপে যুঁজত নমাইছে ইউপিপিএলৰ জয়ন্ত বসুমতাৰীক৷ সমষ্টিটোত বিপিএফে খাম্ফা বৰগয়াৰীক যুঁজত নমাইছে৷ সমষ্টিটোৰ পৰা একেৰাহে দুবাৰ বিজয়ী সাংসদ নৱ শৰণীয়াই এইবাৰ জাতিগত প্রমাণ–পত্রৰ বাবে যুঁজত নামিব পৰা নাই৷ ফলত সমষ্টিটোত মিত্রজোঁটৰ প্রার্থীগৰাকী ফ্রণ্টফুটতে আছে৷ ধুবুৰী লোকসভা সমষ্টিত এইবাৰ সর্বাধিক ২৬,৪৩,৪০৩গৰাকী ভোটদাতা আছে৷ সমষ্টিটো ধর্মীয় সংখ্যালঘুপ্রধান৷ সমষ্টিটোৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে নির্বাচিত বদৰুদ্দিন আজমল এইবাৰো এআইইউডিএফৰ প্রার্থীৰূপে যুঁজত নমাৰ লগতে তেওঁৰ বিৰুদ্ধে কংগ্রেছে থিয় কৰাইছে ৰকিবুল হুছেইনক৷ মিত্রজোঁটৰ প্রার্থীৰূপে অগপ দলে যুঁজত নমাইছে জাবেদ ইছলামক৷ ফলত সমষ্টিটোত তিনিকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে৷ নির্বাচনী যুঁজখনত কোন জিকিব, সেয়া ৪ জুনত স্পষ্ট হ’ব৷ কিন্তু ভোটদানৰ হাৰ যিমানেই বৃদ্ধি হ’ব সিমানে যোগ্য প্রার্থীয়ে সংসদলৈ নির্বাচিত হোৱাৰ সুযোগ লাভ কৰিব৷

Featured