গাজাক লৈ ৰাষ্ট্রসংঘৰ প্রস্তাৱ

হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত ইজৰাইলী সেনাই চলাই থকা ধ্বংসলীলা সম্প্রতি বিশ্বৰ চর্চিত বিষয়ৰ অন্যতম৷ যোৱা ৭ অক্টোবৰত গাজাশাসিত হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলৰ ওপৰত আক্রমণ চলোৱাৰ পিছত ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ উক্ত দিনাৰে পৰা গাজাত আকাশীমার্গেৰে প্রচণ্ড আক্রমণ চলাই ইজৰাইলী সেনাই গাজাষ্ট্রীপত ধ্বংসলীলা চলাই আছে৷ আকাশীমার্গৰ পিছত গাজাত স্থলভাগেৰেও অভিযান আৰম্ভ কৰিছে৷ হামাছৰ বিৰুদ্ধে গাজাত চলোৱা ইজৰাইলী সেনাৰ আক্রমণত ৩,০০০ শিশুসহ সাত সহস্রাধিক লোকৰ প্রাণহানি হৈছে৷ কেইবাহাজাৰো লোক আহত হৈছে৷ ধ্বংসস্তূপত পৰিণত হৈছে গাজা৷ গাজাৰ সমান্তৰালকৈ লেবানন, ছিৰিয়া আদিতো চলিছে যুদ্ধ৷ ইজৰাইলী সেনাৰ এই আক্রমণে অঞ্চলটোত শংকাময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ হামাছৰ বিৰুদ্ধে গাজাত ইজৰাইলী সেনাৰ অহৰহ আক্রমণে বিশ্বৰ দেশসমূহক উদ্বিগ্ণ কৰি তুলিছে৷ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘই গাজাত যুদ্ধবিৰতিৰ বাবে ইজৰাইলক আহ্বান জনাইছে যদিও ইজৰাইলে বিশেষ গুৰুত্ব দিয়া নাই৷ আনকি ৰাষ্ট্রসংঘৰ পক্ষপাতমূলক কার্যকলাপক লৈ ক্ষুণ্ণ হৈ পৰা ইজৰাইল চৰকাৰে ৰাষ্ট্রসংঘৰ প্রতিনিধিক ভিছা প্রদানত অসন্মতি প্রদান কৰিছে৷ আকাশীমার্গৰ পিছত স্থলভাগেৰে গাজাত অভিযান তীব্রতৰ কৰি তোলাৰ সময়তে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত গাজাত যুদ্ধবিৰতিৰ বাবে প্রস্তাৱ গ্রহণ কৰা হয়৷ এই যুদ্ধবিৰতিৰ প্রস্তাৱত প্রধানতঃ গাজাত মানৱীয় সংকট আঁতৰাই নাগৰিকৰ জীৱন স্বাভাৱিক কৰি তোলাত গুৰুত্ব দিয়া হৈছে৷ জর্ডানে উত্থাপন কৰা এই প্রস্তাৱত ১২০খন দেশে সপক্ষে ভোটদান কৰাৰ বিপৰীতে ১৪খনে বিপক্ষত ভোটদান কৰে ৷ ভাৰতকে ধৰি ৪৫খন দেশ ৰাষ্ট্রসংঘৰ এই প্রস্তাৱৰ ভোটদানৰ পৰা বিৰত থাকে৷ ইয়াকে লৈ বিশ্বজুৰি প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত জর্ডানে গাজাত যুদ্ধবিৰতিৰ বাবে প্রস্তাৱ উত্থাপন কৰে আৰু এই প্রস্তাৱক লৈ ভোটদান হয় ৷ ইজৰাইল–হামাছৰ যুদ্ধত মানৱীয় সংকটৰ প্রতি লক্ষ্য ৰাখি ৰাষ্ট্রসংঘই এই প্রস্তাৱ গ্রহণ কৰে যদিও প্রস্তাৱটোত হামাছ আৰু পণবন্দীৰ লেখীয়া কোনো শব্দ অন্তর্ভুক্ত কৰা হোৱা নাই৷ ভোট প্রদানৰ পূর্বে প্রস্তাৱত সংশোধনৰ বাবে কানাডাই প্রস্তাৱ আগবঢ়াই হামাছৰ নাম উল্লেখ কৰিবলৈ দাবী জনায় যদিও উপস্থিত সদস্য সংখ্যাৰ দুই–তৃতীয়াংশই সমর্থন নকৰাত কানাডাৰ সংশোধনী প্রস্তাৱ অগ্রাহ্য হয়৷
কানাডাৰ পক্ষত ভাৰতকে ধৰি ৮৬খন দেশে সমর্থন জনায়৷ প্রস্তাৱত ভোটগ্রহণৰ সময়ত ভাৰতকে ধৰি ৪৫খন দেশে অনুপস্থিত থাকে৷ এই দেশকেইখনৰ ভিতৰত অষ্ট্রেলিয়া, কানাডা, জার্মানী, জাপান, ইউক্রেইন আৰু গ্রেট ব্রিটেইনো আছে৷ ২২ আৰব দেশে যুগুত কৰা গাজাৰ যুদ্ধবিৰতিৰ প্রস্তাৱ জর্ডানে ৰাষ্ট্রসংঘৰ মজিয়াত উত্থাপন কৰে৷ এই প্রস্তাৱৰ সহযোগী হিচাপে বাংলাদেশ, মালদ্বীপ, ৰাছিয়া আৰু দক্ষিণ আফ্রিকাই সমর্থন আগবঢ়ায়৷ এই প্রস্তাৱৰ বিৰুদ্ধে ভোটদান কৰে ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্র, প্রশান্ত মহাসাগৰীয়ৰ পাঁচ ক্ষুদ্র ৰাষ্ট্র, ইউৰোপৰ পূব প্রান্তৰ ৪ দেশ, অষ্ট্রিয়া, ক্র’ৱেছিয়া, ছিছিয়া আৰু হাংগেৰীয়ে৷ ইজৰাইল–আমেৰিকাকে ধৰি ১৪খন দেশে এই প্রস্তাৱৰ বিৰোধিতা কৰাৰ বাবে জর্ডানে দেশকেইখনক গৰিহণা জনায়৷ ৰাছিয়া আৰু ইউক্রেইনৰ চলি থকা যুদ্ধৰ দৰেই ভাৰতে হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধতো ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত যুদ্ধবিৰতিৰ প্রস্তাৱৰ ভোটদানৰ সময়ত অনুপস্থিত থাকে৷ ভাৰতে ৰাষ্ট্রসংঘৰ প্রস্তাৱৰ সময়ত অনুপস্থিত থকাৰ সপক্ষে কেইবাটাও যুক্তি প্রদর্শন কৰিছে৷ এই যুক্তিৰ ভিতৰত হামাছে ৭ অক্টোবৰত ইজৰাইল আক্রমণ কৰাৰ বাবে হিংসাক গৰিহণা দি ভাৰতে ইজৰাইলৰ পক্ষত থিয় দিছিল৷ হিংসাক লৈ বিশ্বৰ দেশসমূহৰ মাজত মতবিভেদৰ লগতে আলোচনাৰ জৰিয়তে বিবাদ সমাধানত গুৰুত্ব দিয়া বাবে নতুন দিল্লীয়ে এই প্রস্তাৱৰ ক্ষেত্রত ভোটদানৰ পৰা বিৰত থাকে বুলি প্রকাশ পাইছে৷ ইজৰাইল আৰু পেলেষ্টাইনৰ বিষয়টোক লৈ ভাৰতৰ স্থিতি পূর্বৰ দৰেই দৃঢ় বুলি স্পষ্ট কৰি দিয়ে৷ দুখন দেশ বিশেষকৈ ইজৰাইল আৰু পেলেষ্টাইনৰ বিবাদ আলোচনাৰ জৰিয়তে সমাধানৰ পক্ষত সদায় ভাৰত আছে৷ ইজৰাইলৰ সৈতে শান্তিৰ বাতাৱৰণ সৃষ্টি কৰি পেলেষ্টাইনে সার্বভৌমত্ব আৰু স্বতন্ত্রতা বর্তাই ৰখাৰ ক্ষেত্রত গুৰুত্ব দিয়াতো নতুন দিল্লীয়ে বিচাৰি আহিছে৷ গাজাৰ যুদ্ধবিৰতিক লৈ ৰাষ্ট্রসংঘৰ সাধাৰণ বৈঠকত গ্রহণ কৰা প্রস্তাৱৰ ভোটদানৰ সময়ত ভাৰতে অনুপস্থিতিত থকাটো দেশখনৰ কূটনৈতিক বিচক্ষণতাক লৈ চর্চা চলিছে৷

Featured