নিবনুৱাৰ ভৱিষ্যৎ

বিগত প্রায় কুৰিদিন সমগ্র ৰাজ্য তোলপাৰ কৰি ৰাখিছে অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল আৰু চৰকাৰী চাকৰিৰ নিযুক্তিত দালাল চক্রই গঢ়ি তোলা অবৈধ বেহাৰ নেটৱর্কৰ প্রসংগই৷ চৰকাৰক দোষাৰোপ কৰি বিভিন্ন দল–সংগঠনে প্রতিবাদী কার্যসূচী ৰূপায়ণৰ সমান্তৰালভাৱে দালাল চক্রক উৎখাতৰ বাবে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু ক্রাইম ব্রাঞ্চৰ তদন্ত অব্যাহত আছে৷ ইতিমধ্যে ইয়াৰ স’তে জড়িত ৪৫জনতকৈ অধিক লোকক তদন্তকাৰী সংস্থাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে লাখ লাখ শিক্ষিত নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা এই নিযুক্তি কেলেংকাৰিৰ মূল খলনায়ক এতিয়াও কৰায়ত্ত হোৱা নাই৷ পিছে চৰকাৰী চাকৰিৰ অবৈধ নিযুক্তিৰ বেহা পাতি দালাল চক্রই যে একাংশ প্রার্থীৰ পৰা লাখ লাখ টকা সংগ্রহ কৰিছিল, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে৷ তদন্তকাৰী সংস্থাই গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা দালাল চক্রটোৰ স্বীকাৰোক্তিৰ আঁত ধৰি শনিবাৰে পুৱতি নিশা বৰপেটা, বঙাইগাঁও, অভয়াপুৰী আৰু চিৰাং জিলাৰ ঢ়ালিগাঁৱত আৰক্ষীয়ে অতর্কিতে অভিযান চলাই মুঠ ৫,৩৬,৮৮,৬৪০ টকা উদ্ধাৰ কৰাৰ বাতৰি ইতিমধ্যে সংবাদ মাধ্যমত সবিস্তাৰে প্রকাশ পাইছে৷ অসম আৰক্ষীৰ তৰফৰ পৰাও দালাল চক্রই লুকাই ৰখা অৱস্থাৰ পৰা এই বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰ কৰাৰ কথা নিশ্চিত কৰিছে৷ চাকৰিপ্রত্যাশী একাংশৰ পৰা যে দালাল চক্রটোৱে ব্যাপক হাৰত ধন সংগ্রহ কৰিছিল, সেয়া আৰক্ষীৰ এই অভিযানে প্রতীয়মান কৰিলে৷ এতিয়া প্রশ্ণ হৈছে– অসম আৰক্ষীৰ এছ আই পদৰ নিযুক্তিৰ কেলেংকাৰিৰ অনুসন্ধানৰ ভাৰ ন্যস্ত কৰা তদন্তকাৰী সংস্থাই দালাল চক্রটোক সম্পূর্ণৰূপে উৎখাত কৰিব পাৰিব নে নাই? কিয়নো এই চক্রটোৰ আঁৰত বহু প্রভাৱশালী ব্যক্তি জড়িত হৈ থকাৰ বিষয়টোৱে সর্বত্র ব্যাপক চর্চা লাভ কৰিছে৷ আনকি এই প্রভাৱশালী ব্যক্তিসকলে ৰহস্যজনক সুৰক্ষা লাভ কৰাৰো অভিযোগ উঠিছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে যোৱা ২০ ছেপ্ঢেম্বৰত অনুষ্ঠিত ৫৯৭টা এছ আই পদৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত বহিঃৰাজ্যৰ পৰা ছপা কৰি আনি গুৱাহাটীৰ কাহিলিপাৰাস্থিত দশম আৰক্ষী বাহিনীৰ অস্ত্রাগাৰত ৰখা হৈছিল৷ অস্ত্রাগাৰৰ দৰে সুৰক্ষিত স্থানত ৰাজ্যৰ প্রতিখন জিলাৰ বাবে পৃথকে পৃথকে ট্রাংকত ৰখা প্রশ্ণকাকত ২০ ছেপ্ঢেম্বৰত লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছুসময় পাছতে কিদৰে ফাদিল হ’ল? তদন্তকাৰী সংস্থা অপৰাধ অনুসন্ধান শাখা আৰু ক্রাইম ব্রাঞ্চে কিন্তু এতিয়ালৈকে ইয়াৰ উৎস উলিয়াব পৰা নাই৷ প্রশ্ণকাকত ফাদিলৰ তথ্য পোহৰলৈ অহাৰ লগে লগে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে লিখিত পৰীক্ষা বাতিল কৰে৷ এতিয়া এই পৰীক্ষা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব বুলি কোৱা হৈছে৷ কিন্তু ২০ ছেপ্ঢেম্বৰৰ লিখিত পৰীক্ষাৰ প্রশ্ণকাকত ফাদিলৰ উৎস এতিয়ালৈকে তদন্তকাৰী সংস্থাই উলিয়াবলৈ সক্ষম নোহোৱাৰ পৰিপ্রেক্ষিতত স্বাভাৱিকতে নতুনকৈ অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাক লৈও বিভিন্নজনৰ মাজত আশংকাৰ সৃষ্টি হৈছে৷ সেয়েহে তদন্তকাৰী সংস্থাই অনুসন্ধান সঠিক আৰু ক্ষিপ্রতৰভাৱে আগুৱাই নিয়াৰ ওপৰতে এতিয়া সমগ্র বিষয়টো নির্ভৰ কৰিছে৷

অসম আৰক্ষীৰ এছ আই পদৰ নিযুক্তি প্রক্রিয়াত হোৱা অনিয়ম–খেলিমেলিৰ মাজতে ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্রহণ কৰা এক সিদ্ধান্তই নিবনুৱা যুৱক–যুৱতীসকলৰ্ মাজত আশাৰ ৰেঙনি দেখুৱাইছে৷ যোৱা ৭ অক্টোবৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকে ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ নিযুক্তিৰ কোনো পৰীক্ষাতে বেচৰকাৰী সংস্থাক নিয়োজিত নকৰাৰ সিদ্ধান্ত লয়৷ মন্ত্রী পৰিষদৰ সিদ্ধান্ত অনুসৰি বিভাগসমূহে নিজাববীয়াকৈ বা ৰাজ্যিক তথা কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহ দ্বাৰাহে নিযুক্তি সম্পর্কীয় পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব৷ মন্ত্রী পৰিষদৰ এই সিদ্ধান্তৰ উপৰি ৰাজ্য চৰকাৰে ইতিমধ্যে কেতবোৰ বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব ৪খন বিশ্ববিদ্যালয়ক অর্পণ কৰিছে৷ সেই অনুসৰি আৰক্ষী, গৃহৰক্ষী, পঞ্চায়ত–গ্রামোন্নয় আৰু শ্রম বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিব ডিব্রুগড় বিশ্ববিদ্যালয়ে৷ উদ্যোগ–বাণিজ্য, দক্ষতা বিকাশ, পৰিবহণ আৰু আবকাৰী বিভাগৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ক দিয়া হৈছে৷ সেইদৰে সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ পৰীক্ষা অসম বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব৷ জলসিঞ্চন বিভাগৰ পৰীক্ষা অনুষ্ঠিত কৰিব তেজপুৰ বিশ্ববিদ্যালয়ে৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ লগে লগে অসমৰ লাখ লাখ শিক্ষিত নিবনুৱা যুৱক–যুৱতীৰ ভৱিষ্যৎ এতিয়া নির্ভৰ কৰিছে এই উচ্চ শিক্ষানুষ্ঠানকেইখনৰ্ ওপৰত৷ চাৰিওখন বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষই অতি স্বচ্ছ আৰু নিকাভাৱে চৰকাৰী বিভাগৰ নিযুক্তি সম্পর্কীয় পৰীক্ষা অনুষ্ঠিত কৰাৰ বিষয়টো দায়িত্বসহকাৰে গ্রহণ কৰিব লাগিব৷