হিংসামুক্ত অসম

অসমত অন্তিমটো আৰু দেশৰ তৃতীয় পর্যায়ৰ নির্বাচনৰ ভোটগ্ৰহণহে বাকী৷ ৰাতিটো পুৱালেই ৰাজ্যখনৰ ৪টা লোকসভা সমষ্টিত ভোটগ্রহণ আৰম্ভ হ’ব৷ আশা কৰা হৈছে প্রথম দুটা পর্যায়ৰ দৰে এইটো পর্যায়ৰ নির্বাচনতো চাৰিওটা লোকসভা সমষ্টিৰ ভোটাৰে ব্যাপক হাৰত ভোটাধিকাৰ সাব্যস্ত কৰি এইবাৰৰ লোকসভা নির্বাচনত ভোটদানৰ ক্ষেত্রত অসমে ইতিমধ্যে অর্জন কৰা গৰিমা অম্লান হৈ থাকিব৷ আৰু অধিক জ্যোতিষ্মান হৈ পৰিব৷ নির্বাচন আয়োগৰ তথ্য অনুসৰি, লোকসভা সমষ্টি চাৰিটাৰ ভোটাৰে ৪৭গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ তাৰে মাজত বর্তমানৰ সাংসদ এগৰাকীও আছে৷ তদুপৰি ফণীভূষণ চৌধুৰী, ৰকিবুল হুছেইনকে ধৰি কেইগৰাকীমান বিধায়কো সাংসদ হোৱাৰ প্রতিযেগিতাত অৱতীর্ণ হৈছে৷ কোন জিকিব, কোন পৰাজিত হ’ব, সেয়া ৪ জুনত স্পষ্ট হ’ব৷ কিন্তু এইকেইদিনৰ নির্বাচনী প্রচাৰ সভা, ৰোড শ্ব’, সমদল আদিত জনসাধাৰণৰ অংশগ্রহণ দেখি এটা কথা দিনৰ পোহৰৰ দৰে ফটফটীয়া হৈছে যে নির্বাচনটোক লৈ জনসাধাৰণৰ আগ্রহ আৰু আকর্ষণ আশাতীত৷ সকলোতে শান্তিপূর্ণ পৰিৱেশত, সৌহার্দ্যমূলক বাতাৱৰণৰ মাজত সকলোৱে নিজৰ নিজৰ প্রচাৰ অভিযান চলাই আছে৷ কোনো অংশতে হিংসা–সংঘাতৰ খবৰ নাই৷ কোনেও ক’তো কাৰো পৰা ভাবুকিৰ সন্মুখীন হ’বলগীয়া হোৱা নাই৷ মুঠতে এটা উছৱৰ দৰে ৰাজনৈতিক দল, প্রার্থী, সমর্থক, অনুৰাগী সকলো নির্বাচনটোত মুকলি মনে মুকলি পৰিৱেশত ব্যস্ত হৈ আছে৷ কিছু বছৰ আগলৈকে ৰাজ্যখনত এনে পৰিৱেশ কল্পনা কৰিব পৰা নগৈছিল৷ লক্ষণীয়ভাৱে এইবেলি বিটিআৰৰ পৰাও হিংসা–ভাবুকি, অশান্তিৰ বাতৰি নাই৷ এসময়ৰ সন্ত্রাসজর্জৰ অঞ্চলটোত আজি কি শাসক, কি বিৰোধী, কি নির্দলীয় সকলোৱে কোনোধৰণৰ বাধাৰ সন্মুখীন নোহোৱাকৈ নির্বাচনী প্রচাৰ চলাই গৈছে৷ সঁচা কথা ক’বলৈ গ’লে, এতিয়াৰ অসমখন যেন এখন নতুন অসম৷ যিখন অসম কিছুবছৰ আগলৈকে অসমপ্রেমীৰ বাবে মাথোঁ প্রার্থনাতে সীমাবদ্ধ হৈ আছিল, আজি সেয়া বাস্তৱ হৈ পৰিছে৷ শান্তিৰ অসম এতিয়া আৰু প্রার্থনা হৈ থকা নাই৷ ই এটা মধুৰ বাস্তৱ হৈ পৰিছে৷ এই শান্তিৰ হাতত ধৰিয়েই ৰাজ্যখনে প্রগতিৰ আকাশমুখী জখলাডালত উঠিব৷ ইতিমধ্যে সোণালী যাত্রাটো আৰম্ভ হৈছে৷ ইয়াক অনিৰুদ্ধ কৰিবলৈ অসমৰ জনসাধাৰণে শান্তি আৰু সম্প্রীতিক হিয়াৰ আমঠু কৰি ৰাখিব লাগিব৷ শান্তি আৰু সম্প্রীতিৰ বাবে সমর্পিত জীৱনবোৰ এইখন সমাজৰে৷ তেওঁলোক এই ভূমিৰেই সন্তান৷ একেদৰে অশান্তি আৰু সম্প্রীতি নষ্ট কৰিব বিচৰা লোকসকলো আমাৰ মাজৰেই৷ তেওঁলোকে আসৈ নাপালে, কথাবোৰ যুক্তিৰ তুলাচনীত তুলি ধৰিলে কোনেও কাকো বিপথে পৰিচালিত কৰিব নোৱাৰে৷ সময়বোৰো অস্থিৰ-অশান্ত হৈ নপৰে৷
নির্বাচনী প্রচাৰৰ কালছোৱাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সততে উল্লেখ কৰা কথা এষাৰ হৈছে- তেওঁৰ মুখ্যমন্ত্রিত্বৰ কালত অর্থাৎ বিগত বছৰত কোনেও অসম বন্ধ দিয়া নাই, কোনেও আন্দোলন কৰা নাই৷ ইয়াৰ অর্থ এইটো নহয় যে ৰাজ্যখন সমস্যামুক্ত হৈ পৰিছে৷ যিবোৰ সমস্যা অথবা দাবীৰ ভিত্তিত ইমান দিনে আন্দোলন, অসম বন্ধৰ আহ্বান জনোৱা হৈছিল, সেইবোৰৰ সিংহভাগ একেই আছে৷ জনজাতিকৰণৰ সমস্যা, ষষ্ঠ অনুসূচীৰ দাবী বা আন অমীমাংসিত সমস্যা বা দাবী পূৰণৰ স্থিতি একেই আছে৷ সেয়াই নহয়, কোনেও একো দাবী পৰিত্যাগ কৰা নাই৷ মাথোঁ জনসাধাৰণৰ দৃষ্টিভংগী সলনি হৈছে৷ চৰকাৰৰ ওপৰত মানুহৰ আস্থা বাঢ়িছে৷ আন্দোলনৰ নেতৃত্বৰো চৰকাৰৰ ওপৰত বিশ্বাস বাঢ়িছে৷ লগতে বিকাশৰ প্রশ্ণটোত সকলো পক্ষৰ সমর্থন বাঢ়িছে৷ মানুহৰ বিকাশক লৈ নৱচেতনাৰ এই প্রকাশ অসমত নতুন৷ অৱশ্যে এইটোও নহয় যে পূর্বতে আন্দোলনৰ নেতৃত্ব বিকাশক লৈ দায়বদ্ধ নাছিল৷ অসমত সকলো আন্দোলনৰ মূলতে আছিল বিকাশহীনতা৷ কিন্তু আগেয়ে বিকাশৰ গতিধাৰাটোক সাময়িকভাৱে একাষৰীয়া কৰি সমাধানতে সকলো জোৰ দিয়া হৈছিল৷ বন্ধও দীঘলীয়াকৈ দিয়া হৈছিল৷ স্কুল–দলং জ্বলিছিল৷ অঞ্চলবোৰ অধিক পিছুৱাই গৈছিল৷ দেশৰ অন্যান্য অঞ্চল আগুৱাই গৈছিল৷ আজি কোনেও পিছপৰি থাকিব নিবিচাৰে৷ সমস্যাৰ সমাধানো লাগিব৷ বিকাশৰ গতিও বাধাগ্রস্ত হ’ব নালাগিব৷ কিন্তু বিকাশৰ ভাগ যদি অকণো নাপায়? অসমত আজি সেই পৰিৱেশ নাই৷ ৰাজ্যখনৰ বর্তমানৰ ৰাজনৈতিক নেতৃত্ব সকলোৰে উন্নতিৰ হকে দায়বদ্ধ৷ সেয়ে ৩ বছৰে আন্দোলন নাই৷ আছে আস্থাৰ পৰিৱেশ৷ যিয়ে এই পৰিৱেশ নির্মাণ কৰিছে, তাক ধৰি ৰখাৰ দায়িত্বও তেওঁৰেই৷ তেতিয়াহে অসম দেশৰ শীর্ষ পাঁচৰ এখন ৰাজ্য হ’ব৷

Featured