কচুতলীয়ে যি ক’লে

সোণাপুৰৰ কচুতলীত ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ শেহতীয়াকৈ স্থগিত ৰখা হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰলৈকে উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ দিয়া নির্দেশৰ পৰিপ্রেক্ষিতত জিলা প্রশাসনে অভিযান স্থগিত ৰাখে৷ অৱশ্যে অবৈধ দখলকাৰীৰ ক্ষেত্রত নহয়, ম্যাদী পট্টাধাৰী লোককহে উচ্ছেদ অভিযানৰ লক্ষ্য কৰি নল’বলৈ কোৱা হৈছে৷ জিলা প্রশাসনে জনজাতীয় বেষ্টনীৰ ভূমি ত্যাগ কৰিবলৈ জাৰি কৰা জাননী কিছুসংখ্যক ম্যাদী পট্টাৰ ভূমিত বসবাস কৰা পৰিয়ালকো দিয়া হৈছিল বুলি অভিযোগ উঠিছে৷ তেওঁলোকে চৰকাৰী জাননীৰ বৈধতাক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত আদালতে বিষয়টো বিবেচনা কৰি উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ নির্দেশ দিয়ে৷ তাৰেই পৰিপ্রেক্ষিতত এতিয়া আপাততঃ কচুতলী শান্ত৷ অঞ্চলটোৰ কোনো অংশতেই শেহতীয়াকৈ চলা নাই চৰকাৰী বুলড’জাৰ৷ কোনো পৰিয়ালৰেই ঘৰত জিলা প্রশাসনৰ হাতুৰীৰ কোব পৰা নাই৷ ইয়াৰে দুদিনমান পূর্বলৈকে চলা উচ্ছেদ অভিযান আক্ষৰিক অর্থতেই আছিল ঐতিহাসিক৷ সোণাপুৰ অঞ্চলৰ কচুতলী নামৰ ভূখণ্ডটোৰ পূর্বে ৰাজ্যখনত জনজাতীয় বেষ্টনী আৰু ব্লকৰ বেদখলীকৃত ভূমিত উচ্ছেদ অভিযান চলাৰ নিকট অতীতত নজিৰ নাই বুলিয়েই ক’ব পাৰি৷ কোনো এখন চৰকাৰে জনজাতীয় ব্লক আৰু বেষ্টনীৰ ভূমিত বছৰ বছৰ ধৰি চলি থকা অবৈধ দখলক লৈ বাস্তৱিকতে মূৰ ঘমোৱা নাছিল৷ ১৯৯৩ চনত বর্তমানৰ বিটিআৰ অঞ্চলৰ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ভূটান সীমান্তৱর্তী অঞ্চলত সংঘটিত গোষ্ঠী সংঘাতো আছিল মূলতঃ ভূমিৰ অধিকাৰক লৈ৷ বড়োবাজাৰ আৰু চিদলী উন্নয়ন খণ্ডৰ অন্তর্গত অঞ্চলটোৰ পৰা সেই সময়ছোৱাত শ শ ধর্মীয় সংখ্যালঘু বিতাড়িত হৈছিল৷ তেতিয়া এটা কথা স্পষ্ট হৈছিল যে ৰাজ্যখনৰ জনজাতীয় খণ্ড আৰু বেষ্টনীৰ ভূমি সন্দেহজনক তথা চৰকাৰী বিধি অনুসৰি বসবাসৰ অযোগ্য লোকেৰে ভৰি আছে৷ সেই সময়তে ৰাজ্য চৰকাৰে বিষয়টো অধ্যয়ন কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিলে আজি জনজাতীয় উন্নয়ন খণ্ড আৰু বেষ্টনীৰ লোকে ‘আমাৰ ভূমি আমাৰ অধিকাৰ’ ধ্বনি দি ৰাজপথলৈ ওলাই আহিবলগীয়া নহ’লহেঁতেন৷ জনজাতীয় ব্লক আৰু বেষ্টনীৰ ভূমিত ব্যাপক হাৰত হৈ থকা অবৈধ দখলত প্রতিখন চৰকাৰে চকু–কাণ মুদি থাকিল৷ চকু–কাণ মুদি থকা বুলি ক’লে সত্যৰ অপলাপ কৰা হ’ব৷ সেই বেদখল আছিল ৰাজনৈতিকভাৱে মুনাফা অর্জনৰ এটা আহিলা৷ জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হৈ থকাতকৈ ৰাজনৈতিকভাৱে মুনাফা অর্জনৰ ভেটিটোহে শক্তিশালী আৰু সুৰক্ষিতকৰণত গুৰুত্ব দিয়া হৈছিল৷ কচুতলীৰ জনজাতীয় বেষ্টনীৰ ভূমিতো একেই ঘৃণনীয় ৰাজনৈতিক চক্রান্ত চলিছিল৷ ইয়াৰ ব্যতিক্রমে জনজাতীয় বেষ্টনীৰ ভূমিত এজনো সন্দেহযুক্ত লোক তথা অখিলঞ্জীয়া লোকে বসবাস কৰাটো দূৰৈৰ কথা, চকুপর্যন্ত দিব নোৱাৰিলেহেঁতেন৷ চৰকাৰৰ নির্লিপ্ততা অবিহনে জনজাতিৰ বাবে সংৰক্ষিত ভূমিত আন লোকে মাটি এচপৰাও পেলাব নোৱাৰে৷ আইনী ৰক্ষাকৱচ সিমানেই শক্তিশালী৷ কিন্তু জনজাতীয় ব্লক আৰু বেল্টৰ ভূমি কাংক্ষিত ধৰণে সুৰক্ষিত হৈ নাথাকিল৷ এটা জনজাতীয় সমাজখনত জনসংখ্যা সিমান নাছিল৷ ভূমিৰ ওপৰত সিমান চাপো পৰা নাছিল৷ তেতিয়াই এজন–দুজনকৈ লোকৰ জনজাতীয় ব্লক আৰু বেষ্টনীৰ ভূমিলৈ গমন ঘটে৷ কিন্তু যেতিয়াৰ পৰা সন্দেহজনক নাগৰিকৰ জনজাতিৰ বাবে সংৰক্ষিত ভূমিত বেদখল আৰম্ভ হয়, এবিঘা–দুবিঘা নহয়, পথাৰৰ হিচাপ বেদখলকাৰীৰ হাতলৈ ভূমি যাবলৈ আৰম্ভ হয়৷ কম সময়ৰ ভিতৰতে সন্দেহজনক নাগৰিকৰ বৃহৎ বৃহৎ গাঁও গঢ় লৈ উঠে৷ যিবোৰ ৰাজনৈতিক দল তথা নেতা–পালিনেতাই জনজাতীয় ব্লক–বেষ্টনীৰ ভূমিত এটা বিশেষ জনসমষ্টিক বেদখলত উদগনি যোগায়, সেইবোৰেই পিছলৈ নকৈ গঢ়ি উঠা গাঁও অথবা বস্তিলৈ চৰকাৰী সুবিধা লৈ যোৱাত আগভাগ লয়৷ যিসকলে কচুতলীক কাষৰ পৰা দেখিছে, তেওঁলোকে ভাবিবই নোৱাৰে যে জনজাতীয় বেষ্টনীৰ ভূমিত বসবাসৰ অযোগ্য লোকে কিদৰে এইদৰে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়৷ চৰকাৰ–প্রশাসন অন্ধ হ’লেহে তেনে কচুতলী সম্ভৱ৷
অসমত জনজাতীয় ব্লক আৰু বেষ্টনীৰ ভূমি সুৰক্ষিত কৰি ৰখাত কংগ্রেছৰ এটা ঐতিহাসিক দায়িত্ব আছিল বা আছে৷ দলটো শাসনত থকা সময়তহে লোকপ্রিয় গোপীনাথ বৰদলৈৰ দূৰদর্শী চিন্তাৰ বাবে অসমত জনজাতীয় ব্লক আৰু বেল্ট গঠন কৰা হৈছিল৷ ইয়াৰ দ্বাৰা ভাৰতৰত্ন বৰদলৈ আৰু তদানীন্তন কংগ্রেছ নেতৃত্বই কি বিচাৰিছিল, সেয়া সহজে অনুমেয়৷ ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ মহান চিন্তাধাৰাক সন্মান জনাই হ’লেও কংগ্রেছে জনজাতীয় বেল্ট আৰু ব্লকৰ ভূমি সুৰক্ষিত কৰি ৰখা জাগ্রত প্রহৰীৰ দৰে কাম কৰিব লাগিছিল৷ কিন্তু পাপীৰ পিঠাত মনৰ দৰে পৰৱর্তীকালৰ কংগ্রেছ নেতৃত্বৰ মন ভোট হৈ পৰাত বলিৰ পঠা হৈ পৰিল জনজাতীয় ব্লক–বেষ্টনীৰ ভূমি৷ ৰাজ্যখনত সুদীর্ঘকাল শাসনত থকা দলটোৱেই প্রকৃতার্থত জনজাতীয় ব্লক আৰু বেষ্টনীৰ ভূমিত ব্যাপক হাৰত হোৱা বেদখলৰ বাবে জগৰীয়া৷ কংগ্রেছে নিজৰ দায়িত্ব পালন কৰাহেঁতেন, অসমৰ কোনো এটা জনজাতীয় ব্লক আৰু বেষ্টনীৰ ভূমি অবৈধ দখলকাৰীৰ হাতলৈ নগ’লহেঁতেন৷ সম্ভৱপৰেই নহয়৷ সন্দেহজনক নাগৰিক বহু দূৰৈৰ কথা৷ কিন্তু অন্তকাললৈ অসম শাসনৰ লালসাৰ বাবেই আজি ৰাজ্যখনৰ জনজাতীয় ব্লক–বেষ্টনীৰ ভূমি কচুতলীসদৃশ হৈ পৰিল৷ কংগ্রেছৰ এনে অসমবিনাশী নীতিৰ বিপৰীতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে সাহসিকতা আৰু দৃঢ়তাৰ পৰিচয় দি অসমত অবৈধ দখলকাৰীক উচ্ছেদৰ ক্ষেত্রত এটা নতুন ইতিহাস ৰচনা কৰিলে৷ মাথোঁ কেইদিনমানৰ ভিতৰতে কচুতলীৰ পৰা সন্দেহজনক নাগৰিক টালি–টোপোলা বান্ধি আঁতৰিবলগীয়া হ’ল৷ জনজাতীয় বেষ্টনীৰ শ শ বিঘা ভূমি উদ্ধাৰ হ’ল৷ আইনী জটিলতাৰ বাবে কিছু পৰিমাণৰ ভূমিত উচ্ছেদ অভিযান হয়তো নচলিব৷ সামগ্রিকভাৱে কচুতলীত জনজাতীয় লোকে দীর্ঘদিন ধৰি চলাই থকা ভূমিৰ অধিকাৰৰ সংগ্রামখনে জয়লাভৰ মুখ দেখিলে৷ লগতে প্রতিপন্ন হ’ল যে জনসাধাৰণৰ যুক্তিপূর্ণ অধিকাৰৰ দাবী পূৰণত চৰকাৰ দৃঢ় সংকল্পবদ্ধ হৈ থাকিলে সকলো কাম সিদ্ধি হয়৷ কচুতলীত চৰকাৰে জনজাতীয় বেষ্টনীৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চলোৱা অভিযানটোৱে ৰাজ্যখনৰ ভাবীকালৰ ৰাজনীতি আৰু সমাজ জীৱনত গুৰুত্বপূর্ণ প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে৷ ২০ ছেপ্টেম্বৰত ‘খিলঞ্জীয়াৰ ৰণহুংকাৰ’ শীর্ষক প্রতিবাদী কার্যসূচী এটা ডিমৰীয়াত ৰূপায়ণ হয়৷ প্রতিবাদী কার্যসূচীটোত ডিমৰীয়া অঞ্চলৰ ভূমিপুত্র, খিলঞ্জীয়া লোকে অংশগ্রহণ কৰি অসমবাসীলৈ বার্তা এটা প্রেৰণ কৰে৷ আন্দোলনটোৰ নেতৃত্ব আছিল ভূমিপুত্র আৰু খিলঞ্জীয়াক প্রতিনিধিত্ব কৰা সংগঠন৷ অর্থাৎ অসমত আহি থকা দিনবোৰত ভূমিৰ অধিকাৰক লৈ সকলো ভূমিপুত্র আৰু খিলঞ্জীয়াৰ অংশীদাৰিত্বৰে সংগ্রাম এখনে মুখ দেখিব পাৰে৷ মূল কথাটো হৈছে, ভূমিৰ অধিকাৰক লৈ ৰাজ্যখনৰ ভূমিপুত্র আৰু খিলঞ্জীয়া জনগণ সজাগ আৰু সতর্ক হোৱা দৰকাৰ৷ যিটো হাৰত অসমৰ ভূমিত সন্দেহজনক নাগৰিকৰ আগ্রাসন বৃদ্ধি পাবলৈ ধৰিছে আৰু পৰিকল্পিত তথা সংগঠিত অপৰাধেৰে ভূমিপুত্র আৰু খিলঞ্জীয়াক ৰঙাচকু দেখুৱাবলৈ আৰম্ভ কৰা হৈছে, সিয়ে এদিন ৰাজ্যখন মৌলবাদী–জেহাদীৰ ক্রীড়াভূমিত পৰিণত কৰিব৷ নিজৰ ভূমিতে অর্থাৎ আপোন ঘৰতে গৃহস্থ হৈ পৰিব গোলাম৷ প্রতিৱেশী ৰাষ্ট্র এখনত ইয়াৰ আখৰা ইতিমধ্যে আৰম্ভ হৈছে৷ ৰাজনৈতিক পট পৰিৱর্তনৰ সমান্তৰালকৈ ভাৰতবিৰোধী অপশক্তিৰ প্রতিদিনে উত্থান ঘটিবলৈ ধৰিছে৷ কাৰাগাৰৰ পৰা জেহাদী–মৌলবাদী সংগঠনৰ এনে নেতাক মুকলি কৰি দিয়া প্রক্রিয়া আৰম্ভ হৈছে, যিয়ে শয়নে–সপোনে উত্তৰ–পূব ভাৰতত ইছলামিক ৰাষ্ট্র প্রতিষ্ঠা হোৱাটো কামনা কৰে৷ তাত অসমত বসবাস কৰি থকা সন্দেহজনক নাগৰিকৰ যিমানেই অংশীদাৰিত্ব বাঢ়িব, ৰাজ্যখনৰ ভূমিপুত্র তথা খিলঞ্জীয়াৰ সংকট সিমানেই গভীৰ হৈ পৰিব৷ এই ছেগতে কচুতলীত চৰকাৰে চলোৱা উচ্ছেদৰ বিৰোধিতা কৰাসকলকো চিনি থোৱা দৰকাৰ৷ কংগ্রেছ দলটো জনজাতীয় ব্লক–বেল্টৰ স্রষ্টা৷ কিন্তু দলটোৱে কচুতলীৰ উচ্ছেদৰ বিৰোধিতা কৰিছে৷ এআইইউডিএফো উচ্ছেদৰ বিৰোধী৷ দল দুটাই অসমত এটা বিশেষ জনসমষ্টিৰ গাত সামান্যতমো আঁচোৰ পৰিবলৈ নিদিয়ে৷ বিশেকৈ নাগৰিকত্বৰ বৈধতাক লৈ সন্দেহৰ অৱকাশ থাকিলে সকলো একাষৰীয়া কৰি জঁপিয়াই পৰে৷ এইটো অনাগত দিনৰ অসমৰ বাবে শুভ নহয়৷ অসমক লৈ বিভিন্ন পক্ষ ষড়যন্ত্রত লিপ্ত হৈ আছে৷ তালিকাখনত কংগ্রেছৰ কোনো অংশও থাকিব পাৰে৷ চকু–কাণ মুকলিকৈ ৰখা দৰকাৰ৷

Featured